মালীপাৰা, অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৪৪ কিল’মিটাৰ পশ্চিমে কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও৷ এই মালীপাৰাতে সংহত শিশু উন্নয়ন প্ৰকল্প (ICDS) ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ তত্ত্বাৱধানত কেইমাহমানৰ পূৰ্বে এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল৷ নৱনিৰ্মিত এই কেন্দ্ৰটো হৈছে বিগত কিছুবছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পূৰ্বৰ কেন্দ্ৰটোৰ এক উন্নীত সংস্কৰণ৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১৫ আগষ্টত ৰাজ্যজুৰি ভাৰ্চুৱেলী উদ্বোধন কৰা প্ৰায় ৩ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত এই কেন্দ্ৰটো হৈছে অন্যতম৷
অংগনৱাড়ী কৰ্মী মিনতি দাসে অসম বাৰ্তাক কয়, “পূৰ্বৰ অংগনৱাড়ী কেন্দ্ৰটোত আইচিডিএছ আঁচনিখন সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ পৰ্যাপ্ত সুবিধা নাছিল৷ এতিয়া সেই সুবিধাসমূহ লাভ কৰাৰ ফলত যোৱা তিনিমাহত শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে৷”
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (পিএমএমভিৱাই) আঁচনিৰ হিতাধিকাৰী মনীষা দাসে কয় যে তেওঁৰ লগতে অন্যান্য মহিলাসকলে তেওঁলোকৰ নিজ নিজ গৰ্ভাৱস্থাৰ সময়ছোৱাত কেন্দ্ৰটোৰ পৰা যথেষ্ট সহায় লাভ কৰিছিল৷ মনীষা দাসে এই কেন্দ্ৰটোতে তেওঁৰ ৪ বছৰীয়া পুত্ৰ মাধুৰ্যৰ নামভৰ্তি কৰিছে৷
“আমি অংগনৱাড়ী কেন্দ্ৰটোৰ জৰিয়তে পিএমএমভিৱাই আঁচনিৰ বিষয়ে জানিবলৈ পাইছিলোঁ৷ আইচিডিএছৰ উপৰি তেওঁলোকে আমাক পিএমএমভিৱাই আঁচনিৰ অধীনত প্ৰসূতি সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল,” তেওঁ কয়৷
আইচিডিএছ আৰু পিএমএমভিৱাই এই দুয়োখন আঁচনিৰ ৰূপায়ণ কৰ্তৃপক্ষ হৈছে সমাজ কল্যাণ বিভাগ আৰু দুয়োখন আঁচনিয়ে এই অংগনৱাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে ৰূপায়ণ কৰা হয়৷
“আমি আইচিডিএছৰ অধীনত আমাৰ নিৰ্ধাৰিত হিতাধিকাৰীসকলক সময়মতে সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছোঁ৷ গাঁৱৰ লোকসকল বিশেষকৈ মহিলাসকলৰ পূৰ্বৰ মনোভাব সলনি হোৱা দেখিবলৈ পোৱা গৈছে৷ তেওঁলোকে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ এতিয়া আৰু কুণ্ঠাবোধ নকৰে৷ বৃহত্তৰ ৰামপুৰ অঞ্চলত মোৰ অধীনস্থ সকলো কেন্দ্ৰতে যোৱা কেইমাহমানৰ পৰা ইয়াৰ প্ৰমাণ লাভ কৰিছোঁ৷ এই আঁচনিসমূহ সম্পৰ্কে তেওঁলোক সজাগ,” ৰামপুৰ আইচিএছডি ব্লকৰ আইচিডিএছৰ তত্ত্বাৱধায়ক পদ্মশ্ৰী দেৱীয়ে কয়৷
৬ মাহৰ পৰা ৬ বছৰ বয়সৰ সকলো শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকল আইচিডিএছ আঁচনিৰ অধীনত অংগনৱাড়ী কেন্দ্ৰৰ সেৱাসমূহ লাভ কৰাৰ বাবে যোগ্য৷
১৯৭৫ চনত সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনত আৰম্ভ কৰা অংগনৱাড়ী সেৱাৰ উদ্দেশ্যসমূহ আছিল– (ক) ০-৬ বছৰ বয়সৰ শিশুৰ পুষ্টি আৰু স্বাস্থ্যৰ অৱস্থা উন্নত কৰা (খ) শিশুৰ সঠিক মানসিক, শাৰীৰিক আৰু সামাজিক বিকাশৰ ভেটি স্থাপন কৰা (গ) মৃত্যু, ৰোগ, পুষ্টিহীনতা আৰু বিদ্যালয় বাদ দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰা (ঘ) শিশুৰ বিকাশৰ বাবে বিভিন্ন বিভাগসমূহৰ সহযোগত নীতি-নিৰ্দেশনাসমূহ সফলভাৱে ৰূপায়ণ কৰা আৰু (ঙ) শিশুৰ স্বাভাৱিক স্বাস্থ্য আৰু পুষ্টিৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সঠিক পুষ্টি আৰু স্বাস্থ্য শিক্ষাৰ জৰিয়তে মাতৃসকলক সবল কৰি তোলা৷
কামৰূপ জিলাৰ পলাশবাৰীস্থিত চায়ানী বৰদুৱাৰ আইচিডিএছ প্ৰকল্পৰ অধীনত থকা কইতাসিধি মডেল অংগনৱাড়ী কেন্দ্ৰতো এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ’ল৷ কেন্দ্ৰটোৰ দেৱালত পাতল গোলাপী আৰু হালধীয়া ৰং ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত ফল-মূল, শাক-পাচলি, ফুল, দিন আৰু মাহৰ নামৰ লগতে অন্যান্য প্ৰয়োজনীয় তথ্যসমৃদ্ধ ফলকসমূহ সুন্দৰকৈ আঁৰি থোৱা হৈছে৷ খেলনা আৰু শিক্ষণ সঁজুলিবোৰ পাছফালে পৰিপাটিকৈ সজাই থোৱা আছে আৰু এটা কোণ বিজ্ঞানাগাৰ হিচাপে নিৰ্মাণ কৰা হৈছে৷
কইতাসিধিৰ এই কেন্দ্ৰটোৰ পৰাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অংগনৱাড়ী কেন্দ্ৰসমূহ ভাৰ্চুৱেলী উদ্বোধন কৰিছিল৷
“পূৰ্বৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ তুলনাত এই আদৰ্শ কেন্দ্ৰসমূহত উন্নত সুবিধা আছে৷ ইয়াত সপ্তাহৰ প্ৰতিটো দিনতে বিদ্যুৎ আৰু পানীৰ সুবিধা লাভ কৰিব পাৰি৷ আমাৰ অংগনৱাড়ী কৰ্মীসকলে আইচিডিএছ ৰূপায়ণৰ বাবে উন্নত প্ৰশিক্ষণ লাভ কৰিছে৷ কেন্দ্ৰটোত শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশকে ধৰি সকলোধৰণৰ যত্ন লোৱা হয়,” চায়ানী বৰদুৱাৰ আইচিডিএছ প্ৰকল্পৰ চিডিপিঅ’ গুলছানাৰা জান্নাতে কয়৷
“এই কেন্দ্ৰটোত ৪০খন আসন আছে আৰু সকলো আসনেই বৰ্তমান পূৰ্ণ হৈ আছে,” অংগনৱাড়ী কৰ্মী ভাৰতী দেৱীয়ে কয়৷
প্ৰতি ছেপ্টেম্বৰ মাহত উদযাপন কৰা কেন্দ্ৰ চৰকাৰৰ অভিলাষী আঁচনি পোষণ (POSHAN)ৰ ৰূপায়ণৰ ক্ষেত্ৰতো অংগনৱাড়ী কেন্দ্ৰসমূহে মুখ্য ভূমিকা পালন কৰি আহিছে৷
বঙৰা জয়পুৰ গাঁৱৰ বিজুলী দাস পিএমএমভিৱাইৰ এগৰাকী হিতাধিকাৰী৷ তেওঁ কইতাসিধি কেন্দ্ৰত নিজৰ তিনি বছৰীয়া কন্যা সন্তানক নামভৰ্তি কৰোৱাইছে৷ তেওঁ কয়, “ইয়াত শিশুসকলক পুষ্টিকৰ খাদ্য যোগান ধৰা হয়৷ অংগনৱাড়ী কৰ্মীসকলে কেন্দ্ৰটোত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখে৷ গৰ্ভৱতী মহিলাসকলৰ মাজত খাদ্যৰ বৈচিত্ৰ্য আৰু পাত শাকৰ গুৰুত্বৰ বিষয়েও সজাগতা অভিযান চলোৱা হয়৷”
গুৱাহাটীৰ পৰা ৪৫ কিল’মিটাৰ উত্তৰে অৱস্থিত বেজেৰাত সমাজ কল্যাণ বিভাগে পূৰ্বৰ অংগনৱাড়ী কেন্দ্ৰটোক আদৰ্শ অংগনৱাড়ী কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে৷
“অঞ্চলটোৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ ৬ বছৰৰ তলৰ শিশুসকলক এই কেন্দ্ৰটোত নামভৰ্তি কৰোৱা হৈছে৷ আমি সুখী যে আদৰ্শ কেন্দ্ৰটো উদ্বোধন কৰাৰ পাছত আমি আইচিডিএছৰ অধীনত শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলক সঠিকভাৱে সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ,” বেজেৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ অংগনৱাড়ী ৰেণুকা ডেকাই কয়৷
প্ৰতিটো কেন্দ্ৰতে পোষণ বাটিকা (শাক-পাচলিৰ বাগিচা)ৰ উন্নয়ন বাধ্যতামূলক কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হ’ল গৰ্ভৱতী মহিলা আৰু ৬ বছৰৰ তলৰ শিশুৰ খাদ্যৰ বৈচিত্ৰ্য বৃদ্ধি কৰা৷
প্ৰতিটো শিশু, তেওঁলোকৰ যত্ন লোৱা অভিভাৱক (মাতৃ), কিশোৰীৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা বিশেষকৈ শৌচাগাৰ ব্যৱহাৰ আৰু চাবোনেৰে হাত ধোৱা (শৌচাগাৰ ব্যৱহাৰৰ পাছত আৰু খাদ্য খোৱাৰ আগতে) আদি অভ্যাসৰ ক্ষেত্ৰত অংগনৱাড়ীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷
বেজেৰা আইচিডিএছ প্ৰকল্পৰ চিপিডিঅ’ প্ৰীতিষা কলিতাই কয় যে যিহেতু শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ভেটি অংগনৱাড়ী কেন্দ্ৰতেই গঢ় লৈ উঠে সেয়েহে এই কেন্দ্ৰসমূহত উপযুক্ত আন্তঃগাঁথনিৰ প্ৰয়োজন৷