দুটা মধ্যবিত্ত পৰিয়ালৰ সন্তান- বজালী জিলাৰ পাঠশালাৰ প্ৰণৱজ্যোতি তালুকদাৰ আৰু তিনিচুকীয়াৰ বৰগুৰিৰ দেৱৰাজ সিংহই প্ৰতিষ্ঠিত কৰ্প’ৰেট খণ্ডৰ গুৰুত্বপূৰ্ণ পদৰ চাকৰি কৰি আছিল ৰাজ্যৰ বাহিৰত৷ এবাৰ চিনাকি হোৱাৰ পাছত দুয়োৰে যে একেটাই সপোন সেয়াও তেওঁলোকে অনুভৱ কৰিলে৷ গতিকে, দুয়ো মিলি নিজে কিবা এটা কৰাৰ বাবে মনতে টঙালি বান্ধিলে৷ তেওঁলোকে যেতিয়া এই কথা ব্যৱসায়ৰ সৈতে দূৰ দূৰলৈ সম্পৰ্ক নথকা নিজ নিজ পৰিয়ালক জনালে, স্বাভাৱিকতে সকলো হতভম্ভ হৈ পৰিল৷ কিন্তু, সপোন পূৰণ কৰাৰ তাড়না যেতিয়া তীব্ৰতৰ হৈ উঠে, তেতিয়া আন সকলো কাৰক হৈ পৰে গৌণ৷
প্ৰণৱ আৰু দেৱৰাজে ভাবিলে যে কৰ্প’ৰেট খণ্ডত উচ্চ পদত অধিষ্ঠিত হৈ দেশ-বিদেশত কাম কৰিলেও এদিন নিজৰ জন্মস্থানলৈ উভতি আহিবই লাগিব৷ গতিকে, দুয়ো মিলি থিৰাং কৰিলে যে নিজৰ কৰ্মস্থানৰ পৰা অব্যাহতি লৈ তেওঁলোকে অসমতে নিজৰ সপোন পূৰণৰ বাবে উভতি আহিব৷ দৃঢ় মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ বলত ক্ৰমান্বয়ে তেওঁলোকৰ সপোনে ‘ন’বেল টেক্সটাইলছ’ নামেৰে বাস্তৱ ৰূপ পালে৷
“২০১৮ চনত ‘এডভাণ্টেজ আছাম- −গ্ল’বেল ইনভেছষ্টৰ্ছ ছামীট’ত অংশগ্ৰহণ কৰা টিটি লিমিটেড নামৰ প্ৰতিষ্ঠানটোক অসম চৰকাৰে অসমলৈ আহি উৎপাদন কৰাৰ বাবে আহ্বান জনাইছিল৷ ইয়াৰ বাবে তেওঁলোকক স্থানীয় উদ্যমীৰ প্ৰয়োজন হৈছিল, যিয়ে তেওঁলোকৰ উৎপাদন গোটটোক চম্ভালিব পাৰে৷ তেতিয়াৰেপৰা আমি প্ৰতিষ্ঠানটোৰ ফ্ৰেঞ্চাইজী হিচাপে কাম কৰাৰ লগতে নিজা উৎপাদনো অব্যাহত ৰাখিছোঁ,” প্ৰণৱজ্যোতি তালুকদাৰে অসম বাৰ্তাক কয়৷
প্ৰথমাৱস্থাত ন’বেল টেক্সটাইলছে টিটি লিমিটেডৰ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পশ্চিম বংগ আৰু বিহাৰৰ বাবে সকলো ধৰণৰ বস্ত্ৰসম্ভাৰ প্ৰস্তুত কৰিছিল৷ তাৰ পাছত তেওঁলোকৰ নিজৰ ব্ৰেণ্ডৰ বিভিন্ন ধৰণৰ টি-ছাৰ্ট, চোলা ইত্যাদি চাহিদা অনুসৰি ন’বেল টেক্সটাইলছে বিভিন্ন বজাৰত যোগান ধৰি আহিছে৷
তালুকদাৰে কয়, “লাহে লাহে টি-ছাৰ্টৰ পৰা আমি স্কুল ইউনিফৰ্মলৈ আহিলোঁ৷ লগতে এটা ছপা যন্ত্ৰ (প্ৰিণ্টিং ছেট-আপ)এটাও স্থাপন কৰিলোঁ৷ এইটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো এনে ছপাযন্ত্ৰ য’ত ফুল ব’ডী ছাব্লিমেশ্বন, স্ক্ৰীন প্ৰিণ্টিং আৰু টি-ছাৰ্ট প্ৰিণ্টিঙৰ বাবে যিসমূহ সুবিধাৰ প্ৰয়োজন সেই সকলো ব্যৱস্থা সন্নিৱিষ্ট আছে৷”
ন’বেল টেক্সটাইলছৰ আন এগৰাকী অংশীদাৰ দেৱৰাজ সিংহই কয়, “২০২০ চনৰ মাৰ্চত যেতিয়া ক’ভিড অতিমাৰী আহিল, আমি অলপ অসুবিধাৰ সন্মুখীন হ’লোঁ৷ তেতিয়া মাস্কৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাত আমি এমাহমান মাস্ক তৈয়াৰ কৰিলোঁ৷ পিপিই কীটৰ চাহিদাও বৃদ্ধি পাইছিল যদিও তেতিয়া আমাৰ ওচৰত তাৰ গুণাগুণ নিৰ্ণয়ৰ বাবে কোনোধৰণৰ প্ৰমাণপত্ৰ নাছিল৷ আমি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিছাৰ্চ এছ’চিয়েশ্যন (SITRA) আৰু আন কেইবাটাও সংস্থাৰপৰা প্ৰমাণপত্ৰ লৈ জুন মাহৰপৰা পিপিই কীট বনাবলৈ আৰম্ভ কৰিলোঁ৷ দুয়োটা ক’ভিড লকডাউন মিলাই প্ৰায় ৮০ হাজাৰ পিপিই কীট আমি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলোঁ৷ আমাৰ এই প্ৰতিষ্ঠানটোৰ জৰিয়তে প্ৰায় ১০০টা পৰিয়ালে উপাৰ্জনৰ পথ বিচাৰি পাইছে৷”
২০২০ চনৰেপৰা ন’বেল টেক্সটাইলছত কৰ্মৰত ৰেখা বড়োৱে অসম বাৰ্তাক কয়, “মই ইয়াত কাম কৰি বৰ ভাল পাইছোঁ৷ কিয়নো ইয়াত উৎপাদনৰ মান উন্নত কৰাৰ দিশত গুৰুত্ব দিয়া হয়৷ ইয়াত কাম কৰি মই নিজৰ পৰিয়ালকো আৰ্থিকভাৱে কিছু সকাহ আগবঢ়াব পাৰিছোঁ৷”
প্ৰণৱে কয়, “ব্যৱসায়ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ বিচৰাসকলে এটা কথা মনত ৰখা উচিত যে কোনো ব্যৱসায়ৰ উত্থানৰ বাবে সময়ৰ প্ৰয়োজন৷ প্ৰথম অৱস্থান বিনিয়োগৰ পাছত আমি লাভ আহৰণ কৰালৈকে যথেষ্ট সময় আৰু ধৈৰ্যৰ প্ৰয়োজন হৈছিল৷ সময়ৰ সৈতে নতুন নতুন চিন্তাও আগবঢ়াই লৈ যাব লাগিব৷” তেওঁ লগতে কয়, “ভৱিষ্যতে ন’বেল টেক্সটাইলছৰ জৰিয়তে অসম আৰু অসমৰ বাহিৰত আমাৰ ফ্ৰেঞ্চাইজী খুলিবলৈ বিচাৰোঁ৷ তাৰ লগতে উন্নতমানৰ কাপোৰৰ যোগান উপলভ্য কৰাৰ বাবে নিজাববীয়াকৈ উৎপাদন কৰিব পাৰোঁ তাৰ পৰিকল্পনা এটা আমাৰ আছে৷”
প্ৰণৱ তালুকদাৰ আৰু দেৱৰাজ সিংহৰ মতে বস্ত্ৰ উদ্যোগ বিশেষকৈ শিক্ষানুষ্ঠানৰ ইউনিফৰ্মৰ খণ্ডটো বৃহৎ আৰু লাভজনক হোৱা সত্ত্বেও এতিয়াও এই দিশত অসম যথেষ্ট পিছপৰি আছে৷ এই খণ্ডটোৰ জৰিয়তে নতুন উদ্যোগ স্থাপন আৰু নিবনুৱা সমস্যা সমাধানৰ পথ প্ৰশস্ত হোৱাৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ খোজা অসমৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজ নিজ অঞ্চলত এনে ক্ষুদ্ৰ উৎপাদন গোট স্থাপন নিজে সংস্থাপিত হোৱাৰ লগতে আনকো কৰ্ম সংস্থাপনৰ বাট দেখুৱাব পাৰে৷