অসমত চিকিৎসা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ গৱেষণা প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি অসম চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (IIT-G)ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত ‘অসম এডভান্সড্ হেল্থকেয়াৰ ইন’ভেচন ইনষ্টিটিউট’ (AAHI) নামেৰে ৩৫০খন বিছনাযুক্ত এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়৷
অসম চৰকাৰে বুজাবুজি চুক্তিখনৰ অংশস্বৰূপে প্ৰকল্পটোৰ বাবে ৫৪৬ কোটি টকাৰ অনুমোদন আগবঢ়োৱাৰ লগতে IIT-Gয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি আৰু বিজ্ঞতা আগবঢ়াব৷
‘‘অসম চৰকাৰ আৰু আই আই টি গুৱাহাটীৰ এই যৌথ পদক্ষেপটি যিকোনো ৰাজ্যৰ চৰকাৰ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজৰ প্ৰথম প্ৰচেষ্টা হিচাপে পৰিগণিত হৈছে৷ যদিও আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহে মূলতঃ চিকিৎসাৰ দিশবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, এই নতুন প্ৰতিষ্ঠানটোৱে চিকিৎসা ক্ষেত্ৰত প্ৰযুক্তি আৰু গৱেষণাৰ নতুন উদ্ভাৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব”, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷
নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত AAHI-এ চিকিৎসাবিজ্ঞানৰ বিভিন্ন শাখাত গৱেষণা আৰু উদ্ভাৱনীমূলক কাৰ্য আৰম্ভ কৰিব, ফলত আগন্তুক সময়ত ভাৰতৰ চিকিৎসা প্ৰযুক্তিৰ উদ্যোগটো অধিক সম্প্ৰসাৰিত হ’ব৷ অসম চৰকাৰ আৰু IIT-Gৰ এই অংশীদাৰীত্বৰ ফলশ্ৰুতিত ডিএনবি, এমডি, পিএইছডি, এমএছ, এমডি পিএইছডি আদিৰ দৰে উচ্চ পৰ্যায়ৰ চিকিৎসা ডিগ্ৰী আগবঢ়োৱাৰ বাবে এটা গৱেষণা প্ৰতিষ্ঠান আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চিকিৎসা মহাবিদ্যালয় স্থাপনতো সহায় হ’ব৷
তদুপৰি, এই যৌথ প্ৰচেষ্টাই ষ্টেম চেল থেৰাপী, ডায়গন’ষ্টিক, থেৰাপিউটিক্স, আণৱিক জীৱবিজ্ঞান, ৰিজেনেৰেটিভ মেডিচিন আদিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে গৱেষণা সহযোগিতা বৃদ্ধি কৰাৰ বাবে অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান আৰু উদ্যোগ 4.0প্ৰযুক্তিৰ দৰে বিভিন্ন শাখাৰ একত্ৰীকৰণ সুনিশ্চিত কৰিব৷
পৰৱৰ্তী সময়ত, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে তিনিদিনীয়াকৈ আয়োজিত অসম বায়’টেক কনক্লেভ-২০২২ৰ লগতে আমিনগাঁৱৰ গুৱাহাটী বায়’টেক পাৰ্কত টেকন’ল’জী ইনকিউবেচন কেন্দ্ৰৰ উদ্বোধন কৰে৷