যোৱা ২৬ জুনত ‘নিবৃত্তি’ৰ পাছতে সামৰণি পৰা পবিত্ৰ অম্বুবাচী মেলাত এইবাৰ শক্তিপীঠ মা কামাখ্যা ধামত প্ৰায় আঠ লক্ষাধিক ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম হয়৷ ৰাজ্যখনে সন্মুখীন হোৱা অভাৱনীয় বান পৰিস্থিতিৰ বাবে এইবাৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ আয়োজন কৰা হয়৷ ক’ভিড-১৯ অতিমাৰীৰ বাবে ২০২০ আৰু ২০২১ চনত অনুষ্ঠিত নোহোৱা মেলাখন দুবছৰৰ বিৰতিৰ পাছত এইবাৰ অনুষ্ঠিত হয়৷
অতীজৰে পৰা চলি অহা ৰীতি-নীতি অনুসৰি যোৱা ২২ জুনত ‘প্ৰবৃত্তি’ৰ লগে লগে মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয়৷ ‘অম্বুবাচী’ত ‘অম্বু’ৰ অৰ্থ হৈছে পানী আৰু ‘বাচী’ৰ অৰ্থ হৈছে প্ৰকাশিত হোৱা বা পুষ্পিতা হোৱা৷ অৰ্থাৎ, এই মাহত বৰষুণে পৃথিৱীখনক উৰ্বৰ কৰি নতুন সৃষ্টিৰ বাবে সাজু কৰি তোলে৷ এই সময়ছোৱাত মন্দিৰৰ ভিতৰত দৈনিক উপাসনা স্থগিত ৰখা হয়৷
“মন্দিৰ দৰ্শন কৰা ভক্তসকলৰ বাবে নীলাচল পাহাৰৰ ওপৰত বিশেষ ব্যৱস্থা কৰা হৈছিল৷ অৱশ্যে, কোনো ব্যক্তিগত বাহনৰ প্ৰৱেশৰ বাবে বা ৰাজহুৱা পৰিবহণৰ অনুমতি দিয়া হোৱা নাছিল,’’ কামৰূপ (মহানগৰ)ৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে অসম বাৰ্তাক জনায়৷
পাণ্ডু ঘাট, মালিগাওঁ আৰু ফাঁচী বজাৰৰ পুৰণি জেইল চৌহদত ৩০, ০০০ কৈ ভক্ত থাকিব পৰা শৌচাগাৰৰ সুবিধাযুক্ত তিনিটা অস্থায়ী আৱাস নিৰ্মাণ কৰা হয়৷ কিছু বেচৰকাৰী সংগঠন আৰু বহুকেইজন সদাশয় ব্যক্তিয়ে চহৰখনৰ ভৰলুমুখ আৰু নাৰ্চাৰী অঞ্চলত সাধু-সন্যাসী আৰু তীৰ্থযাত্ৰীসকলৰ বাবে শিবিৰ স্থাপন কৰিছিল৷
মেলা অনুষ্ঠিত হোৱাৰ আগত আৰু মেলা চলি থকাৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰখাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল গুৱাহাটী পৌৰ নিগমক৷ “এইবাৰ অম্বুবাচী মেলাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় আছিল পৰিষ্কাৰ-পৰিচ্ছন্নতা৷ যাৰ বাবে প্ৰায় ৭৫০ জন চাফাই মিত্ৰক নিযুক্ত কৰা হৈছিল৷ মন্দিৰ চৌহদৰ উপৰিও, তীৰ্থযাত্ৰীসকলৰ বাবে স্থাপন কৰা শিবিৰসমূহৰ আঠ লক্ষাধিক ভক্তৰ সমাগমেৰে মুখৰিত হ’ল অম্বুবাচী মেলা দায়িত্ব চাফাই মিত্ৰসকলক অৰ্পণ কৰা হৈছিল,’’ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশিস শৰ্মাই কয়৷
দেবাশিস শৰ্মাই জনায় যে কামাখ্যা মন্দিৰৰ ওচৰতে আৱৰ্জনা নিষ্কাষণৰ বাবে দুটা ষ্টেটিক কম্পেক্টৰৰ ব্যৱস্থা কৰা হৈছিল৷
বিপুল দাসে জনায় যে যিহেতু উৎসৱৰ চাৰি দিন মন্দিৰলৈ যানবাহনৰ চলাচলত প্ৰতিবন্ধকতা আছিল, প্ৰশাসনে মন্দিৰ চৌহদ পৰিদৰ্শন কৰিবলৈ সকলো জৰুৰীকালীন সেৱাৰ সৈতে জডিত কৰ্মীৰ বাবে ফেৰী কাৰ সেৱাৰ ব্যৱস্থা কৰিছিল৷ অসম বাৰ্তাৰ এই প্ৰতিবেদকজনো এই সেৱাৰ হিতাধিকাৰী আছিল৷
“প্ৰশাসনে স্থাপন কৰা শিবিৰত এইবাৰ সা-সুবিধাবোৰ যথেষ্ট উন্নত হৈছে৷ বেচৰকাৰী সংগঠনবোৰে নিৰামিষ খাদ্য পৰিৱেশন কৰিছে৷ শিবিৰত চিকিৎসাৰ লগতে আৰক্ষী সেৱাৰ সুব্যৱস্থাও আছে,’’ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ হাব্ৰা গাইঘাটা গাঁৱৰ তীৰ্থযাত্ৰী মৃণাল কান্তি গুহই যোৱা ২৩ জুনত অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত এনেদৰে কয়৷ গুহই কৈছিল যে ২০১২ চনৰ পৰা তেওঁ অম্বুবাচীলৈ নিয়মীয়াকৈ আহি আছে৷
মেলা আৰম্ভ হোৱাৰ এদিন আগতেই যোৱা ২১ জুনত বিহাৰৰ বেগুচৰাইৰ পৰা নন্দন কুমাৰ আৰু তেওঁৰ আন সাতজন সংগী আহি গুৱাহাটীত উপস্থিত হৈছিল৷ “শক্তিপীঠ কামাখ্যালৈ এয়া মোৰ প্ৰথমটো ভ্ৰমণ৷ মন্দিৰ চৌহদত মোৰ দৰে তীৰ্থযাত্ৰীসকলৰ এনে বিশাল সমাগম দেখি মই অভিভূত হৈ পৰিছোঁ৷ আমি খাদ্য আৰু আৱাসৰ বাবে কৰা ব্যৱস্থাক লৈ অত্যন্ত সুখী,” নন্দন কুমাৰে অসম বাৰ্তাক কয়৷
পুৰণি কাৰাগাৰ চৌহদত নিযুক্ত হৈ থকা অসম অসামৰিক সেৱাৰ বিষয়া দীপংকৰ বৰ্মনে অসম বাৰ্তাক কয় যে তাত থকা বেছিভাগ তীৰ্থযাত্ৰী পশ্চিম বংগ, বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা আহিছিল৷
২০০৭ চনৰপৰা মেলালৈ নিয়মীয়াকৈ আহি থকা উত্তৰ প্ৰদেশৰ অযোধ্যাৰ সাধু বিন্দেশ্বৰী দাসো খাদ্য আৰু শিবিৰৰ এই ব্যৱস্থাক লৈ যথেষ্ট সুখী৷