গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ১৬-১৮ ডিচেম্বৰলৈ আয়োজিত ‘অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা ২০২৩’ত বাক্সাৰ মনমোহন নাথে (৪৬) অংশ লয়। জহা কৃষক উৎপাদক কোম্পানীৰ সদস্য মনমোহনে এই মেলাৰপৰা লাভ কৰা অভিজ্ঞতাৰ বিষয়ে অসম বাৰ্তাৰ প্ৰতিৱেদকক ব্যক্ত কৰে।
“কৃষি-উদ্যান শস্য মেলাৰ প্ৰথম বছৰৰপৰাই আমি আহি আছোঁ। আমাৰ লগত জহা চাউলৰ উপৰি আচাৰ, চৰবত, মৌ, মিলেট, চিৰা আদি সামগ্ৰী উপলভ্য। বৰ্তমান আমাৰ এফপিচিত প্ৰায় ২০০গৰাকী সদস্য আছে। এই বছৰৰ কৃষি-উদ্যান শস্য মেলাত আমাৰ বিক্ৰী অত্যন্ত আশাপ্ৰদ। আন জিলা তথা বিভিন্ন দেশৰ নতুন নতুন সামগ্ৰীসমূহ দেখি আমি অনুপ্ৰাণিত হৈছোঁ। ইয়াৰপৰা লাভ কৰা অভিজ্ঞতাৰে আমি অহা বছৰৰ কৃষি-উদ্যান শস্য মেলাত নতুন সামগ্ৰী সংযোজনৰ কথা চিন্তা কৰিছোঁ,“ মনমোহন নাথে কয়।
মনমোহন নাথৰ দৰে ধুবুৰীৰ বীৰসিং জৰুৱা কৃষক উৎপাদক কোম্পানীৰ আলী আকবৰ শ্বেখেও (৩২) এই কৃষি-উদ্যান শস্য মেলাত দ্বিতীয়বাৰৰ বাবে অংশ লৈ আনন্দ প্ৰকাশ কৰিছে।

“আমাৰ এফপিচিটোত ৩০০গৰাকীতকৈও অধিক কৃষক জড়িত হৈ আছে। আমি বিভিন্ন প্ৰজাতিৰ মিলেটৰপৰা প্ৰস্তুত কৰা কেইবাবিধো সামগ্ৰী আনিছোঁ। তদুপৰি আমাৰ বিপণীত গাজৰ, বেঙেনা, মৌ, কাঠফুলা আদিও উপলভ্য। এই বছৰৰ কৃষি-উদ্যান শস্য মেলাত ৰাইজৰ সঁহাৰি আৰু আগ্ৰহ যথেষ্ট উৎসাহজনক। সামগ্ৰীৰ বিক্ৰীও যথেষ্ট ভাল হৈছে। বিশেষকৈ বিদেশৰ প্ৰতিনিধিসকলে অসমৰ সামগ্ৰীসমূহৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এনেদৰে প্ৰতিবছৰে যদি এই মেলাখন অনুষ্ঠিত কৰে, তেন্তে আমাৰ সামগ্ৰীসমূহে এখন নতুন বজাৰ লাভ কৰিব আৰু আমিও শিকাৰ সুযোগ পাম,” শ্বেখে কয়।
অসমৰ কৃষি-উদ্যান শস্য তথা ইয়াৰ আনুষংগিক খণ্ডৰ অযুত সম্ভাৱনাক গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰৰ কৃষি বিভাগে প্ৰতি বছৰে আয়োজন কৰি আহিছে এই কৃষি-উদ্যান শস্য মেলা। “কৃষকৰ আয় বৃদ্ধিৰে স্ব-নিৰ্ভৰশীলতাৰ পথত আৰু এখোজ” শীৰ্ষক বিষয়বস্তুৰে আকৰ্ষণীয় ৰূপত অনুষ্ঠিত কৰা এই মেলাই দেশ-বিদেশৰ বহু সংস্থা তথা প্ৰতিনিধিৰ দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৬ ডিচেম্বৰ তাৰিখে এই মেলাৰ শুভ উদ্বোধন কৰে। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে দৰংগিৰি কলৰ বজাৰৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অসম বীজ নিগম লিমিটেডৰ নতুন ভৱনৰ শিলান্যাস কৰে আৰু আনুষ্ঠানিকভাৱে নিগমৰ ল’গ’ মুকলি কৰে।
এই উদ্বোধনী অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে কৃষি খণ্ডৰ বিকাশৰ বাবে দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।
“অসম চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত প্ৰায় ৬২,০০০ কৃষকৰপৰা ৬ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছিল। ইয়াৰ ফলত কৃষকৰ বেংক একাউণ্টত মুঠ ১,২০০ কোটি টকা হস্তান্তৰ কৰা হৈছে,” মুখ্যমন্ত্ৰীয়ে সমবেত ৰাইজক উদ্দেশ্যি কয় যে কৃষকসকলৰপৰা সৰিয়হ ক্ৰয় কৰাৰ ক্ষেত্ৰতো যথেষ্ট সঁহাৰি পোৱা গৈছিল।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কৃষকসকলে যাতে কোনোধৰণৰ আঁচনি আৰু নীতি আদিৰপৰা বঞ্চিত নহয়, সেই হেতুকে সকলো পদক্ষেপ লোৱা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয়, “মিলেট মিছন, ফ’ডাৰ মিছন আদিয়ে কৃষকসকলক বিভিন্নধৰণে সহায় কৰি আহিছে,” তেখেতে অসমৰ কৃষকক আন ৰাজ্যৰ কৃষকৰ সৈতে তুলনা কৰি কয় যে অসমৰ কৃষকেও বাণিজ্যিক গছপুলি ৰোপণ আৰু উদ্যান শস্যৰ লগতে দ্বৈত তথা একাধিক শস্যৰ খেতি কৰাৰ বিষয়ত গুৰুত্ব দিব লাগে।
অসমৰ নেমু, লিচু, আদা, ভোট জলকীয়া আদিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনেবোৰ সামগ্ৰীয়ে বিদেশৰ বজাৰত স্থান লাভ কৰিছে। এনে প্ৰজাতিৰ বিজ্ঞানসন্মত খেতিয়ে বিশ্বত এখন নিশ্চিত বজাৰ লাভ কৰাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে যদিও ৰাজ্যখনত ১০০ কোটি টকাৰ ফুলৰ বজাৰ আছে, কিন্তু ৰাজ্যৰ ফুলৰ খেতিত মুঠ চাহিদাৰ মাত্ৰ ১৫%হে লাভ কৰা যায়। মুখ্যমন্ত্ৰীয়ে কৃষি আৰু কুকুৰা পালনৰ ক্ষেত্ৰত ৰাজ্যখনক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবেও আহ্বান জনায়।
অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই তেখেতৰ ভাষণত কয় যে সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাৰ অভূতপূৰ্ব সফলতাৰ বাবে ৰাজ্যৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পাইছে।
তেখেতে লগতে কয় ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যখনৰপৰা প্ৰায় ৪,০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰা হৈছিল। ইয়াৰ ভিতৰত ২,২০০ কোটি টকাৰ চাহ আৰু ১,৮০০ কোটি টকাৰ অন্যান্য কৃষিজাত সামগ্ৰী বুলি কৃষি মন্ত্ৰীয়ে কয়।
“চাহৰ বাহিৰেও অসমৰ আদা, নেমু, চাউলৰপৰা আৰম্ভ কৰি আন কৃষি-উদ্যান শস্যৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাইছে। ‘The Federation of Indian Export Organization’-এ অনুমান কৰিছে যে ২০২৬-২৭ চনত অসমৰ কৃষি-উদ্যান শস্য খণ্ডৰ ৰপ্তানিয়ে ১০,০০০ কোটি টকাৰ সীমা স্পৰ্শ কৰিব,” এই কথা উল্লেখ কৰি কৃষি মন্ত্ৰীয়ে কয় যে ৰপ্তানি বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষকসকলক সম্ভাব্য সকলো সহায় আগবঢ়াই আহিছে।
মাজুলীৰ জেংৰাইমুখ কৃষক উৎপাদক কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী সদস্য মুকুল ৰঞ্জন পেগু (৪০)-ৱে চৰকাৰে আয়োজন কৰা এই মেলাৰ শলাগ লয়।
“আমাৰ কৃষক উৎপাদক কোম্পানীটোৰ মূল উৎপাদিত সামগ্ৰীয়েই হৈছে ধান। ইয়াৰ লগতে সৰিয়হ আৰু মাটিমাহৰো খেতি কৰা হয়। ইতিমধ্যে বিদেশলৈও আমাৰ উৎপাদিত ধান ৰপ্তানি কৰা হৈছে। আজি দ্বিতীয় দিনাই (১৭ ডিচেম্বৰ) আমাৰ সামগ্ৰীসমূহ প্ৰায় সম্পূৰ্ণ বিক্ৰীৰ পথত। বহুতেই মাজুলীৰ বিপণীখনক প্ৰশংসা কৰিছে। জৈৱিক পদ্ধতিৰে উৎপাদিত মাজুলীৰ সামগ্ৰীসমূহে এনেদৰেই যাতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি ৰয়, তাৰ বাবে আমাৰ কৃষকসকলে নতুন উদ্যমেৰে কাম কৰি যাব,’’ মুকুল ৰঞ্জনে কয়।
উল্লেখযোগ্য যে এই বছৰৰ কৃষি-উদ্যান শস্য মেলাত ১১খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই দেশসমূহৰ ভিতৰত আছে- মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, নিউজীলেণ্ড, দক্ষিণ কোৰিয়া, বাংলাদেশ, ইৰান, ভূটান, ছাৰ্বিয়া, ছিচেলছ আৰু মংগোলীয়া। এই মেলাত বিশ্ব বেংকৰ প্ৰতিনিধিও উপস্থিত থাকে।
