এই শতিকাৰ প্ৰথম দশকলৈকে এক ঔদ্যোগিক চহৰ হিচাপে পৰিচিত আছিল জাগীৰোড৷ ২০২২ চনত নগাঁও অবাঞ্ছিত কাৰণত জাগীৰোডৰ কাগজ কলটো (হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেড) বিলুপ্তি হোৱাৰ পাছত জাগীৰোড যেন ম্লান পৰি গৈছিল৷
এতিয়া পুনৰ নতুন জীৱন পাইছে ঔদ্যোগিক চহৰ জাগীৰোডে৷ ‘টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু টেষ্ট প্ৰাইভেট লিমিটেড (টিএছএটি)’ৰ এক বৃহৎ প্ৰকল্প স্থাপন হ’ব পুৰণি কাগজ কলটো থকা স্থানতে৷ জাগীৰোডৰ বাবে এয়া সম্ভাৱনাপূৰ্ণ আৰু উৎসাহজনক বতৰা৷
জাগীৰোড উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ দিব্যজিৎ নেওগে (৪৫) এই প্ৰকল্পটোক জাগীৰোডৰ বাবে দিকনিৰ্ণয়কাৰী বুলি অভিহিত কৰি অসম বাৰ্তাক কয়, “অনুভৱ হৈছে অসমৰ ঔদ্যোগিক পৰিৱেশটোৰ বাবে যেন ই এক নতুন আৰম্ভণিৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷”
“যোৱা কেইটামান মাহত আমি জাগীৰোড আৰু ইয়াৰ আশে-পাশে কিছু আন্তঃগাঁথনি উন্নয়নৰ কাম সম্পাদন কৰিছোঁ৷ আমি এনে বহু পৰিকল্পনা প্ৰস্তুত কৰি ৰাখিছোঁ,” তেওঁ কয়৷
জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগে উল্লেখ কৰে যে এই বিনিয়োগৰ বাবে সহস্ৰাধিক সংস্থাপনৰ সৃষ্টি হ’ব৷ “অসমৰ বিভিন্ন ঠাইত ছোৱালীৰ বাবে এটা প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু জাগীৰোড মহাবিদ্যালয় ইয়াৰে অন্যতম কেন্দ্ৰ আছিল৷ কেৱল ছোৱালী চাকৰি প্ৰত্যাশীসকলৰ মাজত ‘বিট টেষ্ট’ নামৰ এক বিশেষ পৰীক্ষা অনুষ্ঠিত হৈছিল,” তেওঁ কয়৷
“আমাৰ মহাবিদ্যালয়ৰ বহুকেইগৰাকী ছাত্ৰীক টাটাৰ প্ৰশিক্ষণৰ বাবে বাছনি কৰা হৈছে৷ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকক টাটা অৰ্ধপৰিবাহীৰ জাগীৰোড প্ৰকল্পত নিযুক্তি প্ৰদান কৰা হ’ব৷ তেওঁলোকে বৰ্তমান কৰ্ণাটকৰ টাটাৰ অৰ্ধপৰিবাহী চিপ পেকেজিং প্ৰশিক্ষণ সুবিধাত প্ৰশিক্ষণৰত৷ মই তেওঁলোকৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছোঁ৷ মোৰ মতে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত হৈছে,” নেওগে কয়৷
“ছাত্ৰীসকলৰ মাজত এতিয়া যথেষ্ট উৎসাহ দেখা পোৱা গৈছে৷ এই প্ৰকল্পৰ ফলত ইয়াৰ সৈতে সংগতি থকা উদ্যোগ বৃদ্ধিৰ সম্ভাৱনা আছে,” তেওঁ কয়৷
পালিগুৰি গাঁৱৰ তপন ডেকা প্ৰকল্পটোৱে জাগীৰোডলৈ আনিব পৰা সামগ্ৰিক বিকাশ সম্পৰ্কে যথেষ্ট আশাবাদী৷ তেওঁ কয়, “যিকোনো ক্ষেত্ৰতে এটা বৃহৎ ঔদ্যোগিক গোটে স্থানীয় লোকসকলৰ বাবে ব্যৱসায় তথা সংস্থাপনৰ সুযোগ সৃষ্টি কৰে৷”
“আমাৰ মহাবিদ্যালয়ৰ বহুকেইগৰাকী ছাত্ৰীক টাটাৰ প্ৰশিক্ষণৰ বাবে বাছনি কৰা হৈছে৷ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকক টাটা অৰ্ধপৰিবাহীৰ জাগীৰোড প্ৰকল্পত নিযুক্তি প্ৰদান কৰা হ’ব৷ তেওঁলোকে বৰ্তমান কৰ্ণাটকৰ টাটাৰ অৰ্ধপৰিবাহী চিপ পেকেজিং প্ৰশিক্ষণ সুবিধাত প্ৰশিক্ষণৰত৷ মই তেওঁলোকৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছোঁ৷ মোৰ মতে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত হৈছে”
ভৱেন চন্দ্ৰ নেওগ (জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ)
জাগীৰোডৰ পৰা তিনি কিল’মিটাৰ পশ্চিমে অৱস্থিত সীতাজখলা গাঁৱৰ ৰঞ্জিব শৰ্মা দুগ্ধ উৎপাদনৰ সৈতে জড়িত৷ তেওঁ আশাবাদী যে তেওঁৰ বাবেও ভাল দিন সমাগত৷
তেওঁ অনুভৱ কৰে টাটা প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ পাছত জিলাখনৰ কৃষকসকলে উপাৰ্জন বৃদ্ধিৰ সুযোগ লাভ কৰিব৷ ৰে’লৱেত কৰ্মৰত আৰু জাগীৰোড কলেজ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ সভাপতি প্ৰবীৰ ভৌমিকে (৫৯) প্ৰকল্পটোক আদৰণি জনাইছে৷ “মই ভাবোঁ প্ৰকল্পটোৰ বাবে জাগীৰোড এখন বিশ্বজনীন চহৰলৈ পৰিণত হ’ব৷ আনকি অমৃত ভাৰত ষ্টেচন হিচাপে ঘোষণা কৰা জাগীৰোড ৰে’ল ষ্টেচনটো গুৰুত্বপূৰ্ণ ৰে’লৰ চলাচলেৰে প্ৰাণময় হৈ পৰিব, ” তেওঁ কয়৷
জাগীৰোডস্থিত ইএছইএছ বায়ো-ৱেলথ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সঞ্জীৱ শইকীয়াই (৬০) কয় যে এই পৰিৱেশ-অনুকূল প্ৰকল্পই অন্যান্য খণ্ডত ব্যক্তিগত বিনিয়োগৰ সুবিধা প্ৰদান কৰিব৷
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডত এই বিনিয়োগ লাভ কৰাৰ বাবে গ্ৰহণ কৰা সবল নেতৃত্বক লৈ স্থানীয় জনসাধাৰণ যথেষ্ট আশাবাদী৷ প্ৰকল্পটো ঘোষণা কৰাৰ পাছত তেওঁ সামাজিক মাধ্যম এক্স’ত উল্লেখ কৰে, “আজি টাটা নেতৃত্বৰ সৈতে মোৰ আলোচনাৰ সময়ত আমি এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ সন্মত হৈছোঁ৷ এই কেন্দ্ৰটো স্থাপন হ’ব জাগীৰোডৰ অৰ্ধপৰিবাহী প্ৰকল্পৰ চৌহদত৷”
ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “এই কেন্দ্ৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰ’নিকছৰ পাঠ্যক্ৰমৰ সুবধা প্ৰদান কৰিব আৰু তেওঁলোকক জাগীৰোড প্ৰকল্পত সংস্থাপন লাভৰ দিশত সহায় কৰিব৷”
“ইতিমধ্যে অসমৰ ১,৫০০ যুৱক-যুৱতীয়ে (মূলতঃ যুৱতী) বাংগালোৰ আৰু ইয়াৰ আশে-পাশে টাটা সুবিধাসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ ২০২৫ চনত অৰ্ধপৰিবাহী প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ পাছত তেওঁলোকে ইয়াত বিশেষ পদত সংস্থাপন লাভৰ সুবিধা পাব,” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়৷