অসমীয়া সমাজ আৰু সাংস্কৃতিক জীৱনত অৰ্কিডৰ গুৰুত্ব কিমান সেয়া নকৈ কোৱাৰ প্ৰয়োজন নাই৷ কোনোবা পাহুৱাল ডেকাই সেইবাবেই পৰম্পৰাগত বিহুনামত জোৰে পাহাৰ বগাই বগাই কপৌফুল (Foxtail orchid ঃ Rhynchostylis retusa) অনাৰ কথা৷
১৯৯৮ চনৰ কথা, ডিব্ৰু-ছৈখোৱাত এক দুৰ্লভ প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ হোৱাৰ খবৰ পোৱা গৈছিল৷ তিনিচুকীয়া দাইচাজানৰ এজন যুৱকে এই খবৰ লাভ কৰি নিজে সেই বিষয়ে অধ্যয়ন কৰিবলৈ মন মেলিলে৷ সেইসময়ত এটা সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে ভাৰতীয় সেনাই ডিব্ৰু-ছৈখোৱাত অভিযান চলাই আছিল৷ তেনে এক পৰিস্থিতিৰ মাজত মাছমৰীয়াৰ নাৱেৰে কৰা সেই যাত্ৰাটো যুৱকজনৰ বাবে স্মৰণীয় হৈ পৰিল৷ মাজবাটতে সেনাৰ চোৰাংচোৱা বুলি সন্দেহ কৰি যুৱকজনক সশস্ত্ৰ সংগঠনটোৰ সদস্যই নিজৰ শিবিৰলৈ লৈ যায়৷ অৱশেষত তেওঁ যে অৰ্কিড সংৰক্ষণৰ কামত আহিছে সেই কথা নিশ্চিত হৈ সংগঠনটোৱে তেওঁক মুকলি কৰি দিয়ে৷
এই যুৱকজন হৈছে বন্ধুবৰ্গৰ মাজত ‘অৰ্কিড’ নামেৰে জনপ্ৰিয় আৰু বৰ্তমান পেছাত এগৰাকী শিক্ষক ক্ষণজিৎ গগৈ৷
অৰ্কিডৰ বিষয়ে গৱেষণা কৰিবলৈ বন্যপ্ৰাণী জীৱবিজ্ঞানী ড॰ কাশ্মীৰা কাকতিৰ সৈতে ক্ষণজিৎ গগৈয়ে এবাৰ ডিব্ৰুগড়ৰ জয়পুৰৰ বৰ্ষাৰণ্যৰ মাজলৈ গৈছিল৷ সেইকথা স্মৰণ কৰি ক্ষণজিতে কয়, “অৰ্কিডৰ বিষয়ে অধ্যয়ন কৰিবলৈ গৈ মোৰ বহু অভিজ্ঞতা হৈছে৷ সেইবাৰ তিনিদিন ভাত ৰান্ধিবলৈ লৈ যোৱা বাচনটো ফুটা হোৱাৰ বাবে আমি বাঁহৰ চুঙাত ভাত ৰান্ধি খাইছিলোঁ, সেই সোৱাদ আজিও মই নাপাহৰোঁ৷”
উত্তৰ-পূৰ্বাঞ্চলত ন শতাধিক আৰু অসমত প্ৰায় চাৰি শতাধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায়৷ পিছে ডিব্ৰু-ছৈখোৱা, জয়পুৰ, কাজিৰঙাকে আদি কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত এনে বহু অৰ্কিড প্ৰজাতি আছে যিসমূহ চিনাক্ত হোৱা নাই৷ সৰুৰেপৰা প্ৰকৃতিপ্ৰেমত মোহাচ্ছন্ন হৈ থকা ক্ষণজিতে এনে দহটা প্ৰজাতি চিনাক্ত কৰিছে আৰু বৈজ্ঞানিক নামকৰণো কৰিছে (বক্সত চাওক)৷ লগতে বহুকেইটা দুৰ্লভ প্ৰজাতিৰ অৰ্কিড যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলভ্য সেয়া চিনাক্ত কৰিছে৷
অসমৰ অৰ্কিড মানৱৰূপে পৰিচিত ক্ষণজিতে অৰ্কিড সম্পৰ্কে ভালকৈ জনাৰ আগতেই ঘৰৰ ওচৰৰ বাগানত বিহুৰ সময়ত নষ্ট হোৱা কপৌফুলৰ পুলিসমূহ ঘৰলৈ আনি সংৰক্ষণ কৰিছিল৷ সেইসময়ত ক্ষণজিতে অৰ্কিডৰ প্ৰজাতি চিনি পোৱা নাছিল৷ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ পাছত আৰু স্নাতক শ্ৰেণীত উদ্ভিদ বিজ্ঞান শাখাৰ ছাত্ৰ হোৱাৰ পাছত তেওঁৰ অৰ্কিডৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হ’বলৈ ধৰিলে৷
ক্ষণজিতে কয়, “অৰ্কিডৰ বিষয়ে কাম কৰিবলৈ আৰম্ভ কৰাৰ পাছত অসমৰ অৰ্কিড সম্পৰ্কে কিতাপৰ অভাৱে মোক বাৰুকৈয়ে হতাশ কৰিছিল৷ পাছলৈ মই নিজেই এই অভাৱ পুৰণৰ বাবে চেষ্টা চলালোঁ৷” ক্ষণজিতৰ প্ৰকাশিত পুথি হ’ল – অৰ্কিডছ্ অৱ্ ডিব্ৰু-ছৈখোৱা নেচনেল পাৰ্ক এণ্ড বায়’স্ফিয়েৰ ৰিজাৰ্ভ, ৱাইল্ড অৰ্কিডছ্ অৱ্ তিনচুকীয়া ডিষ্ট্ৰিক্ট অৱ্ আছাম, ৱাইল্ড অৰ্কিডছ্ অৱ্ আছাম – এ পিক্ট’ৰিয়েল গাইড, এ গাইড অৱ্ অৰ্কিডছ্ – টালে অৰ্কিড কনজাৰভেচন ট্ৰেইল, জিতু গগৈ আৰু নিতু বসুমতাৰীৰ সৈতে অৰ্কিডছ্ অৱ্ ধেমাজী ডিষ্ট্ৰিক্ট৷ ২০০৫ চনৰপৰা এতিয়ালৈকে তেখেতৰ অৰ্কিড সম্পৰ্কীয় ১৫৫খন গৱেষণা পত্ৰও প্ৰকাশ পাইছে৷

পূব হিমালয় অৰ্কিড ছ’চাইটিৰ অধীনত ক্ষণজিতে নিজৰ ঘৰতে অসমৰ অৰ্কিডসমূহৰ এটা হাৰ্বেৰিয়ামো তৈয়াৰ কৰাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৭৫০টা প্ৰজাতিৰ অৰ্কিডৰ সংগ্ৰহেৰে এটা অৰ্কিড সংৰক্ষণ কেন্দ্ৰও নিৰ্মাণ কৰিছে৷ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN)ৰ সদস্য ক্ষণজিতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰশংসা আৰু সন্মান বুটলিছে৷
অসম বাৰ্তাৰ সৈতে হোৱা এক বাৰ্তালাপত ক্ষণজিতে কয়, “আমি অৰ্কিড সম্পৰ্কে সম্পূৰ্ণ সজাগ হোৱা নাই৷ এই সজাগতাৰ ক্ষেত্ৰত মহাবিদ্যালয়সমূহৰ অধ্যাপকসকলৰ যথেষ্ট কৰণীয় আছে৷” তেওঁ লগতে কয়, “বিভিন্ন সময়ত অৰ্কিডৰ চোৰাং সৰবৰাহ হৈ আহিছে, সেইক্ষেত্ৰত আমি সজাগ হ’ব লাগিব৷” থাইলেণ্ডৰ উদাহৰণ আগবঢ়াই তেওঁ কয়, “থাইলেণ্ডৰ অৰ্থনীতিৰ এটা বৃহৎ খণ্ড অৰ্কিডে অধিকাৰ কৰি আছে৷ অসমতো এনেধৰণৰ এক বহনক্ষম অৰ্থনীতিৰ সম্ভাৱনা আছে৷
যিয়ে অসমৰ আপুৰুগীয়া অৰ্কিডৰ প্ৰজাতিসমূহ সুৰক্ষিত কৰিব আৰু বহুজনক আত্মনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাব৷” তেওঁ লগতে কয়, “থাইলেণ্ডৰ প্ৰাকৃতিক পৰিৱেশৰ বাবে তাত অৰ্কিডৰ ব্যৱসায়িক উৎপাদন সম্ভৱ হৈছে৷ অসমৰ ক্ষেত্ৰতো প্ৰকৃতিয়ে আমাক এই আশীৰ্বাদেৰে পুষ্ট কৰি ৰাখিছে৷ প্ৰদূষণমুক্ত অঞ্চলত টিছু কালচাৰ বা কলাকৰ্ষণ কৰিবলৈ অসমত বৰ বেছি বিনিয়োগৰ প্ৰয়োজন নাই৷ এই প্ৰক্ৰিয়াৰে আমি অৰ্কিডৰ ব্যৱসায়িক উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে৷” এইক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই তেওঁ কয়, “অসমতে অৰ্কিডৰ এখন সুন্দৰ বজাৰ আছে কিন্তু অসমত ব্যৱসায়িকভাৱে উপলভ্য অৰ্কিডসমূহো আনকি অন্য দেশৰ উৎপাদন৷”
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনে বহু দুৰ্গম ঠাই আছে য’ত বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে জৰীপ কৰিলে আৰু বহু দুষ্প্ৰাপ্য আৰু নতুন অৰ্কিড আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে৷ এই বিষয়ে উল্লেখ কৰি ক্ষণজিতে কয়, ‘‘আগতে বহু বিজ্ঞানীয়ে জৰীপ কৰি যোৱাৰ পাছতো একে অঞ্চলত মই নতুন অৰ্কিডৰ উপস্থিতি দেখা পাইছোঁ৷” অৰ্কিড সম্পৰ্কীয় সজাগতাৰ অভাৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “অৰ্কিড প্ৰাকৃতিক বাসস্থানৰপৰা কৃত্ৰিমভাৱে স্থাপন কৰিবলৈ বিচৰাটো দুৰ্ভাগ্যজনক৷ সেয়ে মই কলাকৰ্ষণ কেন্দ্ৰও প্ৰাকৃতিক পৰিৱেশতে স্থাপন কৰাৰ পক্ষপাতী৷”