ভাৰতবৰ্ষত অতীজৰে পৰা সোণক এবিধ পৱিত্ৰ ধাতু হিচাপে গণ্য কৰা হয়৷ বিয়াৰ দিনটোত কইনা গৰাকীয়ে এপদ সোণৰ অলংকাৰ পৰিধান কৰাটো প্ৰতিগৰাকী ছোৱালীৰ এটা সপোন৷ কইনা এগৰাকীৰ সোণৰ প্ৰতি থকা এই আৱেগক সন্মান জনাই অসম চৰকাৰৰ তদানীন্তন বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত অৰুন্ধতী স্বৰ্ণ আঁচনি ঘোষণা কৰিছিল৷
ড° শৰ্মাই অসমৰ আৰ্থিকভাৱে পিছ পৰা পৰিয়ালসমূহক নিজ কন্যাৰ বিবাহৰ সময়ত সোণ ক্ৰয় কৰিবলৈ কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যেৰে এই অভিলাষী আঁচনি প্ৰৱৰ্তন কৰে৷ এই আঁচনিৰ জৰিয়তে বিশেষ বিবাহ আইন, ১৯৫৪-ৰ অধীনত কইনাগৰাকীৰ বিবাহ পঞ্জীয়ন হোৱাৰ পাছত সোণ ক্ৰয়ৰ বাবে ৪০, ০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷
‘অৰুন্ধতী’-য়ে ৰেহেনা পাৰবিন, ববিতা বৰা, ৰুবিনা জামান, ফৰভিনা চৌধুৰী আৰু নিতু সৰকাৰৰ লগতে আন বহুতো মহিলাক এক উমৈহতীয়া এনাজৰীৰে সংযুক্ত কৰিছে৷ গুৱাহাটীৰ ধৰিত্ৰী কলিতাৰ দৰেই তেওঁলোক সকলো অসম চৰকাৰৰ এই আঁচনিৰ হিতাধিকাৰী৷
“আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ লোকক সকাহ দিবলৈ এনেধৰণৰ আঁচনি প্ৰৱৰ্তন কৰাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এই ধনেৰে নিজৰ বাবে এপদ সোণৰ অলংকাৰ ক্ৰয় কৰিবলৈ পাই মই যথেষ্ট সুখী হৈছোঁ,” ধৰিত্ৰী কলিতাই অসম বাৰ্তাক কয়৷
গোৱালপাৰাৰ চিনাবৰী গাঁৱৰ গীতা দেৱী আঁচনিখনৰ আন এগৰাকী হিতাধিকাৰী৷ তেওঁৰ পিতৃ পেচাত এজন খেতিয়ক৷ “এই আঁচনিৰ অবিহনে আমি হয়তো সোণ ক্ৰয়ৰ কথা ভাবিবও নোৱাৰিলোহেঁতেন৷ এয়া মোৰ বাবে কেৱল এবিধ অলংকাৰেই নহয়, ভৱিষ্যতৰ বাবে ই এক নিৰাপত্তাও,” তেওঁ অসম বাৰ্তাক কয়৷ বিবাহ পঞ্জীয়নৰ পাছতেই তেওঁ এই আঁচনিখনৰ বাবে আবেদন কৰিছিল আৰু প্ৰায় ৩ মাহৰ ভিতৰত তেওঁৰ বেংক একাউণ্টত এই ধন জমা হৈছিল বুলি তেওঁ উল্লেখ কৰে৷
ধৰিত্ৰী আৰু গীতাৰ দৰেই ৰাজ্যখনৰ প্ৰতিখন জিলাৰ শ শ মহিলাই এই আঁচনিৰ জৰিয়তে লাভান্বিত হৈছে৷ আঁচনিখনৰ দায়িত্বত থকা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে আঁচনিখন আৰম্ভ হোৱাৰ পৰা ১৩ জুন ২০২২ পৰ্যন্ত ১১, ১১৯ গৰাকী হিতাধিকাৰীক মুঠ ৪৪.৪৭ কোটি টকা প্ৰদান কৰিছে৷
নলবাৰী জিলাৰ খাৰজৰা গাঁৱৰ কাকলি বেজবৰুৱা এই আঁচনিৰ এগৰাকী সম্ভাৱ্য হিতাধীকাৰী৷ চলিত বৰ্ষৰ মে’ মাহত অনিল বৰ্মনৰ সৈতে বিবাহ পঞ্জীয়ন হোৱাৰ পাছত তেওঁ আঁচনিখনৰ বাবে আবেদন কৰিছিল৷ তেওঁৰ পিতৃ পেচাত এজন ঠেলাচালক৷ “মই বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত আঁচনিখনৰ বিষয়ে জানিবলৈ পাইছিলোঁ,” তেওঁ অসম বাৰ্তাক কয় যে, ৰাজ্য চৰকাৰে এনেধৰণৰ পদক্ষেপৰ জৰিয়তে বিবাহিত যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে৷ “মই মোৰ বিবাহ পঞ্জীয়ন প্ৰমাণপত্ৰ লাভ কৰাৰ পাছত এই আঁচনিৰ বাবে আবেদন কৰিছিলোঁ৷ আশা কৰিছোঁ যে ময়ো এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ম৷”
২০২০ বৰ্ষৰ ১ জানুৱাৰীত আঁচনিখন উন্মোচন কৰা হৈছিল৷
পূৰ্বৰ ৩০ হাজাৰ টকাৰ পৰা বৃদ্ধি কৰি পৰৱৰ্তী পৰ্যায়ত হিতাধিকাৰীসকলক ৪০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়৷
অৰুন্ধতী প’ৰ্টেলে ১৩ জুন, ২০২২ পৰ্যন্ত ২৮,১০৮ খন আবেদন লাভ কৰিছে৷ ১৩ জুন, ২০২২ পৰ্যন্ত ১১,১১৯ গৰাকী হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰিছে৷
বৰ্তমানলৈ সৰ্বাধিক হিতাধিকাৰী থকা জিলা হৈছে দৰং : ১১৮৪ গৰাকী
আবেদনকাৰীয়ে অনলাইন আবেদন জনাবৰ বাবে www.revenueassam.nic.in এই লিংকটোত ক্লিক্ কৰিব পাৰে৷