আৰ্থিকভাৱে পিছপৰা অসমৰ লাখ লাখ গৃহিণীৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ‘অৰুণোদয়’ আঁচনিয়ে।
বহনক্ষম উন্নয়নৰ লক্ষ্যৰে (SDG) ২০২০ বৰ্ষত আৰম্ভ কৰা এই আঁচনিৰ সফল ৰূপায়ণৰ ফলত অন্ততঃ পাকঘৰৰ নিত্য প্ৰয়োজনীয় বস্তুখিনিৰ বাবে আৰ্থিক অভাৱগ্ৰস্ততাত থকা গৃহিণীসকলে চিন্তা কৰিবলগীয়া নহয়। অসমৰ ইতিহাসত এইপৰ্যন্ত সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণ (DBT) পদ্ধতিৰ আঁচনি হিচাপে পৰিগণিত এই অভিলাষী আঁচনিখনৰ জৰিয়তে কোনো মধ্যভোগী অবিহনে প্ৰতিগৰাকী হিতাধিকাৰী মহিলাৰ বেংক একাউণ্টত প্ৰতি মাহৰ ১০ তাৰিখে পোনপটীয়াকৈ ১,০০০ টকাকৈ প্ৰদান কৰা হয়। যাৰ ফলত একেটা আঁচনিৰ জৰিয়তে বেংক ব্যৱস্থাৰ সৈতে ৰাইজক সংযুক্ত কৰাটোও সম্ভৱপৰ হৈ উঠিছে।
তদুপৰি, আন এক সংযোজন হিচাপে আঁচনিখনৰ হিতাধিকাৰীসকলক প্ৰতিমাহে বিদ্যুৎ বিল পৰিশোধৰ বাবদ ২৫০ টকাকৈ আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হৈছে। ইয়াৰ ফলত প্ৰতিগৰাকী হিতাধিকৰীয়ে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিবলৈ সক্ষম হ’ব। দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিক এক অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত কৰিব পাৰি। অসমত স্থায়ীভাৱে বসবাস কৰি থকা আৰু বাৰ্ষিক ২ লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ নির্বাচিত মহিলাসকলে ‘অৰুণোদয়’ আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰে।
অসমত আটাইতকৈ ব্যাপকভাৱে ৰূপায়িত এই আঁচনিৰ অধীনত চলিত মে মাহত ১৮,৭৯,৬১৫গৰাকী হিতাধিকাৰীৰ বাবে মুঠ ১৮৭.৯৬ কোটি টকা মোকলাই দিয়া হৈছে। চলিত বিত্তীয় বৰ্ষত অতিৰিক্ত প্ৰায় ৬ লাখ পৰিয়ালক অৰুণোদয়ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ পাছত মুঠ হিতাধিকাৰীৰ সংখ্যা প্ৰায় ২৫ লাখলৈ বৃদ্ধি পাব।