অৰুণোদয় ৩.০ ~ ৰাজ্যজুৰি মহিলাসকলৰ বাবে নতুন আশা, সন্মান আৰু আৰ্থিক স্থিৰতা প্ৰদানৰ এক প্ৰতিশ্ৰুতি। এই আঁচনিয়ে ৩৮ লাখৰো অধিক পৰিয়ালক সামৰি লৈছে।
অৰুণোদয় ৩.০ৰ অন্তৰ্ভুক্ত যোগ্য মহিলাসকলক প্ৰতিমাহে ১,২৫০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰৰ অন্তৰ্ভুক্তিমূলক বিকাশৰ নীতিৰ অংশ হিচাপে এই আঁচনিয়ে ধৰ্ম, জাতি বা পৰিচয়ৰ ভেদাভেদ নকৰি সকলো মহিলাক অৰ্থনৈতিক স্বাধীনতাৰ পথত আগুৱাই নিছে, যাতে তেওঁলোকে নিজৰ পৰিয়াল আৰু আত্মীয়ৰ হিতৰ বাবে কাম কৰিব পাৰে।
নলবাৰীৰ ৬৫ বছৰীয়া সৰস্বতী ডেকাৰ বাবে এই আঁচনিয়ে তেখেতৰ জীৱনত আশ্বাস আৰু স্বাভিমান দুয়োটাই আনিছে। পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী হিচাপে তেখেতে কয়,“বহুতৰ বাবে অৰুণোদয়ৰ টকাৰ পৰিমাণ কম যেন লাগিব, কিন্তু আমাৰ বাবে ই আশীৰ্বাদ। প্ৰতিটো টকা ঘৰুৱা কামৰ বাবে ব্যৱহৃত হয়। এতিয়া মই ঔষধ, খাদ্য-সামগ্ৰী কিনিব পাৰোঁ আৰু কেতিয়াবা জৰুৰী সময়ৰ বাবে সঞ্চয়ো কৰিব পাৰোঁ।”
সৰস্বতী ডেকাৰ দৰে বহু মহিলাৰ বাবে অৰুণোদয় ৩.০ কেৱল মাহিলি সহায় নহয় ~ ই হ’ল শক্তি, নিৰাপত্তা আৰু স্বাভিমানৰ প্ৰতীক।
উজনি অসমৰ চাহ বাগিচাসমূহতো এই আঁচনিৰ সম প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড়ৰ পথালিবাম চাহ বাগিচাৰ ৪৫ বছৰীয়া লক্ষ্মী প্ৰিয়া চাওৰায়ো এই আঁচনিৰ পৰা লাভান্বিত হৈছে। চাহপাত তুলি তেখেতে জীৱিকা নিৰ্বাহ কৰে; অৰুণোদয়ৰ নতুন পৰ্যায় আৰম্ভ হোৱাৰ পৰা তেখেত উপকৃত হৈছে।
তেখেতে কয়, “প্ৰতিদিনে আমি প্ৰায় ২৫০ টকাকৈ মজুৰি পাওঁ, কিন্তু এই অতিৰিক্ত ১,২৫০ টকাৰ মাহিলি সহায়ৰ বাবে অসুখ বা পৰিয়ালৰ কোনো সমস্যা হ’লে আয়ৰ চিন্তা নকৰাকৈ ২-৩ দিন বিশ্ৰাম ল’ব পাৰোঁ। এই আঁচনিয়ে মোৰ স্বামীকো সহায় কৰিছে, তেখেতে ক্ষুদ্ৰ ব্যৱসায় কৰে। এতিয়া মোৰ আয় আমাৰ ঘৰৰ বাবে অধিক মূল্যবান হৈ পৰিছে।”
লক্ষ্মী প্ৰিয়াই এই টকাৰ কিছু অংশ সঞ্চয় কৰি সন্তানৰ সু-ভৱিষ্যৎ গঢ়াৰ বাবেও পৰিকল্পনা কৰিছে।
কাছাৰৰ ৪৯ বছৰীয়া মীনা গোৱালায়ো একেধৰণেই কৃতজ্ঞতা প্ৰকাশ কৰিছে। স্বামী আৰু দুই সন্তানৰ সৈতে বসবাস কৰা মীনাই সদায় নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছে, যদিও স্বামীৰ দিন মজুৰিৰ সীমিত আয়ৰ বাবে জীৱন কঠিন হৈ পৰিছিল।

অৰুণোদয় ৩.০ এতিয়া তেখেতৰ বাবে মাথোঁ আৰ্থিক সহায় নহয়, ই হ’ল নতুন আশা আৰু আত্মবিশ্বাসৰ উৎস ~ নিজৰ পৰিয়ালৰ স্বপ্ন পূৰণৰ এটি বাট।
“এই চৰকাৰী সহায় আমাৰ বাবে অতি মূল্যবান,” তেখেতে কয়। “আমি চাৰিজনীয়া সদস্যৰ পৰিয়াল। খৰচৰ অন্ত নাই। ‘অৰুণোদয়’ৰ সাহায্যই প্ৰয়োজনৰ সময়ত আমাক সহায় কৰিব। আমাৰ দৰে পৰিয়ালবোৰৰ কথা ভাবি চৰকাৰে যি উদ্যোগ ল’লে, তাৰ বাবে আমি কৃতজ্ঞ।”
এই আঁচনিৰ শুভাৰম্ভৰ সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, “অৰুণোদয় ৩.০ হৈছে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ দাৰিদ্ৰতা হ্ৰাসকৰণৰ অভিযান। এতিয়া প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতিমাহে ১,২৫০ টকাকৈ পায়, য’ত গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে অতিৰিক্ত ২৫০ টকা প্ৰদানৰ ব্যৱস্থাও অন্তর্ভুক্ত কৰা হ’ব।”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই আঁচনিয়ে হাজাৰ হাজাৰ পৰিয়ালক দাৰিদ্ৰ্যতাৰ পৰা মুক্ত কৰি মান-মৰ্যাদাৰে জীৱন যাপন কৰিবলৈ সহায় কৰিছে। “অৰুণোদয়ৰ জৰিয়তে আমি আমাৰ ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াইছোঁ,” এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰতিটো আৰ্থিকভাৱে পিছপৰা পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ প্ৰকাশ কৰে।
তেখেতে ঘোষণা কৰে যে অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ বাবে ফেব্ৰুৱাৰীত এটি বিশেষ উপহাৰ দিয়া হ’ব।
অৰুণোদয়ৰ উপৰি অসম চৰকাৰে বিনামূলীয়াকৈ চাউল, ৰাজসাহায্যযুক্ত দাইল আৰু গেছ চিলিণ্ডাৰ, বিনামূলীয়া শিক্ষা, কন্যা সন্তানৰ শিক্ষাৰ প্ৰচাৰ আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে বিনামূলীয়া স্বাস্থ্য সেৱাও আগবঢ়াই আহিছে।
সৰস্বতী, লক্ষ্মী প্ৰিয়া আৰু মীনাৰ দৰে হাজাৰ হাজাৰ মহিলাৰ কাহিনীয়ে প্ৰতিধ্বনিত কৰে ~ “এই আঁচনি মাথোঁ টকাৰ বাবে নহয়, এয়া হৈছে সন্মান, সহায় আৰু আশাৰে পূৰ্ণ এক আঁচনি।”










