মহিলা সবলীকৰণৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৯ ছেপ্টেম্বৰত সমগ্ৰ অসমতে অৰুণোদয় ৩.০ মুকলি কৰে৷ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় ৩.০ ৰাইজৰ বাবে উৎসৰ্গা কৰে৷ এই আঁচনিৰ অধীনত মুঠ ৩৭.২০ লাখ হিতাধিকাৰী লাভান্বিত হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ ভাষণ প্ৰসংগত কয়, “অসমত নাৰী শক্তিক সবলীকৃত কৰাৰ দিশত আমি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ অৰুণোদয় ৩.০ ৰূপায়ণৰ কাম আৰম্ভ কৰিবলৈ ১২৬টা বিধান সভা সমষ্টিৰ মাতৃ-ভগ্নীসকলৰ সৈতে অংশ লওঁ যাতে আঁচনিখনত অতিৰিক্ত হিতাধিকাৰীক অন্তৰ্ভুক্তকৰণেৰে ৩৭ লাখতকৈ অধিক পৰিয়ালে মাহিলি ১,২৫০ টকা লাভ কৰিব পাৰে৷”
“অৰুণোদয় ৩.০ত বিধৱা, তৃতীয় লিংগ, অকলশৰীয়া আৰু আৰ্থিকভাৱে দুৰ্বল অন্যান্য শ্ৰেণীৰ ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ’ব যাতে তেওঁলোকক আৰ্থিক সুৰক্ষা প্ৰদান কৰিব পাৰি৷ ইয়াৰ বাবে আবেদনকাৰীৰ পৰিয়ালৰ মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখ টকাতকৈ কম হ’ব লাগিব৷ ৰাজ্য চৰকাৰে এই আঁচনিখনৰ বাবে প্ৰতি মাহে ৪৬৭ কোটি টকা ব্যয় কৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
তেখেতে লগতে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা অৰুণোদয় ৩.০-এ সামাজিক সুৰক্ষাৰ এক বিস্তৃত বৰ্তনী সৃষ্টি কৰিব৷ ইয়াৰ জৰিয়তে পুষ্টিগত, আৰ্থিক দিশ, চিকিৎসা আৰু আনুষংগিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা হ’ব বুলি তেখেতে কয়৷ এই আঁচনিখন লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীক দিয়া প্ৰতিশ্ৰুতিৰ অংশ আছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেখেতে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ২০২০-২১ বৰ্ষৰ বাজেটৰ ভাষণত অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰা হৈছিল৷ স্বাৱলম্বিতা, আত্মবিশ্বাস আৰু এক উন্নয়নৰ বাৰ্তাৰে অসমখনক আগুৱাই লৈ যোৱাৰ বাবে এই আঁচনিখন প্ৰস্তুত কৰা হৈছিল বুলি তেখেতে কয়৷
অৰুণোদয় আঁচনিৰ দুটা পৰ্যায় সফলভাৱে ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ প্ৰায় ২৪.৬০ লাখ লোকক লাভান্বিত কৰা অৰুণোদয় ১.০ আৰু ২.০ৰ অভূতপূৰ্ব সফলতাৰ পাছত ১২ লাখতকৈও অধিক হিতাধিকাৰীৰ সংযোজনে জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব বুলি তেখেতে কয়৷
ক’ভিড মহামাৰীৰ সময়ত উদ্ভৱ হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে সহায় কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ প্ৰাৰম্ভিক পৰ্যায়ত হিতাধিকাৰীসকলে ৮৩০ টকা লাভ কৰিছিল৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত কৰা এক সমীক্ষাত অৰুণোদয় আঁচনিৰ দ্বাৰা এতিয়াও উপকৃত নোহোৱা ১০ লাখ পৰিয়ালক চিনাক্ত কৰা হৈছে৷ তদুপৰি কিমানসংখ্যক পৰিয়ালৰ মুৰব্বীৰ বাবে জীৱন বীমাৰ প্ৰয়োজন আৰু নিযুত মইনা আঁচনিৰ অধীনত সামৰি ল’বলগীয়া হিতাধিকাৰীৰ সংখ্যাৰ এক প্ৰতিচ্ছবি এই সমীক্ষাৰ জৰিয়তে পোহৰলৈ আহিছিল বুলিও তেখেতে কয়৷
অৰুণোদয় ৩.০ৰ অধীনত আনুমানিক ১২,৬০,০০০ পৰিয়ালে আৰ্থিক সাহায্য লাভ কৰিব আৰু প্ৰতিটো সমষ্টিত গড়ে ১০,০০০টা পৰিয়াল লাভান্বিত হ’ব৷ অৰুণোদয় ৩.০ৰ সুবিধা লাভ কৰিবলৈ অৰুণোদয় ১.০ আৰু ২.০ৰ হিতাধিকাৰীসকলে পুনৰ আবেদন কৰিব লাগিব৷ ইয়াৰ বাবে কেৱল ৰেচন কাৰ্ডধাৰীসকলহে যোগ্য হিচাপে বিবেচিত হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত অৰুণোদয় ৩.০ৰ কাৰ্যকৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ প্ৰস্তাৱ আগঢ়োৱা হৈছে৷ আনহাতে অৰুণোদয় ১.০ আৰু ২.০ৰ বৰ্তমানৰ হিতাধিকাৰীসকলে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোকৰ সুবিধা লাভ কৰিব পাৰিব৷
তেখেতে ব্যক্ত কৰে যে চৰকাৰৰ জনকল্যাণমূলক পদক্ষেপ, যেনে- অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড আদিয়ে ৰাজ্যখনৰ ৮০ লাখৰো অধিক পৰিয়ালক দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ (বিপিএল) পৰা উন্নীত কৰিছে৷
অৰুণোদয় ৩.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ বাবে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি (ডিএলএমচি) গঠন কৰা হ’ব৷