নতুন দিল্লীস্থিত অসম ভৱনৰ সভাকক্ষৰ পৰা যোৱা ১৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ কৰে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়, “আমাৰ চৰকাৰে ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল লাখ লাখ পৰিয়াললৈ অৰ্থনৈতিক আৰু পুষ্টি সংক্ৰান্তীয় সুৰক্ষা প্ৰদান কৰি আহিছে৷ এইসমূহৰ ভিতৰত ২০২০-২০২১ বৰ্ষৰ ৰাজ্যিক বিত্তীয় বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে বৰ্ণনা কৰা আঁচনিকেইখনৰ ভিতৰত অৰুণোদয় আঁচনিখন অন্যতম অগ্ৰণী হিচাপে পৰিগণিত হৈছে৷” তেখেতে লগতে কয় যে আঁচনিখনৰ এই নতুন সংস্কৰণটোৱে ইয়াৰ অধীনত প্ৰদান কৰা সুবিধাসমূহ অসমৰ আৰ্থিকভাৱে দুৰ্বল আৰু অৱহেলিত পৰিয়ালে লাভ কৰাটো সুনিশ্চিত কৰিব৷
অৰুণোদয় ২.০ৰ অধীনত নতুনকৈ মুঠ ১০.৫৪ লাখ হিতাধিকাৰী সংযোজন কৰা হৈছে আৰু সেইমৰ্মে সমগ্ৰ ৰাজ্যত এই আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি পাব৷
অৰুণোদয় আঁচনিখনৰ বাবে বছৰি মুঠ বিত্তীয় ব্যয় ৪,১৪২ কোটি টকা ধাৰ্য কৰা হৈছে আৰু সেয়েহে এই আঁচনিখন দেশৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি) আঁচনি হিচাপে পৰিগণিত হৈছে৷
অৰুণোদয়ৰ অধীনত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ’ব আৰু তেওঁলোকেও প্ৰতিমাহে ১,২০০ টকাকৈ লাভ কৰিব৷
মুখ্যমন্ত্ৰীয়ে জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটীসমূহৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি আঁচনিখন সুকলমে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলৈ আহ্বান জনায়৷
২০২৩ চনৰ ১ৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত ডি এল এম চিয়ে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত ২০ জানুৱাৰীৰ পৰা প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব৷ ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰ-পত্ৰসমূহ প’ৰ্টেলত আপল’ড কৰা হ’ব৷
অনুষ্ঠানত বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে আয়ুক্ত সচিব জয়ন্ত নাৰ্লেকাৰে অৰুণোদয় ২.০সন্দৰ্ভত এক আৰ্হি উপস্থাপন কৰে৷ অনুষ্ঠানত নতুন দিল্লীৰ প্ৰধান আৱাসী আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশীও উপস্থিত থাকে৷
শেহতীয়াকৈ আৰ্থিক অনুদানৰ প্ৰয়োজন নোহোৱা হিতাধিকাৰীসকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰি যোগ্যজনক আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে পুনৰীক্ষণৰ কাম হাতত লোৱা হৈছিল৷ বিত্ত বিভাগৰ এজন বিষয়াই কয় যে “চলিত বৰ্ষৰ ২০ আগষ্টৰ পৰা অৰুণোদয় মাহ পালন কৰাৰ লগতে ঘৰে ঘৰে জৰীপৰ জৰিয়তে হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰা হৈছিল যাতে তালিকাখনত কোনো ধৰণৰ ভূল-ত্ৰুটি ৰৈ নাযায় আৰু আঁচনিখনৰ অধীনত অধিক হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিব পৰা যায়৷”
২০২০ চনৰ ১ ডিচেম্বৰত আৰম্ভ হোৱা দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিখনৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীক মাহিলি ১,২৫০ টকাকৈ অনুদান আগবঢ়োৱা হৈছিল৷ ৰাজ্য চৰকাৰৰ ১৮খন ধ্বজাবাহী আঁচনিৰ ভিতৰত অৰুণোদয় আঁচনিখন হ’ল অন্যতম৷ প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ অধীনত আৰ্থিক অনুদান জমা কৰা হয়৷