‘তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ’ ।
-জ্যোতিপ্ৰসাদ আগৰৱালা
ৰামধেনু সদৃশ বৰণীয়া অসমৰ সমাজ জীৱন। পণ্ডিত ডিম্বেশ্বৰ নেওগদেৱে কোৱাৰ দৰে যেন ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’। ইয়াৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰে আছে নিজস্ব কৃষ্টি-সংস্কৃতি। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা ইয়াৰ অধিবাসীসকলে নিজস্ব পৰম্পৰা জীয়াই ৰাখিও যুগ বিৱৰ্তনৰ সৈতে খাপ খুৱাই এই সংস্কৃতিক ঐতিহ্যৰ ধাৰক আৰু বাহক হিচাপে উজলি আছে ।
ত্ৰয়োদশ শতিকাত পাটকাই পৰ্বত পাৰ হৈ মহামতি ছ্যু-কা-ফাই সৌমাৰপীঠত প্ৰৱেশ কৰাৰ পাছত অসমত সমন্বয়ৰ এক নতুন বাতাৱৰণ গঢ় লৈ উঠে । সাতৰাজ সামৰি একৰাজ কৰি ছ্যু-কা-ফাই সকলোকে এক শাসন ব্যৱস্থাৰ তললৈ আনি এই ভূখণ্ডৰ ভূমিপুত্ৰসকলৰ মাজত ঐতিহ্য-সংস্কৃতিৰ আদান প্ৰদানৰ সূচনা কৰে আৰু এনেদৰে এক বৃহত্তৰ সমাজৰ ভেটি গঢ় লৈ উঠে। এই সমাজখনেই হৈছে ‘অসমীয়া সমাজ’।
পঞ্চদশ শতিকাত গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ অংশ হিচাপে অসমৰ সংস্কৃতিত এক নৱ উত্তৰণৰ সূচনা হ’ল। গুৰুজনাই সাংস্কৃতিক সমন্বয়ৰে গীত, পদ, নাট-ভাওনা, বাদ্য-নৃত্য আদিৰ সংৰচনাৰে অসমৰ সমাজ জীৱনক সাংস্কৃতিকভাৱে সমৃদ্ধৰূপত গঢ়ি থৈ গ’ল। সেই সংস্কৃতিৰ বন্তিগছি বৰাক-ব্ৰহ্মপুত্ৰৰ পাৰত বিভিন্নজনৰ হাতত নজহা-নপমাকৈ বৰ্তি আছে ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছত তেৰাৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱ প্ৰমুখ্যে ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা সকলৰ দিনতো সেই ধাৰা অব্যাহত থাকিল ।
পৰৱৰ্তী কালত ব্ৰিটিছ আমোলত পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, পাৰ্ৱতিপ্ৰসাদ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, মঘাই ওজাৰ দৰে কৃতবিদ্য শিল্পী-সাহিত্যিকসকলে অসমীয়া সংস্কৃতিক আধুনিক উপাদানেৰে সমৃদ্ধ কৰিছিল। ইয়াৰ পাছত ড০ ভূপেন হাজৰিকা, ড০ মহেশ্বৰ নেওগ, ৰসেশ্বৰ শইকীয়া বৰবায়ন আদিয়ে অসমীয়া সংস্কৃতিক বিশ্বায়নৰ দিশে আগবঢ়াই লৈ যায় । যাৰ বলতেই অসমৰ শিল্পীয়ে আজি পৃথিৱীৰ দেশে দেশে অসমৰ সংস্কৃতিৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে ।
অসমৰ সাম্প্ৰতিক ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিকদৰ্শনত অসমৰ জনগণক সৰ্বদিশত প্ৰগতিৰ জখলাৰে আগুৱাই নিবলৈ বিচাৰিছে। শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, উদ্যোগ আদি ক্ষেত্ৰসমূহত চৰকাৰখনে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। একেদৰেই সাংস্কৃতিক ক্ষেত্ৰতো আমাৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা সুপ্ত প্ৰতিভা সকলক বিচাৰি উলিয়াই এখন মঞ্চ প্ৰদানৰ বাবে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪’ আয়োজন কৰা হৈছে। এই পদক্ষেপ হৈছে চৰকাৰখনৰ এই উন্নয়নমুখী চিন্তাৰে এক প্ৰতিফলন। ৰাজ্যখনৰ গাঁৱে-ভূঞে থকা প্ৰতিভাশালী শিশু আৰু যুৱ চামক পাদ প্ৰদীপত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
অসম সাংস্কৃতিক মহাসংগ্ৰাম যেন এক বিশ্বমুখী আলোকময় যাত্ৰা। অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ত জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগতে দলীয় বিহুনৃত্য আৰু অসমৰ লোকনৃত্য (দলীয়)ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে।
এই প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত কৰা হৈছে। ক শাখাত ১২-১৮ বছৰ বয়সলৈ, খ শাখাত ১৯-২৪ বছৰ আৰু গ শাখাত ২৫ৰপৰা ৩৫ বছৰ বয়সলৈ । পাঁচটা পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত, ৱাৰ্ড, ভিচিডিচি/ এমএচিত ১০ নৱেম্বৰৰপৰা ৩০ নবেম্বৰ ২০২৩লৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । এই পৰ্যায়ত প্ৰায় সাত লাখ ৬২ হেজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিছে ।
বিধান সভা পৰ্যায়ৰ প্ৰতিযোগিতা ৫ ডিচেম্বৰৰপৰা ২০ ডিচেম্বৰ, ২০২৩লৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা ২ জানুৱাৰীৰপৰা ২০ জানুৱাৰী ২০২৪লৈ, ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা ২৮ জানুৱাৰীৰপৰা ৬ ফেব্ৰুৱাৰী, ২০২৪লৈ আৰু চূড়ান্ত প্ৰতিযোগিতা ৭ ফেব্ৰুৱাৰী, ২০২৪ত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ।
পঞ্চায়ত, ৱাৰ্ড, ভিচিডিচি/ এমএচি পৰ্যায়ত স্থান লাভ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। বিধান সভা সমষ্টি আৰু জিলা পৰ্যায়ত প্ৰমাণপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ’ব। একেদৰে ৰাজ্যিক পৰ্যায়ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপকে ক্ৰমে এক লাখ, ৭৫ হেজাৰ আৰু ৫০ হেজাৰ টকাৰ পুৰস্কাৰ ধন লাভ কৰিব।
ঘাইকৈ ৰাজ্যৰ শিশুৰপৰা যুৱ চামৰ মাজত আত্মবিশ্বাস দৃঢ় কৰাৰ আৰু নিজকে আৱিষ্কাৰ কৰাৰ এখনি মঞ্চ প্ৰদানৰ বাবেই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে ।
এনেধৰণৰ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীকে ধৰি যুৱ চামৰ মাজত সৃজনীশীল মনোবৃত্তি গঢ় লৈ উঠাতো সহায় কৰে। এই প্ৰতিযোগিতাই অংশগ্ৰহণকাৰীসকলক বৌদ্ধিকভাৱে তেওঁলোকৰ চিন্তন অথবা মননক সবল কৰি তোলাৰ লগতে আত্মবিশ্বাসো দুগুণে বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে। তদুপৰি নতুন প্ৰজন্মৰ মাজত ‘জ্যোতি সংগীত’, ‘বিষ্ণু ৰাভা সংগীত’ ‘ভূপেন্দ্ৰ সংগীত’ আৰু ‘ৰবীন্দ্ৰ সংগীত’ৰ লগতে বিহুনৃত্য আৰু অসমৰ পৰম্পৰাগত লোকনৃত্য আদিৰ চৰ্চা ক্ৰমে হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে। এই পদক্ষেপে নৱপ্ৰজন্মক সেইসকল মহান মনীষাক পুনৰ আৱিষ্কাৰ কৰাৰ অৱকাশ প্ৰদান কৰাৰ লগতে তেওঁলোকে আমাৰ বৰ্ণাঢ্য তথা সমৃদ্ধ লোকনৃত্য পৰম্পৰাৰ পৰিচয়ো লাভ কৰিব। আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন অসম সাংস্কৃতিক মহাসংগ্ৰামে পুনৰ জীপাল কৰি তুলিব বুলি আমাৰ ধাৰণা হয়।