ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থাটোক অধিক কাৰ্যক্ষম কৰাটো হৈছে ডO হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনৰ এক অন্যতম প্ৰধান লক্ষ্য। এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰখনে বিভিন্ন ই-গভৰ্নেন্স কাৰ্যসূচী হাতত লৈছে। তেনে এক বিশেষ পদক্ষেপ হৈছে অসম লোকসেৱা অধিকাৰ (ARTPS) প’ৰ্টেল।
অসম লোকসেৱা অধিকাৰ (সংশোধন) আইন, ২০১৯ৰ অধীনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৭ অক্টোবৰ, ২০২১ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ARTPS পৰ্টেলটো মুকলি কৰিছিল। ৰাইজে সঠিক সময়ৰ ব্যৱধানত উন্নতমানৰ চৰকাৰী সেৱা লাভ কৰাটো প’ৰ্টেলটোৱে সুনিশ্চিত কৰিছে।
‘নাগৰিক প্ৰথম’ – এই লক্ষ্যক সাৰ্থক কৰি চৰকাৰী সেৱা আৰু নাগৰিকৰ মাজৰ দূৰত্ব এই প’ৰ্টেলে হ্ৰাস কৰিছে। অসম লোকসেৱা অধিকাৰ (ARTPS) প’ৰ্টেলৰ জৰিয়তে এতিয়া ঘৰত বহিয়ে কোনো নাগৰিকে নথিভুক্ত সেৱাসমূহৰ বাবে আবেদন কৰিব পাৰে আৰু আবেদনৰ শেহতীয়া স্থিতিও জানিব পাৰে।
এই প’ৰ্টেলৰ জৰিয়তে কোনো ব্যক্তিয়ে বিভাগসমূহৰ দ্বাৰা মনোনীত বিষয়া(DPS)ৰ পৰা আবেদন সম্পৰ্কীয় এছ এম এছো লাভ কৰিব পাৰে। যদি কোনো নাগৰিকে চৰকাৰী সেৱা নিৰ্ধাৰিত সময়ৰ ভিতৰত নাপায় তেন্তে কৰ্তৃপক্ষৰ ওচৰত তেখেতে আপীল জনাব পাৰে আৰু যদি সদুত্তৰ নাপায় তেন্তে দ্বিতীয়বাৰ আপীল কৰাৰো সুবিধা আছে।
প্ৰথম পৰ্যায়ত সাতটা বিভাগৰ ৫৪টা সেৱা আৰু তিনিখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল (BTR), ডিমা হাছাও স্বায়ত্তশাসিত ক্ষেত্ৰীয় পৰিষদ (DHATC) আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক (KAAC) এই প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। অসম লোকসেৱা অধিকাৰ আইনৰ অধীনত ৭ অক্টোবৰ, ২০২১ৰপৰা এতিয়ালৈকে ৮,৯২,৭৮২খন আবেদন লাভ কৰা হৈছে আৰু ৮,০৮,২৬৮খন আবেদনৰ নিষ্পত্তি কৰা হৈছে।