অসম আৰু মেঘালয়ৰ মাজত সুসম্পৰ্ক স্থাপন কৰি সীমা বিবাদ সমস্যাৰ এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ লক্ষ্যৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে জুন মাহত কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ বিবদমান এলেকাসমূহ পৰিদৰ্শন কৰিব৷
সংবিধানৰ উদ্দেশ্য আৰু মনোভাবক সন্মান জনাই সীমা বিবাদ সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে জিলা দুখনৰ ৰাইজৰ সৈতে আলোচনাৰ মাধ্যমেৰে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷
আন্তঃৰাজ্যিক সীমা বিবাদ বিষয়ক আলোচনাক এক নতুন গতি প্ৰদান কৰি দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ হেতুকে গঠন কৰা আঞ্চলিক সমিতিসমূহেও জিলা দুখনৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ ল’ব৷
অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত ২৪ মে’ত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়৷ বৈঠকত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই অমীমাংসিত সীমা সমস্যাসমূহৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু বিশ্বাসৰ ভেটি সুদৃঢ. কৰি দুয়োখন ৰাজ্যৰ অমীমাংসিত সীমা সমস্যাৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ আলোচনা, পাৰস্পৰিক আস্থা আৰু আত্মবিশ্বাসৰ জৰিয়তে আন্তঃৰাজ্যিক সীমা সমস্যাই শীঘ্ৰেই সমাধান লাভ কৰিব৷”
বৈঠকত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, জলসম্পদ আৰু অন্যান্য বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷