• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, April 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

অসম মালা : পথ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণত মাইলৰ খুঁটি

659

AB Bureau by AB Bureau
March 2, 2023
in অনিৰুদ্ধ অসম, অসমীয়া, প্ৰথম পৃষ্ঠা
0
0
অসম মালা : পথ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণত মাইলৰ খুঁটি

পলাশবাৰীৰপৰা মিৰ্জা হৈ চানডুবিলৈ কৰা যাত্ৰা এতিয়া কেৱল নৈসৰ্গিক সৌন্দৰ্য উপভোগৰ বাবেই নহয়, চহৰখনৰ উন্নয়নৰ ক্ষেত্ৰতো ঘাইপথ পৰ্যায়ৰ পথটো যাত্ৰীসকলৰ বাবে চৰ্চাৰ এক নতুন বিষয় হৈ পৰিছে৷ নিৰ্ধাৰিত দুবছৰৰ সময়সীমাৰ বহু আগতেই সম্পূৰ্ণ হোৱা এই পথটোৰ নিৰ্মাণকাৰ্যৰ মান দেশৰ আন ঘাইপথসমূহৰ দৰেই উচ্চ পৰ্যায়ৰ৷ ২২২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত ২৭.২৯ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটো অসম চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ অসম মালা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছে৷

ৰাজ্যৰ দ্ৰুত বিকাশ আৰু প্ৰগতিত ইন্ধন যোগোৱাৰ লগতে বহনক্ষম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি পথ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ ক্ষেত্ৰত অসম মালা এখন জনমুখী আঁচনি৷

পলাশবাৰী নিবাসী অনিল কলিতাই(৫৮) পথটোৰ নিৰ্মাণকাৰ্যৰ প্ৰশংসা কৰি অসম বাৰ্তাৰ প্ৰতিনিধিক কয়, “এই পথটো নিৰ্মাণৰ পাছত আমি বহুতো ইতিবাচক পৰিৱৰ্তন দেখিছোঁ৷ পথটোৰ উত্তৰ দিশত মাত্ৰ কেইমিটাৰমান আঁতৰত বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ৷ তদুপৰি হুদুমপুৰ এতিয়া জনপ্ৰিয় ছেলফি পইণ্ট হোৱাৰ লগতে এক জনপ্ৰিয় বনভোজস্থলী হিচাপে পৰিগণিত হৈছে৷ ভূমিৰ মূল্য বহুগুণে বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোত বিনিয়োগৰ পৰিমাণো বৃদ্ধি হৈছে৷ আমি এই বৃহত্তৰ অঞ্চলটোৰ অধিক উন্নয়ন আশা কৰিছোঁ৷”

মিৰ্জা চ’কত এখন ফাৰ্মাচী পৰিচালনা কৰা কবীন্দ্ৰ চন্দ্ৰ কলিতাৰ মতে তেখেতে অঞ্চলটোত অভূতপূৰ্ব উন্নয়ন প্ৰত্যক্ষ কৰিছে৷ “উন্নয়নৰ বাটেৰে মিৰ্জা চ’ক এতিয়া ক্ষিপ্ৰগতিত নগৰলৈ পৰিণত হৈছে৷ যোৱা ২০ বছৰত এই অঞ্চলত এতিয়াৰ দৰে ব্যৱসায়িক কাৰ্যকলাপ দেখা নাই৷ পথ নিৰ্মাণৰ পাছত এই অঞ্চলত ব্যৱসায়িক ক্ষেত্ৰখনৰো বিকাশ পূৰ্বতকৈ অধিক হৈছে,” তেখেতে কয়৷

পথ আৰু আন্তঃগাঁথনিৰ উন্নীতকৰণেৰে অৰ্থনৈতিক বিকাশ সাধনৰ দৃষ্টিভংগীৰে বিভাগৰ অধীনত এই কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

“অসম মালা আঁচনিৰ অধীনত কেৱল পথ যোগাযোগ ব্যৱস্থা উন্নীত কৰাই নহয়, অৰ্থনৈতিক দিশৰো সামগ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰে ৰাজ্যৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে,” লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা তথা অসম মালা প্ৰকল্পৰ ন’ডেল বিষয়া দিগন্ত গোস্বামীয়ে কয়৷

অসম মালা প্ৰকল্পৰ কাৰ্যসূচীসমূহ পৰিকল্পনা কৰাৰ সময়ত উল্লিখিত উদ্দেশ্যসমূহক সাকাৰ ৰূপ দিয়াটোও অন্যতম লক্ষ্য আছিল৷ এই প্ৰকল্প কেৱল ৰাজ্য চৰকাৰৰ এক অভিলাষী আৰু দীৰ্ঘম্যাদী পথ আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচী নহয়, ইয়াৰ পৰিসৰৰ অধীনত কেইবাটাও বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প (ইএপি)ও অন্তৰ্ভুক্ত কৰা হৈছে৷ ইয়াৰ অধীনত থকা কেইটিমান উল্লেখনীয় প্ৰকল্প হ’ল- এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ সাহায্যপ্ৰাপ্ত অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্প (এআৰএনআইপি), এছিয়ান আন্তঃগাঁথনি বিনিয়োগ বেংকৰ সাহায্যপ্ৰাপ্ত অসম মাধ্যমিক পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্প (এএছআৰআইপি) ইত্যাদি৷ এই সকলোবোৰ প্ৰকল্পৰে লক্ষ্য কেৱল দ্ৰুত পথ যোগাযোগ ব্যৱস্থা তথা জীৱন ধাৰণৰ মান উন্নীতকৰণেই নহয়, এই প্ৰকল্পসমূহে অসম চৰকাৰৰ কামৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাসকো প্ৰতিফলিত কৰিছে৷

লোহাৰঘাট চৰকাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক হৰেণ চন্দ্ৰ নাথে চৰকাৰৰ এই কাৰ্যৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে৷ “এতিয়া আমাৰ ৰাস্তা-ঘাট পূৰ্বতকৈ বহুগুণে উন্নত হৈছে৷ মোৰ দৃঢ় বিশ্বাস যে চানডুবিৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ যোৱা এই পথটোৱে উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াব৷ আমি ইয়াত বিনিয়োগকাৰীসকলক ভূমিৰ সন্ধান কৰি থকা দেখিবলৈ পাওঁ৷ বহু শৈক্ষিক প্ৰতিষ্ঠানে আমাৰ অঞ্চলত তেওঁলোকৰ চৌহদ স্থাপনৰ চিন্তা-চৰ্চাও কৰিছে৷ ৰাজ্যৰ আন আন প্ৰান্ততো এনেধৰণৰ উন্নয়নমূলক কাৰ্যই থিতাপি ল’ব বুলি মই নিশ্চিত,’’ তেখেতে কয়৷

ৰাভা জনগোষ্ঠীপ্ৰধান দেওপানী গাঁওখন তামোল, আদা আৰু ঝাড়ুৰ অন্যতম প্ৰাণকেন্দ্ৰ৷ স্থানীয় বাসিন্দাৰ পৰা জানিব পৰা গৈছে যে এই অঞ্চলতো তেওঁলোকৰ আয়ৰ পৰিমাণ আৰু বিক্ৰী পূৰ্বতকৈ বৃদ্ধি পাইছে৷ এই পথটোৱে বৃহত্তৰ দেওপানী আৰু লোহাৰঘাট অঞ্চলৰপৰা বালি ভৰ্তি ট্ৰাক অন্য ঠাইলৈ লৈ যোৱাৰ ক্ষেত্ৰত কমল ৰাভা (৪০)ৰ দৰে লোকসকলক বহুপৰিমাণে সহায় কৰিছে, যি কিছু মাহ পূৰ্বে কল্পনাৰো অগোচৰ আছিল৷ একে সময়তে এখন ধাবাৰ স্বত্বাধিকাৰ ৰবিনৰো আয় প্ৰায় দুগুণ বৃদ্ধি পাইছে৷

ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ(পলাশবাৰী-মিৰ্জা) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে কয় যে সমগ্ৰ পথটো অতি সাৱধানতাৰে নিৰ্মাণ কৰা হৈছে৷ তেওঁ সুখী যে স্থানীয় ৰাইজে অসম মালা প্ৰকল্পৰ ৰূপায়ণৰ ফলত যথেষ্ট উপকৃত হৈছে৷

ShareTweetShare

Related Posts

এখন সৰ্বাংগসুন্দৰ বাজেট

এখন সৰ্বাংগসুন্দৰ বাজেট

April 1, 2023
0
ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট
অসম বাজেট বিশেষ

ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট

April 1, 2023
0
বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা
সম্পাদকীয়

বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা

April 1, 2023
0
ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ
বিশেষ বাৰ্তা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ

April 1, 2023
0
অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ
বাটকটীয়া

অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ

April 1, 2023
0
বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪
অসম বাজেট বিশেষ

বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪

April 1, 2023
0
Load More

By Categories

  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In