অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৭৮ কিল’মিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত নলবাৰী জিলাৰ নিজ বাঁহজানী গাঁও। গাঁৱৰ সৰহভাগ ৰাইজে কৃষি আৰু ইয়াৰ আনুষংগিক কাম-কাজেৰে জীৱন নিৰ্বাহ কৰি আছে। মাইক্ৰ’ফাইনেন্সৰ ঋণ লৈ বহু বছৰ ধৰি চিন্তাৰ মাজত কটোৱা বাঁহজানীৰ বাসিন্দা জোনমণি ডেকা (৩৮)ৰ দৰে হিতাধিকাৰীসকলৰ ঋণ মাফ কৰাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাত এতিয়া তেওঁলোকে যথেষ্ট সকাহ পাইছে।
ৰ্গাঁৱৰ বেছিভাগ মহিলাৰ দৰেই আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে জোনমণিয়ে মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা (MFI) ঋণ ল’বলগীয়া হৈছিল। তেওঁ কয় “প্ৰাৰম্ভিক অৱস্থাত মই সময়মতে কিস্তিবোৰ পৰিশোধ কৰি আছিলোঁ, কিন্তু পিছলৈ শাক-পাচলিৰ ব্যৱসায়ত মই লোকচানৰ সন্মুখীন হওঁ আৰু তেতিয়াৰে পৰা সময়মতে ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবে ঋণৰ বোজা বাঢ়িবলৈ আৰম্ভ কৰিছিল”, তেওঁ লগতে জনায় “মোক MFI প্ৰতিনিধিয়ে ঋণ পৰিশোধৰ বাবে বাৰে বাৰে হেঁচা দিবলৈ আৰম্ভ কৰিলে। মই একো উপায় বিচাৰি পোৱা নাছিলো আৰু তেনে সময়তে চৰকাৰখনে আমাৰ দৰে ঋণগ্ৰস্ত মহিলাক সকাহ দিবলৈ আগবাঢ়ি আহিল।” এতিয়া তেওঁ ঋণৰ বোজাৰ পৰা মুক্ত হ’ব পাৰিছে আৰু তাৰ বাবে তেখেতে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১খন (AMFIRS)ৰ বিশেষ প্ৰশংসা কৰে।
এই আঁচনিৰ সুবিধা লাভ কৰা কেৱল জোনমণিয়ে গাঁওখনৰ একমাত্ৰ মহিলা নহয়। একেখন গাঁৱৰে দীপ্তিৰাণী কলিতাও এই আঁচনিখনৰ ফলত উপকৃত হৈছে। দীপ্তি, জোনমণি বা আন এগৰাকী মহিলা শেৱালি দাস ডেকাৰ দৰে জিলাখনৰ শ শ মহিলাই এই আঁচনিৰ জৰিয়তে আৰ্থিক সকাহ লাভ কৰিছে। “আজি আমাৰ মূৰৰ ওপৰত কোনো ঋণৰ বোজা নাই। আমাৰ গাঁওখনৰ বহুকেইগৰাকী মহিলা এই আঁচনিখনৰ পৰা লাভান্বিত হৈছে। যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ড° হিমন্ত বিশ্ব শৰ্মাই আমাক মাইক্ৰ’ফাইনেন্স ঋণৰ বোজাৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে”, জোনমণিয়ে কয়।
মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰখনৰ প্ৰথম কেবিনেট বৈঠকত ৰাজ্যিক গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘলৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হয় যাতে শাসকীয় মিত্ৰজোঁটে নিৰ্বাচনৰ সময়ত দিয়া মাইক্ৰ’ফাইনেন্স ঋণৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে।
সেই অনুসৰি, ৰাজ্যখনৰ নিম্ন উপাৰ্জনক্ষম আৰু দৰিদ্ৰ পৰিয়ালৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ সময়ত সহায় কৰাৰ বাবে ক্ষুদ্ৰ-ঋণ প্ৰদানৰ ধাৰাবাহিকতা অটুট ৰখাৰ উদ্দেশ্যে AMFIRSৰ পৰিকল্পনা কৰা হৈছিল আৰু একে সময়তে বিভিন্ন কাৰণবশতঃ ঋণৰ বোজা বহন কৰি থকা যোগ্য গ্ৰাহকসকলক আঁচনিখনে সকাহ প্ৰদান কৰিছে।
অসম চৰকাৰৰ বিত্ত বিভাগে যোৱা বছৰৰ ২৪ আগষ্টত AMFIRS, ২০২১ কাৰ্যকৰী কৰাৰ বাবে ৩৮টা ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।
যোৱা ২৮ নৱেম্বৰত শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে আঁচনিখনৰ উন্মোচন কৰে। উল্লেখযোগ্য যে মাইক্ৰ’ক্ৰেডিট আঁচনিৰ অধীনত ঋণগ্ৰহণকাৰী মহিলাসকলক এনেদৰে সকাহ প্ৰদান কৰা অসম হৈছে দেশৰ একমাত্ৰ ৰাজ্য।
আঁচনিখনৰ অধীনত, তিনিটা পৃথক ঋণদাতাৰ পৰা ১.২৫ লাখ টকালৈকে ঋণ লাভ কৰা সকলো ঋণগ্ৰহণকাৰীকে সাঙুৰি লোৱা হয়। ৰাজ্য চৰকাৰে সময়মতে ঋণ পৰিশোধ কৰা প্ৰথম শ্ৰেণীৰ প্ৰায় ১১ লাখ ক্ষুদ্ৰ ঋণগ্ৰহণকাৰীক প্ৰদান কৰিবলগীয়া ২৫০০০ টকাৰ উদগনিমূলক সকাহৰ বাবে ২,০০০ কোটি টকা মুকলি কৰিবলৈ অনুমোদন জনাইছে।
দ্বিতীয় শ্ৰেণীত, যিসকল ঋণগ্ৰহণকাৰীয়ে ৮৯ দিনলৈকে নিজৰ কিস্তি আদায় কৰিব পৰা নাই, তেওঁলোকৰ বকেয়া কিস্তি চৰকাৰে পৰিশোধ কৰিব। এনে মুঠ ৬ লাখ ঋণগ্ৰহণকাৰীকো চৰকাৰে সঠিক সময়ত ঋণ পৰিশোধ কৰাৰ বাবে উদগনিমূলক সকাহ প্ৰদান কৰিব।
তৃতীয় শ্ৰেণীত আছে অ-কাৰ্যক্ষম সম্পদ (NPA) হৈ পৰা একাউণ্টৰ ঋণগ্ৰহণকাৰীসকল।
এই আঁচনিখন ৩১ মাৰ্চ, ২০২৩ লৈ প্ৰযোজ্য হ’ব।