চলিত বৰ্ষৰ ৯ জুনত অনুষ্ঠিত হয় অসম বিধান সভাৰ এদিনীয়া অধিৱেশন। অধিৱেশনৰ আৰম্ভণিতে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে চলিত বৰ্ষত দেহাৱসান ঘটা অসমৰ কেইবাগৰাকী স্বনামধন্য ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত আৰু বানৰ সময়ত প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাই বিদেহ আত্মাৰ সদ্গতি কামনাৰে অধিৱেশনত মৌনতা অৱলম্বন কৰা হয়।
অধিৱেশনৰ সাময়িক কাৰ্যসূচীত মৃত্যু প্ৰসংগৰ লগতে কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা, চৰকাৰী সংকল্প প্ৰস্তাৱ আৰু আন চৰকাৰী কাৰ্যক অন্তৰ্ভুক্ত কৰা হয়।
ডিব্ৰুগড় বিমানবন্দৰক ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মূলতঃ এই অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু বিধান সভাৰ অধ্যক্ষগৰাকীয়ে সকলোৰে সন্মতি সাপেক্ষে গৃহীত কৰে এই প্ৰস্তাৱ।
ভাৰত ৰত্নগৰাকীৰ জীৱন কৃতি আৰু কৰ্মৰাজিৰ প্ৰচাৰ-প্ৰসাৰেৰে জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ অসম কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল এক বিশেষ সিদ্ধান্ত । এই সিদ্ধান্ত অনুসৰি জন্ম শতবৰ্ষ উদযাপন সমিতি গঠন, পাঁচখন স্থানত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন, জীৱনী প্ৰকাশ কৰি বিভিন্ন ভাষালৈ অনুবাদ, তথ্যচিত্ৰ নিৰ্মাণ, স্মৃতি মুদ্ৰা মুকলি আদিৰ লগতে অসমৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ নাম মহান ব্যক্তিসত্তাগৰাকীৰ নামেৰে নামকৰণ কৰাৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল।
এই সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা জন্ম শতবৰ্ষ উদযাপনৰ মূল সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।
মুখ্যমন্ত্ৰীয়ে প্ৰথমখন বৈঠকৰ প্ৰস্তাৱসমূহৰ কথা বিধান সভাৰ মজিয়াত ব্যক্ত কৰে। তেখেতে কয়, “সুধাকণ্ঠৰ জীৱনী ২৩টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা হ’ব। এই জীৱনীখন দেশৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু পুথিভঁৰাললৈ প্ৰেৰণ কৰা হ’ব। তদুপৰি অসমৰ যুৱপ্ৰজন্মক সুধাকণ্ঠৰ জীৱনৰ বিষয়ে জানিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে ১০ লাখ পৰিয়াললৈ প্ৰতিলিপি প্ৰেৰণ কৰা হ’ব।”
তেখেতে লগতে কয় যে কলম্বিয়া বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ এটি অনুষ্ঠান আয়োজন কৰাৰ লগতে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰাৰ বাবে বৈঠকত পৰামৰ্শ আগবঢ়োৱা হৈছিল আৰু এনে বহু পৰামৰ্শ কাৰ্যকৰীকৰণ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে বিধান সভাৰ মজিয়াত সদৰী কৰে।

এদিনীয়া অধিৱেশনৰ মূল লক্ষ্যক সাকাৰ ৰূপ দিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আপোনালোকক পৰম আনন্দেৰে জনাব বিচাৰিছোঁ— অসম বিধান সভাই ডিব্রুগড় বিমানবন্দৰক ড° ভূপেন হাজৰিকা বিমানবন্দৰ হিচাপে নতুন নামকৰণৰ প্রস্তাৱত অনুমোদন জনাইছে। এয়া বিশ্ব বৰেণ্য শিল্পীজনাৰ প্রতি এক বিনম্র শ্রদ্ধাঞ্জলি।”
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়টো বিধান সভাৰ মজিয়াত উত্থাপিত হয়। এই সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬গৰাকীৰ ভিতৰত ২৫গৰাকীৰ বাসগৃহত অসম মন্ত্ৰীসভাৰ সদস্য উপস্থিত হৈ ৫ লাখকৈ টকা আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
এই সন্দৰ্ভত এক প্ৰস্তাৱ দাঙি ধৰা হয়। পাকিস্তান আৰু পাক অধিকৃত সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰসমূহক লক্ষ্য কৰি ভাৰতীয় সম্পত্তিৰ হানি-বিঘিনি নোহোৱাকৈ অটল নিষ্ঠা, দক্ষতা আৰু কৌশলেৰে সন্ত্ৰাসবাদক ৰোধ কৰি ভৱিষ্যতে হ’ব পৰা এনে ভাবুকি দূৰ কৰাৰ বাবে চলোৱা অপাৰেশ্যন সেন্দূৰ অভিযানৰ সফলতাৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু ভাৰত চৰকাৰক সদনে অভিনন্দন জনোৱাৰ এক প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়।
তদুপৰি সদনৰ মজিয়াত আন এটি বিষয়ৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয়, “তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে ক’ব খোজোঁ যে সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমান বন্দৰকো জ্যোতি-বিষ্ণু বিমান বন্দৰ হিচাপে নামকৰণ কৰাৰ প্ৰস্তাৱ বিধান সভাৰ মজিয়ালৈ লৈ আনিম।”
তদুপৰি পলাশবাৰীৰ ছেটেলাইট টাউনশ্বিপৰ বাবে মাষ্টাৰপ্লেন কৰা, খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অধিৱেশনত জল জীৱন মিছনৰ সন্দৰ্ভত আলোচনা কৰি ইয়াৰ বৰ্তমানৰ স্থিতিৰ মূল্যায়ন কৰা হয়।
তদুপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ায়। তেখেতে কয়, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে এটি ৰায়দান দিয়ে। নাগৰিকপঞ্জীৰ তথ্যসমূহ সুৰক্ষিত কৰাৰ পাছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এন আৰ চিৰ তথ্যখিনি সুৰক্ষিত কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। অহা ৮-১২ মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ এটি এজেন্সীৰ সহায়ত আমি তথ্যবোৰ সুৰক্ষিত আৰু সংৰক্ষিত কৰিব পাৰিম।”










