বিত্তমন্ত্ৰীয়ে স্বচ্ছতা অভিযানৰ সৈতে সংগতি ৰাখি ১০০ শতাংশ বাসগৃহত আৱৰ্জনা সংগ্ৰহ, আৱৰ্জনাৰ পৃথকীকৰণ, গোটা জাবৰ সংসাধন প্ৰকল্প স্থাপন আৰু কাৰ্যকৰীকৰণ, পুৰণি আৱৰ্জনা নিষ্কাশণ, অনাময় ব্যৱস্থাপনা আৰু ব্যৱহৃত পানীৰ ব্যৱস্থাপনা প্ৰকল্প আদিৰ দৰে স্বচ্ছতামূলক সূচাংকৰ ভিত্তিত জিলাসমূহৰ স্থান নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়ে৷
উৎকৃষ্টতম জিলা পদক্ষেপৰ অধীনত আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে ১০০ কোটি টকাৰে পুৰস্কৃত কৰা হ’ব আৰু এই পুঁজিৰ ধন জিলা উপায়ুক্তলৈ হস্তান্তৰ কৰা হ’ব৷
শান্তি চুক্তি ৰূপায়ণ
আদিবাসী চুক্তিৰ ৩.১ দফা অনুসৰি, পৰ্যাপ্ত বিত্তীয় আবণ্টনেৰে এখন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব৷
অসম আৰক্ষী জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতি (APEMS) – ডায়েল-১১২
ডায়েল-১১২ প্ৰকল্পক সম্পূৰ্ণৰূপে ন-ৰূপ প্ৰদান কৰি বিশ্বমানৰ অসম আৰক্ষী জৰুৰীকালীন ব্যৱস্থাপনা পদ্ধতি (APEMS) সৃষ্টিৰ জৰিয়তে ইয়াৰ উপলব্ধতা আৰু সৰ্বব্যাপকতা বৃদ্ধি কৰাৰ সংকল্প৷
আৰক্ষীৰ বাবে আন্তঃগাঁথনি শক্তিশালীকৰণ
অসম চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷
সু-স্বাস্থ্যৰে সমৃদ্ধি
ৰাজ্যৰ চিকিৎসালয়সমূহলৈ ১,০০০খন নতুন এম্বুলেন্স যোগান, জ্ঝখন নতুন বি এছচি নাৰ্ছিং কলেজ স্থাপন, প্ৰবাসী ভাৰতীয় আৰু বিদেশত থকা অসমীয়াৰ বাবে স্নাতক চিকিৎসা শিক্ষাৰ আসন সংৰক্ষণ৷
কেবিনেট আউটৰিচ্ কাৰ্যসূচী
কেবিনেট বৈঠকসমূহত গৃহীত প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে চলিত বৰ্ষত কেবিনেট আউটৰিচ্ কাৰ্যসূচীৰ বাবে ৫০০ কোটি টকাৰ আবণ্টন৷
অনা-উড়ান বায়ুপথৰ বাবে ভায়েবিলিটি গেপ ফাণ্ডিং
বিভিন্ন গুৰুত্বপূৰ্ণ যাতায়াত ব্যৱস্থা সহজসাধ্য আৰু সুচল কৰি তোলাৰ বাবে ‘অনা-উড়ান’ বায়ুপথত কম খৰচত বিমান চলাচলৰ ব্যৱস্থা কৰা হৈছে৷
বাণিজ্যিক গছপুলি ৰোপণ
সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণৰ বাবে আঁচনি ঘোষণা৷
সেউজ শক্তিৰ ওপৰত বিদ্যুৎ শুল্ক ৰেহাই
নিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে নবীকৰণযোগ্য উৎসৰপৰা শক্তি উৎপাদনৰ ক্ষেত্ৰত বিদ্যুৎ শুল্ক ৰেহাই৷
বৈদ্যুতিক বাহন (EV) নীতি
বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকললৈ পঞ্জীয়ন মাচুল ৰেহাইসহ ২ শতাংশ যান-বাহন কৰ ৰেহাই৷
জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কৰ্মপন্থা
জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে ভাৰতৰ “পঞ্চামৃত” নীতি ৰূপায়ণত অসমৰ কাৰ্যসূচীৰ অংশস্বৰূপে “Chief Minister’s Green Initiative Incentive Scheme”ৰ প্ৰৱৰ্তন৷
অসম মানসিক স্বাস্থ্য আৰু সমূহীয়া যত্ন আঁচনি৷
অসমত এক বিস্তৃত মানসিক স্বাস্থ্য নীতি আৰম্ভ কৰা হ’ব৷
অসমত ভ্ৰাম্যমাণ পশু চিকিৎসা গোট৷
পশুপালকসকলৰ পদূলিমুখতে পোহনীয়া জীৱ-জন্তুৰ চিকিৎসাৰ সুবিধা নিশ্চিত কৰাৰ বাবে ৰাজ্যখনত ১৮১টা ভ্ৰাম্যমাণ পশু চিকিৎসা গোট সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলা হ’ব৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ বাবে পেঞ্চন পুঁজি
অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে ২০০ কোটি টকাৰ এটা কৰ্পাছ পুঁজি গঠন৷
ন্যূনতম চৰকাৰ, সৰ্বোচ্চ প্ৰশাসন
খাদী ব’ৰ্ডক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে চামিল কৰি বিভাগৰ খাদী শাখা হিচাপে ইয়াৰ পুনৰ গঠন৷
মুখ্যমন্ত্ৰী সহজ গৃহ নিৰ্মাণ আঁচনি
অনলাইন মাচুল আদায়ৰ ব্যৱস্থাসহ অনলাইন গৃহ নিৰ্মাণৰ অনুমতিৰ (OBPS) ব্যৱস্থা তথা অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা এই বছৰতে অধিসূচিত কৰা হ’ব৷
তেজপুৰত নলযোগে খোৱাপানী
তেজপুৰত ৰাজ্যৰ প্ৰথমটো টেপৰপৰা খোৱাপানী (ডিএফটি) যোগান আঁচনি৷
বিত্তীয় প্ৰতিষ্ঠানিক সংস্কাৰ
সময়মতে বাজেট কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ৷
ৰাজহুৱা স্থানত চিচিটিভি
ৰাজহুৱা আৰু অন্যান্য স্পৰ্শকাতৰ স্থানত চিচিটিভি স্থাপন কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ৷
চাহ জনজাতি কল্যাণ সঞ্চালকালয়ক “চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়”ৰূপে পুনৰ নামকৰণ কৰা হ’ব