তিনিচুকীয়াৰপৰা নামৰূপলৈ যোৱা পথটো কিছু ওখোৰা-মোখোৰা হ’লেও দুয়োফালৰ সেউজীয়া চাহ বাগিচাৰ নয়নাভিৰাম দৃশ্যই এই যাত্ৰাটো কৰি তোলে উপভোগ্য৷ চাহ বাগিচাৰ শ্ৰমিকসকলে পাত ছিঙি থকাৰ মনোমোহা দৃশ্যই যাত্ৰাপথৰ ক্লান্তি পাহৰাই দিয়ে৷ ৰাজ্যৰ এটি উল্লেখযোগ্য ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অসম পেট্ৰ’-কেমিকেলছে্ যোৱা ৫২ বছৰত সম্পূৰ্ণ কৰা যাত্ৰাপথটিও ঠিক এনেকুৱাই৷ এই সুদীৰ্ঘ যাত্ৰাত উত্থান-পতন আছে যদিও একাধিক কাৰণত এই যাত্ৰা অতিকৈ ফলপ্ৰসূ৷ কেইবাদশক ধৰি এপিএল-য়ে ৰাজ্যিক ৰাজহুৱা খণ্ডৰ ভেটি শক্তিশালী কৰি আহিছে৷
অসম বাৰ্তাই প্ৰতিষ্ঠানটোৰ আকৰ্ষণীয় চৌহদত উপস্থিত হওঁতে পৰিৱেশটো আছিল প্ৰশান্তিময়৷ ২০২৩ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা দৈনিক ৫০০টন উৎপাদন ক্ষমতাসম্পন্ন মিথানল প্ৰকল্পটো নিয়মীয়া তত্ত্বাৱধানৰ বাবে বন্ধ কৰি ৰখা হৈছে যদিও পূব ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ বাংলাদেশ, ভূটান আৰু নেপালৰ মিথানল আৰু ফৰ্মেলিনৰ বজাৰ উখল-মাখল কৰি তোলা প্ৰতিষ্ঠানটোৰ গৰিমাক এই সাময়িক স্থৱিৰতাই অতিক্ৰম কৰিব নোৱাৰে৷ বাংলাদেশলৈ ফৰ্মেলিনৰ শেহতীয়া কনচাইনমেণ্টটো ১ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে অসম পেট্ৰ’কেমিকেলছ্ লমিটেডৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে অসম দেশৰ মুখ্য পেট্ৰ’কেমিকেলজাত সামগ্ৰীৰ ৰপ্তানিকৰ্তা হোৱাৰ নিচেই কাষ চাপিছে৷
“প্ৰতিষ্ঠানটোৱে আমাৰ ৰাজ্যৰ ঔদ্যোগিক প্ৰেক্ষাপটক প্ৰতিনিধিত্ব কৰে আৰু ই অসমৰ থলুৱা জনগণৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি উৎসৰ্গিত৷ কল্পনা কৰক যে এটা ৰাসায়নিক কাৰখানাই ৫২ বছৰ ধৰি নানা প্ৰতিকূলতাৰ পাছতো প্ৰয়াস অব্যাহত ৰাখি ক্ৰমাগতভাৱে আগুৱাই গৈছে, “এই প্ৰতিবেদকৰ সৈতে বাৰ্তালাপ কৰি এপিএলৰ অধ্যক্ষ বিকুল ডেকাই কয়৷ তেওঁ কয় যে এপিএল হৈছে প্ৰতিযোগিতামূলক ঔদ্যোগিক পৰিস্থিতিত নিজকে প্ৰমাণিত কৰা এক কাৰ্যকৰী সত্ত্বা৷ “আমি সম্পূৰ্ণৰূপে বাহ্যিক কাৰকৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ কেঁচা সামগ্ৰী হৈছে প্ৰাকৃতিক গেছ যাৰ মূল্য আন্তৰ্জাতিকভাৱে নিৰ্ধাৰণ কৰা হয় আৰু আমাৰ চূড়ান্ত সামগ্ৰী মিথানল আৰু ফৰ্মেলিন আমদানি নিৰ্ভৰ হয়৷”
তেওঁ কয় যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ আশে-পাশে থকা কাঠ কোম্পানীসমূহ এপিএলৰ মুখ্য গ্ৰাহক আছিল কিন্তু ১৯৯৬ চনৰ উচ্চতম ন্যায়ালয়ে কাঠ উদ্যোগ নিষিদ্ধ কৰাৰ ৰায়দান কৰাৰ পাছত কোম্পানীটোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছিল৷ তদুপৰি ২০০০ চনত প্ৰতিষ্ঠানটোৰ অন্তৰ্গত বঙাইগাঁও ৰিফাইনেৰী পেট্ৰ’কেমিকেলছ্ লিমিটেড নামৰ ডিএমটি প্ৰকল্পটো বন্ধ হোৱাৰ ফলত লাভাৰ্জনৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হৈছিল৷
প্ৰাৰম্ভিক অৱস্থাত প্ৰতিদিনে ২১ টন মিথানল আৰু প্ৰতিদিনে ৩৭ টন ফৰ্মেলিন উৎপাদন কৰাৰপৰা অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডে আজি প্ৰতিদিনে ৬০০ টন মিথানল আৰু প্ৰতিদিনে ১২৫ টন ফৰ্মেলিন উৎপাদনৰ ক্ষমতা অৰ্জন কৰিছে৷ আনহাতে বঙাইগাঁৱৰ বইতামাৰীত প্ৰতিদিনে ২০০ টন উৎপাদন ক্ষমতাৰ আন এটা প্ৰকল্প ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰা হ’ব৷
“আমাৰ প্ৰতিষ্ঠানটোৰ চালিকা শক্তি হৈছে কৰ্মচাৰীসকল৷ আমাৰ প্ৰতিভাসম্পন্ন মানৱ সম্পদৰ সমৰ্পিত প্ৰচেষ্টাৰ বাবেহে তিনি দশকৰো পুৰণি কিছুমান যন্ত্ৰপাতি এতিয়াও সুচাৰুৰূপে চলি আছে,“ পৰিচালন সঞ্চালক ৰজনীশ গগৈয়ে এই প্ৰতিৱেদকক কয়৷ ৪৮.৭৯% অংশীদাৰিত্বৰ সৈতে প্ৰতিষ্ঠানটোৰ আটাইতকৈ বৃহৎ অংশীদাৰ অইল ইণ্ডিয়া লিমিটেডৰপৰা পৰিচালন সঞ্চালকগৰাকী ডেপুটেশ্যনত আছে৷ “মই কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰপৰা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানলৈ আহিছোঁ৷ এই ব্যৱস্থাটোৰ সৈতে সামঞ্জস্যতা ৰক্ষা কৰা আৰু ন-ন কথা শিকিবলৈ পোৱাটো সঁচাকৈয়ে এক অনন্য অভিজ্ঞতা৷”
অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ মাৰ্কেটিং মেনেজাৰ এছ.বি. পাওৰ নেছলে আৰু শ্বেলৰ দৰে বহুজাতিক কোম্পানীত কাম কৰাৰ অভিজ্ঞতা আছে৷ পাওৱে পৰিচালন সঞ্চালকগৰাকীৰ সৈতে সহমত ব্যক্ত কৰি কয়, “বহুজাতিক কোম্পানীসমূহত ১১ বছৰ কাম কৰাৰ পাছত মই অনুভৱ কৰিছিলোঁ যে এতিয়া মোৰ ৰাজ্যখনৰ বাবেও কিবা এটা কৰাৰ সময় আহি পৰিছে৷ মই অনুভৱ কৰোঁ যদি এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক পেছাদাৰীভাৱে পৰিচালনা কৰা হয়, তেন্তে এই প্ৰতিষ্ঠানসমূহেও যিকোনো ব্যক্তিগত খণ্ডৰ সংস্থাৰ সৈতে প্ৰতিযোগিতা কৰি নিজৰ স্থান অটুট ৰাখিব পাৰে৷”
পৰিচালন সঞ্চালকগৰাকীয়ে তেওঁৰ প্ৰত্যাশা ব্যক্ত কৰি কয়, “আমি এতিয়া “দৃষ্টিকোণ ২০৩৮ “(Perspective ২০৩৮) নামৰ এক ১৫ বছৰীয়া আঁচনি আৰম্ভ কৰিছোঁ যি আমাৰ গতিপথ নিৰ্ধাৰণ কৰিব আৰু আমাক অনাগত ভৱিষ্যতৰ বাবে প্ৰস্তুতিপূৰ্ণ কোম্পানী হিচাপে গঢ়ি তুলিব৷ এই ক্ষেত্ৰত আমাক সমৰ্থন জনোৱাৰ বাবে মই অসম চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷”
গগৈয়ে কয় যে এপিএলৰ বাবে আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল নিকটৱৰ্তী তৈল ক্ষেত্ৰত প্ৰাকৃতিক গেছৰ উপলভ্যতা৷ “মই ভাবোঁ পেট্ৰ’কেমিকেলছ্ হৈছে উদ্ভাৱনৰ ভৱিষ্যৎ৷ উদ্ভাৱনীমূলক সামগ্ৰীৰ উৎপাদনে সমাজ আৰু সভ্যতাক সমৃদ্ধ কৰিব,” উদ্ভাৱনীমূলক চিন্তাধাৰাৰ যুৱক-যুৱতীসকলে এই প্ৰতিষ্ঠানটোত তেওঁলোকৰ প্ৰকৃত সম্ভাৱনীয়তাৰ অন্বেষণ কৰিব পাৰিব৷
বিভিন্ন প্ৰত্যাহ্বান থকা স্বত্বেও পৰিচালন সঞ্চালকগৰাকীৰ কৰ্মদৰ্শনে প্ৰতিষ্ঠানটোক আগুৱাই যোৱাত সহায় কৰিছে৷ “আমদানিকৃত সামগ্ৰীৰপৰা উদ্ভৱ হোৱা প্ৰতিযোগিতা স্বত্বেও আমাৰ উৎপাদিত সামগ্ৰীৰ মান আৰু বিশুদ্ধতাৰ বাবেই আমি বজাৰত প্ৰতিষ্ঠানটোৰ সন্মান অটুট ৰাখিবলৈ সক্ষম হৈছোঁ৷ আমাৰ উৎপাদিত মিথানল প্ৰায় ৯৯.৯৯% বিশুদ্ধ৷ আমি এনে এক মান নিৰ্ধাৰণ কৰিছো যাৰ সৈতে আনে প্ৰতিযোগিতা কৰিব নোৱাৰে৷”
প্ৰতিষ্ঠানটোৰ এগৰাকী গ্ৰাহক হৈছে ঢাকাস্থিত গ্ৰিণ্ড টেক লিমিটেড৷ “আমি এই মাহত এপিএলৰপৰা প্ৰথমবাৰৰ বাবে সামগ্ৰী ক্ৰয় কৰিছিলোঁ৷ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকে আমাৰ সৈতে এক সুসম্পৰ্ক স্থাপন কৰাত আমি সন্তুষ্ট৷ যদিও এয়া প্ৰাৰম্ভিক পৰ্যায়৷ অৱশ্যে উল্লেখ কৰিবই লাগিব যে তেওঁলোকৰ সৈতে লেনদেনৰ অভিজ্ঞতাই সুখদায়ক আছিল,” অসম বাৰ্তাৰ ইমেইলৰ উত্তৰত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া চাইফুল হাছান ৰিকুৱে কয়৷
পাৱে কয় যে গুণগত মান আৰু সেৱাৰ কাৰণে এপিএলৰ সামগ্ৰীৰ চাহিদা অব্যাহত আছে৷ “যিহেতু ঔষধ প্ৰস্তুত খণ্ডত মিথানল ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়, গতিকে ইয়াৰ মান উন্নত হোৱাটো গুৰুত্বপূৰ্ণ৷ এপিএলৰ সামগ্ৰীৰ উৎকৃষ্টতাৰ বিষয়ে দেশজুৰি বিভিন্ন খণ্ডত চৰ্চা আৰম্ভ হৈছে৷ এই সুনামে বিদেশী ক্ৰেতাসকলকো আমাৰ প্ৰতি আকৃষ্ট কৰিছে,” তেওঁ কয়৷