অসমৰ বিকাশ যাত্ৰাই বহুকেইগৰাকী বিনিয়োগকাৰীক নতুন সহযাত্ৰী হিচাপে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ গোটবোৰে আগন্তুক সময়ত ৰাজ্যখনত প্ৰায় ৯২, ০০০ কোটি টকা বিনিয়োগ কৰাৰ উপায় বিচাৰি চিন্তা-চৰ্চা অব্যাহত ৰাখিছে৷ এই বাৰ্তা স্পষ্ট হৈছিল দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই বিভিন্ন ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগী আৰু তেওঁলোকৰ প্ৰতিনিধিসকলৰ সৈতে কৰা মত-বিনিময় অনুষ্ঠানৰপৰা৷ এই বৈঠকত ভূমি অধিগ্ৰহণ, কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰকৰণ, নিৰৱচ্ছিন্ন বিদ্যুৎ সেৱাৰ উপলভ্যতা, ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ [SGST] পৰিশোধ, যোগাযোগ ব্যৱস্থা আৰু ঔদ্যোগিক ভূমিৰ চাৰিওফালে আন্তঃগাঁথনি উন্নীতকৰণৰ দৰে বিনিয়োগক প্ৰভাৱান্বিত কৰা কাৰকসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে আলোচনা আৰু মতামত ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ দৰে এই ‘মুক্ত আৰু স্পষ্ট আলোচনা’ আছিল বৰ্তমানৰ ঔদ্যোগিক গাঁথনিৰ ভেটি নিয়ন্ত্ৰণ কৰাৰ লগতে ন-ন দৃষ্টিভংগীৰ বিষয়ে জানিবলৈ আৰু অসমত নতুন বিনিয়োগ তথা মূলধন সম্প্ৰসাৰণৰ দিশত সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ এক অনানুষ্ঠানিক অথচ আন্তৰিক প্ৰয়াস৷ উক্ত বাৰ্তালাপ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ দুগৰাকী কেবিনেট সতীৰ্থ ক্ৰমে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা, শক্তি তথা খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত আছিল৷ অসম চৰকাৰৰ লক্ষ্য: ৯২ হাজাৰ কোটি টকাৰ বিনিয়োগ ৰাজ্যখনৰ এগৰাকী অগ্ৰণী উদ্যোগী তথা ভাৰতীয় উদ্যোগ পৰিষদ[CII]ৰ অধ্যক্ষ অভিজিত বৰুৱাই মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷ “দুদিন ধৰি মুখ্যমন্ত্ৰীয়ে বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সৈতে বাৰ্তালাপ কৰি উদ্যোগসমূহক প্ৰভাৱিত কৰা বাধাসমূহ আঁতৰোৱা হ’ব বুলি আমাক আশ্বাস দিয়াটো সঁচাকৈয়ে আনন্দৰ কথা৷ আশা কৰিছোঁ যে এই প্ৰচেষ্টাই আগন্তুক সময়ত নতুন গতি লাভ কৰিব৷ ইয়াৰ ফলত ৰাজ্যখনলৈও বিনিয়োগ আহিব,’’ বৰুৱাই অসম বাৰ্তাক কয়৷ অৱশ্যে, তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰক নতুন ৰূপত উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাটো গুৰুত্বপূৰ্ণ কিয়নো বৰ্তমানৰ নীতিৰ ম্যাদ ইতিমধ্যে উকলিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বিদ্যুৎ কোম্পানীসমূহে এতিয়াৰে পৰা বিদ্যুৎ উৎপাদনকাৰীৰ সৈতে বিদ্যুৎ ক্ৰয় চুক্তিৰ জৰিয়তে ঔদ্যোগিক গোটসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সাজু হৈছে৷ তেওঁলোকে নৱীকৰণযোগ্য শক্তিকে ধৰি অসমৰ বিদ্যুৎ উৎপাদন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ “বিদ্যুত বিতৰণ ব্যৱস্থা উন্নত কৰাৰ বাবে অসমত ১০,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে,” তেওঁ বৈঠকত উপস্থিত উদ্যোগীসকলক কয়৷ উক্ত অনানুষ্ঠানিক বৈঠকত উপস্থিত থকা লোহিয়া গ্ৰুপৰ সঞ্চালক বজৰং লোহিয়াই ৰাজ্য চৰকাৰৰ কাম-কাজৰ প্ৰশংসা কৰে৷ “চৰকাৰে ৰাজ্যখনত উদ্যোগসমূহৰ প্ৰসাৰৰ বাবে যথেষ্ট ভাল কাম কৰি আছে৷ ৰাজ্যখনলৈ বিনিয়োগ অনাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন পদক্ষেপ হাততলৈছে,” তেওঁ অসম বাৰ্তাক কয়৷ উদ্যোগ বিভাগে প্ৰস্তুত কৰি উলিওৱা এক ব্যাপক ঔদ্যোগিক নীতিৰ বিষয়ে ড° শৰ্মাই উল্লেখ কৰে৷ “অসমক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যত যাতে অতি কম সময়ৰ ভিতৰতে উপনীত হ’ব পাৰি, তাৰ বাবে অসম চৰকাৰে ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ,” মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিনিয়োগকাৰীসকলক কয়৷ এই দুদিনীয়া কাৰ্যসূচীৰ মাজতে ৰাজ্যখনৰ চূণশিল আৰু লৌহ আকৰিক ব্লকৰ নিলাম প্ৰক্ৰিয়াত ৰাজহুৱা খণ্ডৰ মূলধনী বজাৰৰ বিশেষজ্ঞৰ দক্ষতা প্ৰয়োগৰ লক্ষ্যৰে ভূতত্ত্ব আৰু খনিসঞ্চালকালয়, অসম আৰু এছ বি আই কেপিটেল মাৰ্কেটছ্ লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ নিযুক্তি সৃষ্টিৰ উপৰিও, বিশেষজ্ঞসকলে আশা ব্যক্ত কৰিছে যে এই বুজাবুজি চুক্তি ৰূপায়ণৰ ফলত ৰাজ্যখনত চূণশিল, লো, ইস্পাত আৰু চিমেণ্ট উদ্যোগৰ যথেষ্ট বিকাশ হ’ব৷ৰাজ্য চৰকাৰে চূণশিল আৰু লৌহ আকৰিক ব্লকৰ নিলাম প্ৰক্ৰিয়াৰপৰা ৫০ বছৰত ক্ৰমে ৪৩, ৮৫০ কোটি টকা আৰু ১,৮৫০ কোটি টকা ৰাজহ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ শেহতীয়া বাতৰিকেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমে দীৰ্ঘদিনধৰি কৰি অহা অনুৰোধ মৰ্মে পেট্ৰ’লিয়ামমন্ত্ৰ্যালয়ে এছিয়াৰ আটাইতকৈ পুৰণিডিগবৈ শোধনাগাৰৰ ক্ষমতা প্ৰতিবছৰে০.৬৫ ৰ পৰা ১.০ মিলিয়ন মেট্ৰিক টনলৈবৃদ্ধি কৰিবলৈ ৭৪০ কোটি টকা বিনিয়োগৰসিদ্ধান্ত গ্ৰহণ কৰিছে৷