গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ এটা বছৰৰ সমাপ্তি আৰু এটা নতুন বছৰক আদৰণি জনোৱাৰ মুহূৰ্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ পদক্ষেপসমূহ উভতি চাওঁচোন আহক। বিগত বছৰটোৰ কল্যাণমূলক কাৰ্যসমূহৰ জৰিয়তে ৰাজ্যখনত যে এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে সেয়া সহজেই অনুমেয়।
পাৰ হৈ যোৱা বছৰটোত অবৈধ ড্ৰাগছ মাফিয়া আৰু বাল্য বিবাহৰ বিৰুদ্ধে চলা নিৰন্তৰ অভিযান, অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ, দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীক আটক কৰাৰ আইনী পদক্ষেপ, বহুবিবাহ প্ৰক্ৰিয়াৰ সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি আদি বহু বিষয়ৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ সমাধানৰ বাবে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন উন্নয়নমূলক পদক্ষেপ আৰম্ভ কৰে। তেওঁ সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি আলোচনাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্যক স্বীকৃতি দিয়াৰ বাবে কিছুমান অভিলেখ সৃষ্টিকাৰী পদক্ষেপ গ্ৰহণ কৰে। আন এটা উল্লেখনীয় পদক্ষেপ হ’ল ৰাজ্যখনৰ সেউজ আৱৰণ বৃদ্ধি কৰি সেউজ অৰ্থনীতিৰ বাট মুকলি কৰাৰ প্ৰচেষ্টা।
২০২২ বৰ্ষটিৰ দৰে পাৰ হৈ যোৱা বছৰতো শ শ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাং ব্যৱসায়ীক আটক কৰা হৈছিল। ফেব্ৰুৱাৰী আৰু অক্টোবৰত চৰকাৰী সংস্থাসমূহে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু প্ৰায় ৫,০০০ ব্যক্তিক আটক কৰে আৰু ইয়াৰে বেছিসংখ্যকে এতিয়াও বিভিন্ন স্থানীয় আদালতত আইনী যুঁজ কৰি থাকিবলগীয়া হৈছে।
গুৱাহাটীত ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই কয় যে ২০২৬ চনৰ ভিতৰত এনে সামাজিক ব্যাধি দূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধী নেতাসকলৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে তেওঁ সবল যুক্তিৰে অসমত এনে অবৈধ প্ৰথাৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰিছিল। চৰকাৰখনে ২০২৪ চনৰ ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভা অধিৱেশনত বহুবিবাহৰ প্ৰথা নিষিদ্ধ কৰাৰ বাবে বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। পৰিসংখ্যাৰ পৰা অনুমেয় যে বাল্য বিবাহৰ বিৰুদ্ধে অভিযানৰ পাছত মাতৃ আৰু নৱজাতকৰ মৃত্যু অসমত হ্ৰাস পাইছে।
দুৰ্নীতিৰ অভিযোগত প্ৰশাসনিক আৰু আৰক্ষী কৰ্মীকে ধৰি চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক আটক কৰাটোৱে জনসাধাৰণক আশ্বাস প্ৰদান কৰাৰ লগতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।
অৰুণোদয় ২.০ উন্মোচন কৰি চৰকাৰে হিতাধিকাৰীসকলক উন্নত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অটুট ৰাখিছে। স্বাস্থ্যসেৱা, পুষ্টিকৰ খাদ্য, শিশুৰ শিক্ষা, বিদ্যুতৰ ব্যৱহাৰ আদিৰ দৰে প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ২৬ লাখৰো অধিক আৰ্থিকভাৱে পিছপৰা পৰিয়ালে এতিয়া তেওঁলোকৰ বেংক একাউণ্টত ১২৫০ টকাকৈ লাভ কৰে। চৰকাৰে ২.২২ লাখৰো অধিক মহিলা ঋণ গ্ৰহণকৰ্তাক সকাহ প্ৰদান কৰি মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে চৰকাৰে তেওঁলোকৰ ২৯১ কোটি টকাৰ বকেয়া ঋণ পৰিশোধ কৰি এই হিতাধিকাৰীসকলক পুনৰ ঋণযোগ্যতাৰ শাৰীলৈ উন্নীত কৰে।
বছৰটোৰ এটা বিশেষত্ব আছিল চৰকাৰৰ ধান ক্ৰয় নীতি। ৰাজ্যজুৰি সংশোধিত ন্যূনতম সমৰ্থন মূল্য লাভ কৰি ৬০,০০০ ৰো অধিক কৃষক এই প্ৰচেষ্টাৰ জৰিয়তে লাভান্বিত হৈছে। মিছন বসুন্ধৰা ২.০-ৰ অধীনত বহুকেইখন জিলাৰ ১৫,০০ৰো অধিক থলুৱা পৰিয়ালৰ ভূমি নিষ্পত্তি জৰিয়তে লাভান্বিত হৈছে।
জনজাতীয় বিদ্ৰোহৰ প্ৰায় শাম কটাৰ লগে লগে অসমত এক শান্তিপূৰ্ণ পৰিৱেশ দেখা পোৱা গৈছে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথমটো দিনৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্ৰোহীসকলক শান্তি প্ৰচেষ্টাত যোগদান কৰিবলৈ আহ্বান জনাই আহিছে। উল্লেখ্য যে বিভিন্ন সংগঠনৰ ৭,২০০ৰো অধিক যুৱক-যুৱতীয়ে মূলসুঁতিত যোগদান কৰিছে।
চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে বহু দশকজুৰি চলি অহা সীমা বিবাদ নিষ্পত্তিৰ বাবে, অসম চৰকাৰে এক ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিছে। বিগত দিনসমূহত বহুকেইখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছে।
এই পদক্ষেপবোৰৰ সুফলাফল প্ৰতিফলিত হৈছে ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত। বৰ্ধিত জিএছটি সংগ্ৰহ আৰু উন্নয়নমূলক পদক্ষেপৰ ফলত নীতি আয়োগৰ প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ৰাজ্যখনে ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ ৪৭ লাখৰো অধিক ব্যক্তিক বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে।
২০২১ চনৰ ১১ মে’ত প্ৰথম কেবিনেট অনুষ্ঠিত হোৱাৰ পাছৰে পৰা ৰাজ্য চৰকাৰে ইতিমধ্যে ২৮ মাহত ১০০খন কেবিনেট বৈঠকৰ সীমা অতিক্ৰম কৰিছে। গুৱাহাটীৰ বাহিৰতো বহুকেইখন কেবিনেট বৈঠকৰ আয়োজন কৰা হৈছিল। অধিক উন্নত সেৱা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী কাৰ্যালয় এতিয়া ২৪ ঘণ্টাই খোলা থাকে। দিনজোৰা চৰকাৰী ভ্ৰমণৰ পাছত ৰাজধানীলৈ উভতি আহি মুখ্যমন্ত্ৰীগৰাকী নিশাও তেওঁৰ কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হৈছে। এয়া বিনিয়োগকৰ্তা আৰু জনসাধাৰণৰ বাবে আনন্দদায়ক তথা ইতিবাচক।
অমৃত বৃক্ষ আন্দোলন বা ৰঙালী বিহুৰ উদযাপনৰ দৰে প্ৰচেষ্টাই অসমৰ জনসাধাৰণৰ জীৱনত এক বৰ্ণিল প্ৰভাৱ পেলাইছে। শেহতীয়াকৈ আৰম্ভ হোৱা সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণে ইয়াত সোণত সুৱগা চৰাইছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ ভিতৰত উল্লেখ্য হৈছে অসমৰ যুৱপ্ৰজন্মৰ বাবে এক লাখ চাকৰিৰ লক্ষ্যক নিৰপেক্ষ, নিকা আৰু স্বচ্ছ ব্যৱস্থাৰে পূৰণ কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টা। চৰকাৰখনক কঠোৰভাৱে সমালোচনা কৰাসকলৰ বাবেও এই ব্যৱস্থাৰ কাৰ্যকাৰীতাত ত্ৰুটি বিচাৰি উলিওৱাটো কঠিন হ’ব। মন কৰিবলগীয়া বিষয়টো হৈছে যে এই চৰকাৰখনে নিজৰ কাৰ্যকালত ৩০ মাহো সম্পূৰ্ণ কৰা নাই। সেয়ে এয়া অনুমেয় যে অধিক ভাল দিন সমাগত।