অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিৱেদনৰ ৫২টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ দিশত এমাহৰ ভিতৰত অসম চৰকাৰে এক ৰূপৰেখা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
যোৱা ২৫ ছেপ্টেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৬৭টা পৰামৰ্শক তিনিটা ভাগত ভাগ কৰিব পৰা যায়: ৰাজ্য চৰকাৰৰ একচেটিয়া ক্ষেত্ৰৰ অধীনত থকা ৪০টা পৰামৰ্শ, কেন্দ্ৰৰ সন্মতি অনুসৰি কাৰ্যকৰী কৰিব পৰা ১২টা পৰামৰ্শ আৰু কেন্দ্ৰৰ একচেটিয়া ক্ষেত্ৰৰ অধীনত থকা ১৫টা পৰামৰ্শ৷
“প্ৰথম দুটা ভাগৰ ৫২টা পৰামৰ্শ ২০২৫ৰ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে এমাহৰ ভিতৰত কাৰ্যকৰীকৰণৰ এক ৰূপৰেখা প্ৰস্তুত কৰিব৷ এই পৰামৰ্শসমূহ মূলতঃ ভূমিৰ অধিকাৰ, ভাষা আৰু সংস্কৃতিৰ সৈতে জড়িত,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
“এমাহৰ ভিতৰত এই কাৰ্যকৰীকৰণৰ ৰূপৰেখা আছুক প্ৰদান কৰা হ’ব আৰু আছু এই ৫২টা পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হ’ব৷ ৰাজ্য চৰকাৰ আৰু আছুৱে ২৫ অক্টোবৰত ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত পুনৰ এক আলোচনাত বহিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সমিতিখনৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বাকী ১৫টা পৰামৰ্শ ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আছু নেতৃবৰ্গৰ সৈতে এক আলোচনাত বহিবলৈ অনুৰোধ জনাব৷
এই ১৫টা পৰামৰ্শ নিযুক্তি, বিধান সভা আৰু সংসদত সংৰক্ষণৰ সৈতে জড়িত আৰু ইয়াৰ বাবে সংবিধানত সংশোধনৰ প্ৰয়োজন হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰাক উপত্যকাত সমিতিৰ পৰামৰ্শ ৰূপায়ণৰ কোনো সুযোগ নাই৷ তেওঁ লগতে উল্লেখ কৰে যে ষষ্ঠ অনুসূচীৰ অধীনৰ তিনিখন স্বায়ত্তশাসিত পৰিষদত পৰামৰ্শসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কে অংশীদাৰসকলৰ সৈতে হোৱা আলোচনাৰ পাছত তেওঁলোকৰ স্পষ্ট সন্মতিৰ আধাৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷
‘অসমীয়া’ৰ সংজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি যাৰ উপৰিপুৰুষে ১৯৫১ বা তাৰ আগৰে পৰা অসমত বাস কৰি আহিছে তেওঁলোক অসমীয়া৷ ভূমিৰ অধিকাৰৰ দৰে নিৰ্দিষ্ট বিষয়সমূহত এই সংজ্ঞা প্ৰযোজ্য৷ অৱশ্যে, ‘অসমীয়া’ৰ এই সংজ্ঞা আন ক্ষেত্ৰসমূহত প্ৰযোজ্য নহয়৷”
অসম চুক্তিৰ ৬ নম্বৰ দফাত কোৱা হৈছে যে “সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰি অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা হ’ব৷”
২০১৯ৰ জুলাইত, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ন্যায়াধীশ, অৱসৰপ্ৰাপ্ত বিষয়া, লেখক, আছু নেতা আৰু সাংবাদিকক লৈ অৱসৰপ্ৰাপ্ত উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন ১৪জনীয়া সমিতি গঠন কৰিছিল৷ এই সমিতিৰ দায়িত্ব আছিল ৬ নম্বৰ দফাৰ কাৰ্যকৰীকৰণৰ উপায় সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰা৷ সমিতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল ৬ নম্বৰ দফাৰ অধীনত প্ৰদান কৰিবলগীয়া ‘নিৰাপত্তা’ৰ বাবে যোগ্য ‘অসমীয়া’ৰ সংজ্ঞা নিৰ্ধাৰণ কৰা৷
২০২০ চনৰ ফেব্ৰুৱাৰীত সমিতিখনে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত প্ৰতিৱেদনখন দাখিল কৰিছিল৷
সমিতিয়ে প্ৰদান কৰা গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহৰ ভিতৰত আছিল যে ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে ‘অসমীয়া’ৰ সংজ্ঞাত অন্তৰ্ভুক্ত থাকিব লাগিব ‘খিলঞ্জীয়া জনজাতি’, ‘অসমৰ অন্যান্য খিলঞ্জীয়া সম্প্ৰদায়’, ‘১৯৫১ৰ জানুৱাৰী বা তাৰ পূৰ্বে অসমত বাস কৰা ভাৰতীয় নাগৰিক’ আৰু তেওঁলোকৰ বংশধৰ, আৰু ‘খিলঞ্জীয়া অসমীয়া’ লোক৷ এই সংজ্ঞাৰ আধাৰত সমিতিখনে সংসদ, ৰাজ্যিক বিধান সভা, স্থানীয় নিকায় আৰু চাকৰিকে ধৰি বহুকেইটা ক্ষেত্ৰত ‘অসমীয়া’ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল৷
সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সমিতিখনৰ পৰামৰ্শসমূহ কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷
আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে উল্লেখ কৰে যে অসম চুক্তিৰ ৪০ বছৰ অতিবাহিত হোৱাৰ পাছতো এতিয়াও বহুকেইটা গুৰুত্বপূৰ্ণ দফা কাৰ্যকৰী হোৱা নাই৷
“উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ কাৰ্যকৰীকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু আছুৰ মাজত এইখন আছিল প্ৰথম বৈঠক৷ আমাৰ আলোচনা ইতিবাচক আছিল৷ যিহেতু সমিতিখন কেন্দ্ৰই গঠন কৰি দিছিল, আমি আশা কৰিম যে নতুন দিল্লীয়ে অসমবাসীক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব,” সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়৷