১ ডিচেম্বৰ ২০২৩
গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
- দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম খাদ্য সুৰক্ষা বিধি ২০২২ৰ নিয়ম ৪ সংশোধন কৰা হ’ব
- মিছন বসুন্ধৰা ২.০ৰ অধীনত তিনিচুকীয়া, শোণিতপুৰ, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, বৰপেটা, কামৰূপ, কামৰূপ (মেট্র’), বঙাইগাঁও, গোৱালপাৰা, নলবাৰী আৰু ধুবুৰী জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ পক্ষে ভূমি নিষ্পত্তি কৰা হ’ব
- ধান ক্রয়ৰ প্রক্রিয়াটো সুশৃংখলিত কৰিবলৈ খাবিফ মার্কেটিং ছীজন (কে এম এছ) ২০২৩-২৪ বর্ষত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে (এ এফ চি এছ চি এল) ১.৬৯ কোটি টকাৰ আনুমানিক ব্যয়ত বঙাইগাঁও আৰু বিশ্বনাথ জিলাত আংশিক বিকেন্দ্রীকৃত ধান ক্রয় (ডি চি পি) প্রক্রিয়া ৰূপায়ণ কৰিব
- কল্যাণমূলক কাম-কাজৰ হকে এক সক্ষম পৰিবেশ সৃষ্টিৰ বাবে, অসমৰ কৰ্প’বেট সামাজিক দায়বদ্ধতা কর্তৃপক্ষৰ সংবিধান (চি এছ আৰ এ এ) আৰু ইয়াৰ নিয়ম-নীতিৰ অনুমোদন
- বিভিন্ন বেকগ্রাউণ্ডৰ পৰা অহা শিক্ষার্থীসকলক সমান সুযোগ প্রদান কৰাৰ লক্ষ্যৰে চৰকাৰী আভিযান্ত্রিক মহাবিদ্যালয়ত সপ্তম শ্রেণীৰ পৰা দশম শ্রেণীলৈ চৰকাৰী বিদ্যালয়ত (ছেবাৰ অধীনত) আৰু একাদশ আক দ্বাদশ শ্রেণী চৰকাৰী বিদ্যালয়/মহাবিদ্যালয়/প্রাদেশীক মহাবিদ্যালয়ত (এ এইচ এছ ই চিৰ অধীনত) অধ্যয়ন কৰা শিক্ষার্থীসকলৰ বাবে বি টেক/বিই পাঠ্যক্ৰমত ৫% আসন সংৰক্ষণ কৰা হ’ব
- গুৱাহাটী পৌৰ নিগম আইন, ১৯৭১ৰ ধাৰা ১২৪ (১)ৰ অধীনত গুৱাহাটী পৌৰ নিগমে পৌৰসভাৰ বণ্ড জাৰি কৰিব
- অসম চাহ কর্মচাৰী ভৱিষ্য নিধি সংস্থা (এটিই পি এফ অ’) ক ভবিষ্য পুঁজি পলমকৈ জমা দিয়াৰ সুত প্ৰদানৰ বাবে ২০২৩-২৪ চনৰ বাজেট ব্যৱস্থাৰ বিপৰীতে অসম চাহ নিগম লিমিটেডক ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব
- অসম ৰাজ্যিক প্রচিকিউশ্যন সেৱাত নিযুক্তিৰ ক্ষেত্ৰত স্পষ্ট পদ্ধতি সুনিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক প্রচিকিউচন সেৱা নিয়মাবলী, ২০২৩ৰ খচৰা সংশোধনৰ অনুমোদন
- গুৱাহাটীত উৎকর্ষ কেন্দ্ৰৰ অত্যাধুনিক প্রকল্প স্থাপনৰ বাবে ভাৰতীয় চার্টার্ড একাউণ্টেণ্ট প্রতিষ্ঠানৰ (আই চি এ আই) পক্ষত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ বৰবংশৰ মৌজাৰ অন্তর্গত উত্তৰ ফুলুং গাঁৱত ১০ বিঘা ভূমিব নিষ্পত্তি/ স্থানান্তৰ আৰু পুনৰ শ্রেণী বিভাজনত অনুমোদন
- অসমৰ ঔদ্যোগিক খণ্ডৰ পৰিৱৰ্তনৰ বাবে অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি (আই আই পি এ) ২০১৯ৰ অধীনত গ্রাহকমুখী ইনচেণ্টিভৰ বাবে ক্ষমতাপ্রাপ্ত সমিতিৰ পৰামৰ্শ অনুসৰি তিনিটা কোম্পানী ক্রমে M/s Galaxy Infra, The Indian Hotels Company (Taj Kaziranga) and Bhavya Shristi Udyog Pvt Ltd ক গ্রাহকমুখী ইনচেন্টিভ প্রদান কৰা হ’ব
- নামকৰণৰ এক সুসংগত প্রণালী (এইচ এছ এন)ৰ জৰিয়তে পট্টাৰ প্ৰকাৰৰ সুশৃংখলিতকৰণত অনুমোদন
- তিনিচুকীয়া জিলা বিশেষ সিদ্ধান্ত
৮ ডিচেম্বৰ ২০২৩
- মৰিগাঁও জিলাৰ আঁহতগুৰি, নগাঁও জিলা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ সময়ত পৰম্পৰাগত ম’হযুঁজ আদি আয়োজন কৰিবলৈ অনুমতি দিয়াৰ বাবে বিশদ পদ্ধতি/এছ অ’ পিৰ নীতিগত অনুমোদন
- চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়, অসমৰ নাম সংখ্যালঘু পৰিক্ৰমা আৰু চৰ অঞ্চল সঞ্চালকালয়, অসমলৈ সলনি হ’ব
- ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে ‘মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্যৰ আঁচনি ২০২৩-২৪’ৰ অধীনত শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে পুথিভঁৰাল আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব
২১ ডিচেম্বৰ ২০২৩
- লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ মাজত সঠিক সন্তুলন নিশ্চিত কৰাৰ উদ্দেশ্যে অসম লোক সেৱা আয়োগে পৰিচালনা কৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে সাক্ষাৎকাৰ মৌখিক পৰীক্ষাৰ নম্বৰ বৰ্তমানৰ ২৭৫ (১৮.৩৩%) ৰ পৰা ১৮০লৈ হ্রাস কৰা হ’ব (মুঠ লিখিত পৰীক্ষাৰ নম্বৰৰ ১২%)
- মিছন বসুন্ধৰা ২.০-ৰ অধীনত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, হোজাই, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা আৰু বজালী জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ পক্ষত ভূমি নিষ্পত্তি কৰা হ’ব
- মুখ্যমন্ত্রী আৱাস যোজনা গ্রামীণ ৰূপায়ণৰ বাবে নির্দেশনাৰ অনুমোদন
- সমগ্র অসমতে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি বসতি স্থাপন, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ, শিক্ষানুষ্ঠান (চৰকাৰ আৰু ব্যক্তিগত দুয়োটা)ৰ বাবে ভূমি আবণ্টন/বসতি, বেচৰকাৰী সংস্থা/সমিতি আবণ্টন আক বিভিন্ন চৰকাৰী প্রতিষ্ঠানক আবণ্টন ইত্যাদিৰ বাবে ৯৪৬টা প্রস্তাৱৰ অনুমোদন
- ডক্টৰেট ডিগ্ৰীৰ পাছৰ, স্নাতকোত্তৰ চিকিৎসক, জ্যেষ্ঠ আৱাসী, অনা-স্নাতকোত্তৰ আৱাসী, ইণ্টার্নী চিকিৎসক, স্নাতকোত্তৰ ডিপ্ল’মাধাৰী, চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ প্রাক-পঞ্জীয়নভুক্ত ইণ্টার্নীৰ বাবে ২০২৪ চনৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ বৰ্তমানৰ বেতনত ১৫% বৃদ্ধি কৰা হ’ব
- বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, গোলাঘাট, যোৰহাট, লখিমপুৰ আৰু শোণিতপুৰৰ জিলা আয়ুক্তসকলৰ পৰা লাভ কৰা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিৰ উদ্দেশ্যে গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল (VGR)/ পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল (PGR) সংৰক্ষণমুক্ত আৰু ভি জি আৰ/পি জি আৰ হিচাপে সমতুল্য ভূমি সংৰক্ষণৰ ১৯৭টা প্রস্তাৱত অনুমোদন
- চন্দ্রপুৰত স্প’ৰ্টছ কমপ্লেক্স নির্মাণ আৰু বকোত বৃদ্ধাশ্রম আৰু শিশু সেৱা প্রতিষ্ঠান স্থাপনৰ বাবে প্রশাসনিক অনুমোদনত সন্মতি
- গুৱাহাটী মহানগৰীৰ ভিতৰত গুৱাহাটী কেন্দ্রীয় এলেকা স্থানীয় এলেকা পৰিকল্পনা খচৰাত অনুমোদন
- ৰাজ্যখনত প্রণালীবদ্ধ আৰু পৰিকল্পিত নগৰ উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি ৰূপায়ণৰ বাবে অসম ৰাজ্যিক নগৰীয়া নীতি ২০২৩ৰ অধিসূচনাত অনুমোদন
- নগৰৰ সমীপৰ অঞ্চলসমূহ পুনৰ উন্নয়ন কৰিবলৈ ৰাজহুৱা আপত্তি আৰু পৰামৰ্শৰ আমন্ত্রণ জনাই প্রকাশৰ বাবে গুৱাহাটী মহানগৰ এলেকাৰ ভিতৰত খচৰা উন্নয়ন আঁচনি অর্থাৎ নগৰ পৰিকল্পনা আঁচনি (TPS) ত অনুমোদন