গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
৬ অক্টোবৰ ২০২৫
▶ কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ) প্ৰৱৰ্তনত অনুমোদন জনাইছে
— সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব
— সম্পূর্ণ নিশ্চিত পৰিশোধৰ হাৰ হ’ব অৱসৰৰ ঠিক আগে আগে ১২ মাহৰ গড় মূল দৰমহা (বেচিক পে’)ৰ ৫০%। পাৰিবাৰিক পেঞ্চন হ’ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেঞ্চন পৰিশোধ পৰিমাণৰ ৬০% আৰু অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অৰ্জনকাৰী সেৱাৰ প্ৰতি ৬ মাহৰ বাবে মাহিলি বেতনৰ ১০% (মূল বেতন + মৰগীয়া ভাট্টা) লাভ কৰাৰ ব্যৱস্থা থাকিব
▶ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ ১০,১৮৬ সামূহিক কেডাৰক অৰুণোদয় ৩.০ আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তর্ভুক্তিত কেবিনেটৰ অনুমোদন
▶ জলবায়ু-স্থিতিস্থাপক গ্রাম্য দলং নিৰ্মাণৰ বাবে কেবিনেটে অসম স্থিতিস্থাপক গ্রাম্য দলং কাৰ্যসূচী (এ আৰ আৰ বি পি)ৰ বাবে ৪,৮১৬.৩১ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদন ব্যয়ত অনুমোদন জনাইছে
✅ কেবিনেটে ৪২৮৭ কোটি টকা ব্যয়েৰে ‘আছাম ষ্টেট টাচিয়েৰী হেলথকেয়াৰ অগমেণ্টেশ্যন’ (ASTHA) প্রকল্পত অনুমোদন জনাইছে
▶ কেবিনেটে ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্রীসকলক ৫ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটবর্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে
— কেবিনেটে লগতে সমগ্র শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ ৫ বছৰৰ বিপৰীতে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে
▶ কেবিনেটে তামিলনাডুত মৃত্যু হোৱা ৯ জন লোকৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য হিচাপে ৫ লাখ টকাকৈ প্রদানত অনুমোদন জনাইছে
▶ কেবিনেটে শিলচৰৰ কেপিটেল পইণ্টৰ সমীপৰ ট্রাংক ৰোডৰ পৰা বংগিৰখাৰী পইন্টলৈ এলিভেটেড কৰিড’ৰ (প্রথম পর্যায়) ৰ নিৰ্মাণৰ বাবে প্রশাসনিক অনুমোদন প্রদান কৰে
✅ কেবিনেটে ৰাজ্য চৰকাৰৰ বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ৩,১১,৬১৪ শিক্ষার্থীৰ মাজত বিতৰণৰ বাবে চাইকেল ক্রয়ত অনুমোদন জনাইছে
— কেবিনেটে লগতে স্নাতক প্রথম বর্ষ পাঠ্যক্রমত নামভর্তি কৰা ১,৭৫,৮১৭ শিক্ষার্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধ কৰাৰ বাবে প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১২৬.৯৭ কোটি টকাৰ বিত্তীয় আবণ্টন জনাইছে
▶ কেবিনেটে ১২৩১গৰাকী মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে
— কেবিনেটে লগতে সাধাৰণ প্ৰশাসন বিভাগৰ ৯৯গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সহায়ক ভাট্টাৰ সমতুল্য স্থিৰ দৰমহা ১৬,৪০০ টকালৈ বৃদ্ধিত অনুমোদন জনাইছে
১৬ অক্টোবৰ ২০২৫
▶ কেবিনেটে ১ জুলাই ২০২৫ৰ সংশোধিত হাৰত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মৰগীয়া বানচ/মৰগীয়া সাহায্য প্রদানত অনুমোদন জনাইছে
▶ নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া-ইউৰিয়া পৰিসৰৰ কাম কৰি থকা ‘আছাম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড’ত অসম চৰকাৰৰ ১,২৭২.০৯ কোটি টকাৰ ইকুইটি বিনিয়োগত কেবিনেটৰ অনুমোদন
▶ হাজো, মাজুলী আৰু টিংখাঙত ৩খন নতুন পলিটেকনিক নিৰ্মাণৰ বাবে ১৫০ কোটি টকাৰ সংশোধিত প্রশাসনিক অনুমোদনত কেবিনেটে মঞ্জুৰি জনাইছে
▶ মহিলাসকলক কেৰিয়াৰ গঢ়ি তুলিবলৈ আৰু শিশুসকলৰ বাবে উচ্চমানৰ দৈনিক পৰিচৰ্যাৰ সুবিধা প্রদান কৰিবলৈ কেবিনেটে অসমৰ ২০০টা অংগনৱাড়ী কেন্দ্র-তথা-ক্রেচত নিযুক্ত হ’বলগীয়া ২০০গৰাকী ক্ৰেচ কৰ্মী আৰু ২০০গৰাকী ক্রেচ সহায়কৰ বাছনি আৰু সেৱাৰ চৰ্তাৱলীত অনুমোদন জনাইছে
▶ কেবিনেটে কাৰ্যকৰী প্ৰত্যাহ্বান দূৰ কৰিবলৈ সংশোধিত চি এম-ফ্লাইট কার্যসূচীত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ১৮০জন প্রার্থীৰ সৈতে পাইলট প্রকল্পটো ৰূপায়ণৰ লগতে প্রার্থীসকলক আর্থিক সাহায্য প্রদান কৰা হ’ব
▶ কেবিনেটে ধাৰাবাহিকতা ৰক্ষা কৰি ২০২৫-২৬ বৰ্ষৰ নিযুত মইনা আঁচনিৰ বাবে প্রায় ২৫৫ কোটি টকাৰ বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে
▶ কেবিনেটে পৱিত্ৰ ঐতিহ্যমূলক সত্ৰসমূহৰ সুৰক্ষা, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্ভাৱনীয়তাৰ প্ৰচাৰ আৰু প্ৰজন্মৰ বাবে ঐতিহ্য সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে ‘অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, ২০২৫’ত অনুমোদন জনাইছে
২৩ অক্টোবৰ ২০২৫
✅ কেবিনেটে অসম পেট্র’কেমিকেলছ লিমিটেডৰ ৫০০ টি পি ডি মিথানল আৰু ২০০ টি পি ডি ফর্মেলিন প্ৰকল্পৰ বৰ্ধিত ব্যয় ২,২৬৭.২২ কোটি টকাত অনুমোদন কৰিছে
▶ কেবিনেটে অসম প্রাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক (নিযুক্তি আৰু বদলি নিয়ন্ত্রণ) (সংশোধন) বিধেয়ক, ২০২৫ৰ সংশোধনীত অনুমোদন জনাইছে। ইয়াক অসম বিধান সভাত উত্থাপন কৰা হ’ব
▶ কেবিনেটে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনৰ হেতু মিছন বসুন্ধৰা ২.০ৰ অধীনত ২২৪ আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে
✅ কেবিনেটে মটক স্বায়ত্তশাসিত পৰিষদ (সংশোধন) অধ্যাদেশ, ২০২৫ আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ (সংশোধন) অধ্যাদেশ, ২০২৫ গৃহীত কৰাৰ বাবে বিধান সভাত উপস্থাপনৰ অনুমোদন জনাইছে
▶ অসম বিধান সভাৰ আগন্তুক অধিৱেশনত ‘৮৩ৰ নেলী হত্যাকাণ্ডৰ সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে
২৯ অক্টোবৰ ২০২৫
▶ কেবিনেটে সাৰ বিতৰণৰ বাবে এছ অ’ পিত অনুমোদন জনাইছে আৰু ৰাজ্যজুৰি সাৰ বিতৰণ অধিক স্বচ্ছতাৰে সম্পন্ন কৰিবলৈ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক দায়িত্ব অর্পণ কৰিছে
▶ কেবিনেটে অসম গাঁওৰক্ষী সংগঠন বিধি, ১৯৮৬ সংশোধন কৰি অসম গাঁওৰক্ষী সংগঠন পুনর্গঠনত অনুমোদন জনাইছে
▶ কেবিনেটে জলবায়ু স্থিতিস্থাপক ব্রহ্মপুত্র সংহত বান আৰু নদীপাৰৰ খহনীয়া বিপদাশংকা ব্যৱস্থাপনা প্ৰকল্পৰ অতিৰিক্ত বিত্তীয় প্রকল্প (পর্যায় ২)ৰ বাবে ২,২০৫.৭৫ কোটি টকাত অনুমোদন জনাইছে
▶ কেবিনেটে অসম ভূমি নীতি, ২০১৯ত সংশোধনীত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে মিছন বসুন্ধৰা ২.০ৰ সময়ত জনজাতীয় সম্প্ৰদায়ৰ ক্ষেত্ৰত কৰা পদক্ষেপৰ দৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ উত্তৰাধিকাৰ ভূমিৰ ৫০ বিঘাপর্যন্ত নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব
✅ কেবিনেটে আৰক্ষীৰ দায়বদ্ধতা আৰু অধিক নিশ্চিত কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী দায়বদ্ধতা আয়োগ আৰু জিলা আৰক্ষী দায়বদ্ধতা প্ৰাধিকৰণত প্রয়োজনীয় পৰিৱৰ্তনৰ হেতু অসম আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৫ত অনুমোদন জনাইছে
✅ কেবিনেটে যোৰহাটত লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক চৌহদ নিৰ্মাণৰ বাবে সংশোধিত আকলন হিচাপে ২৪৯ কোটি টকাৰ অনুমোদন জনাইছে
▶ ৰাজ্যৰ পৰম্পৰাগত ৰাস উৎসৱ আয়োজনত উৎসাহ যোগাই কেবিনেটে ২,০৬৮খন ৰাস সমিতিলৈ ২৫,০০০ টকাকৈ আৰু মাজুলীৰ ৬৭খন ৰাস সমিতিলৈ ৫০,০০০ টকাকৈ আর্থিক অনুদান প্রদানত অনুমোদন জনাইছে
▶ কেবিনেটে ডিব্ৰুগড় আৰু কামৰূপ (ম) জিলাৰ চহৰাঞ্চলৰ ৮ চাহ বাগিচা অনুমোদিত ভূমি আৰু চাহ বাগিচা ম্যাদী ভূমিক ম্যাদী পট্টা হিচাপে ৰূপান্তৰৰ বাবে অনুমোদন জনাইছে










