০৭ আগষ্ট ২০২৫
গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
- ২০২৫ বর্ষটিক গ্রন্থ বর্ষ হিচাপে উদযাপনৰ অংশ হিচাপে কেবিনেটে নিম্নলিখিত কার্যসূচীসমূহত অনুমোদন জনাইছে-
- ১,০০০গৰাকী যুৱ লেখক-লেখিকালৈ ২৫,০০০ টকাকৈ আর্থিক অনুদান
- গ্ৰন্থ মেলা আয়োজনৰ বাবে জিলা আৰু সম জিলাসমূহলৈ ক্রমে ৫ লাখ আৰু ২.৫ লাখ টকাৰ বিত্তীয় সহায়
- ৰাজ্যিক কৰ্মচাৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে এককালীন ১,০০০ টকা অনুদান
- চৰকাৰী অনুষ্ঠানত উপহাৰ হিচাপে গামোচাৰ সৈতে গ্ৰন্থ প্রদান
- চৰকাৰে ড° ভূপেন হাজৰিকাৰ জীৱন-কৃতি সামৰি এখন গ্রন্থ প্ৰকাশ কৰি ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহলৈ বিতৰণ কৰিব
- কেবিনেটে আই আই পি এ ২০১৯ৰ অধীনত ৪ কোম্পানীৰ বাবে অনুকূলিত উদগনিৰ বাবে অনুমোদন জনাইছে, যি বিভিন্ন খণ্ডত মুঠ ১,৮৪৩ কোটি টকাৰ বিনিয়োগ আৰু প্রায় ৮৫০জন প্রত্যক্ষ কৰ্মচাৰীক নিয়োগৰ সুযোগ প্রদান কৰিব
- বি টি আৰৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত উন্নয়ন খণ্ডসমূহ পুনর্গঠন আৰু নামকৰণৰ বাবে কেবিনেটে অনুমোদন জনাইছে
- বাক্সা জিলাত এটা নতুন উন্নয়ন খণ্ড- গোবর্ধনা উন্নয়ন খণ্ড গঠন কৰা হ’ব, যাৰ ফলত বি টি আৰত মুঠ উন্নয়ন খণ্ডৰ সংখ্যা ২৩ লৈ বৃদ্ধি হ’ব
- মিছন বসুন্ধৰা ৩.০ৰ অধীনত, কেবিনেটৰ অনুমোদন-
- ৮ জিলাৰ ১৮৯ আবেদনক বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ
- ৫ জিলাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৭ প্ৰকল্পৰ বাবে ভূমি আবণ্টন
- ৩ জিলাৰ ২৬২ চাহ বাগিচা ভূমিক ম্যাদী পট্টালৈ ৰূপান্তৰ
- ১১ জিলাৰ ১৫৫ ভূমি অব্যক্তিগত ন্যায়িক অনুষ্ঠানক আবণ্টন
- কামৰূপ জিলাৰ চহৰাঞ্চলৰ ভূমিত (পূৰ্বতে গ্ৰাম্যভূমি হিচাপে থকা) ৫গৰাকী ৰায়তী দখলদাৰীক মালিকী স্বত্ব প্রদান
- অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্রাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ মাহেকীয়া ৰেচন ভাট্টা প্রতিমাহে ২,০০০ টকাৰ পৰা ২,৫০০ টকালৈ বৃদ্ধিৰ বাবে কেবিনেটে অনুমোদন জনাইছে
- অংগনৱাড়ী সহায়িকাৰ পৰা অংগনৱাড়ী কর্মী হিচাপে পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ ঊর্ধ্বসীমা ৪৫ বছৰৰ পৰা বৃদ্ধি কৰি ৫০ বছৰ ধাৰ্য কৰাৰ প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাইছে
- কেবিনেটে মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ, আমিনগাঁও আৰু বঙাইগাঁৱত ৬টা জিলা বিজ্ঞান কেন্দ্র তথা তাৰকাগৃহ নিৰ্মাণৰ বাবে ১৭৮ কোটি টকাৰ অনুমোদন জনাইছে
১৩ আগষ্ট ২০২৫
- হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ ২০২৫-২৬ বর্ষত মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা ৩২৫ কোটি টকা আবণ্টনত কেবিনেটে অনুমোদন জনাইছে
- জনসাধাৰণক সুলভ মূল্যত শক্তি প্ৰদানৰ বাবে কেবিনেটে কয়লা মন্ত্ৰ্যালয়ৰ পৰা ৫০০ মেগাৱাট শক্তি ৫.৭৯ টকা/ইউনিটত ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে
- কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা ৩.০ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনা কৃষি উদ্দেশ্যৰে হস্তান্তৰৰ বাবে ৮টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনাইছে
- কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নিৰ্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনস্ট্রাকশ্যন (ৰেগুলেশ্যন) বাই ল’, ২০২২ সংশোধনীত অনুমোদন জনাইছে। এই সংশোধনীয়ে ক্ষুদ্র ভূমিৰ ক্ষেত্ৰত টি অ’ ডি নীতিৰ লাভালাভ প্রাপ্ত কৰা আৰু অর্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্রদান কৰিব
- কেবিনেটে কার্বি আংলঙত ১৫০০ মেগাৱাট পাম্পড ষ্ট’ৰেজ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে
২১ আগষ্ট ২০২৫
- অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেটে অসমত ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ সংশোধিত এছ অ’ পি ৰূপায়ণত অনুমোদন জনাইছে
- জিলা আয়ুক্তসকলক বিৰলতকৈ বিৰল ক্ষেত্ৰত আধাৰ আবেদনৰ (১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ বাবে) অনুমতি দিয়াৰ কর্তৃত্ব দিয়া হৈছে
- ঐতিহাসিক অন্তর্ভুক্তিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অনুসূচিত শ্রেণী, অনুসূচিত জনজাতি আৰু চাহ বাগিচা সম্প্ৰদায়ৰ বাবে এই নিষেধাজ্ঞা এবছৰৰ বাবে প্ৰযোজ্য নহ’ব
- উল্লিখিত সম্প্রদায়সমূহৰ ব্যক্তিৰ আধাৰ আৱেদন এবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ব
- অসম কেবিনেটে উৰিয়ামঘাটত শেহতীয়াকৈ উচ্ছেদ অভিযানৰ সময়ত অসম বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ উল্লেখনীয় ভূমিকাৰ শলাগ লয়
- প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণ (PMAY-G)ৰ অধীনত ৩,১৪,৭৭৩গৰাকী হিতাধিকাৰীক সংযোজনৰ বাবে কেবিনেটে অনুমোদন জনাইছে
- কেবিনেটে দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ চাৰিলেনযুক্ত এলিভেটেড কৰিড’ৰ অসমৰ ইতিহাসৰ প্রসিদ্ধ নৃপতিৰ সন্মানার্থে ‘মহাৰাজা পৃথু উৰণ সেতু’ হিচাপে নামকৰণ কৰিবলৈ অনুমোদন জনাইছে
- স্বাস্থ্যসেৱাৰ মান উন্নত, ৰোগীৰ সন্তুষ্টি আৰু সমগ্ৰ ৰাজ্যতে মেডিকেল কলেজ হাস্পতালৰ দক্ষ পৰিচালনা নিশ্চিত কৰিবলৈ কেবিনেটে হস্পিটেল মেনেজমেন্ট ছ’চাইটীৰ মেম ‘ৰেণ্ডাম অব এছ’চিয়েশন (এম অ’ এ) আৰু মেডিকেল কলেজ ছ’চাইটীৰ হস্পিটেল মেনেজমেন্ট ছ’চাইটীৰ বিধি-২০২৫ত অনুমোদন জনাইছে
- কেবিনেটে সমগ্ৰ অসমত দক্ষতা শিক্ষাৰ বাবে ৫০টা হাব আৰু ৫০০ স্প’কছ মডেল ৰূপায়ণৰ বাবে সমগ্র শিক্ষা অসমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড (টাটা-নেলকো)ৰ মনোনয়নত অনুমোদন জনাইছে
৯ ছেপ্টেম্বৰ ২০২৫
- কেবিনেটে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কৰণৰ বাবে জিলা আযুক্ত (ডিচি) আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক (এছ এছ পি) নির্দেশনা দিবলৈ প্ৰব্ৰজন (অসমৰ পৰা বহিষ্কৰণ) আইন, ১৯৫০ৰ অধীনত এক এছ অ’ পি প্রস্তুত কৰাৰ বাবে অনুমোদন জনাইছে
- অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ —
– যদি জিলা আয়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেনে পৰিস্থিতিত সেই ব্যক্তিজনক ১০ দিনৰ ভিতৰত তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ নির্দেশনা দিব
– যদি জিলা আযুক্তই বিচাৰি পায় যে সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে দাখিল কৰা প্ৰমাণসমূহ তেওঁৰ ভাৰতীয় নাগৰিকত্ব প্রামাণীকৰণৰ বাবে পর্যাপ্ত/সন্তোষজনক নহয়, তেওঁ ব্যক্তিজনক অনুপ্রবেশকাৰী বুলি চিনাক্ত কৰি তথ্যৰ এক চমু বিবৃতি আৰু ফলাফল সম্বলিত নিজৰ মতামত লিখিতভাবে নথিভুক্ত কৰিব
- বহিষ্কৰণ আদেশ
– উল্লিখিত আইনৰ ধাৰা ২(ক) অনুসৰি উক্ত অনুপ্ৰৱেশকাৰীক অসমৰ পৰা ২৪ ঘণ্টাৰ সময় দি জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা পথ অনুসৰি বহিষ্কৰণৰ নিৰ্দেশনা প্রদান কৰিব। প্রয়োজন অনুসৰি জিলা আয়ুক্তই ধাৰা ২(খ) অনুসৰি বহিষ্কৰণ কৰা সন্দৰ্ভত অন্য কোনো আদেশো জাৰি কৰিব পাৰে
– বিদেশী ন্যায়াধিকৰণসমূহৰ দ্বাৰা চিনাক্ত কৰা বিদেশী বুলি ঘোষিতসমূহৰ ক্ষেত্ৰত জিলা আয়ুক্তই বহিষ্কাৰ আদেশ জাৰি কৰিব, যিহেতু তেওঁলোকৰ ক্ষেত্ৰত কোনো চিনাক্তকৰণ প্ৰক্ৰিয়াৰ প্ৰয়োজন নাথাকে। এই প্রয়োজনীয়তা নথকাৰ কাৰণ হ’ল যে তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ইতিমধ্যে উপলব্ধ সুবিধাসমূহ ব্যৱহাৰ কৰিছে। আন কিছু ক্ষেত্ৰত এনে বিদেশী বুলি ঘোষিতসকলে হয়তো কোনো আবেদনৰ প্ৰয়োজন বোধ কৰা নাই
– এবাৰ কোনো ব্যক্তিক অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰি তেওঁক উভতি যাবলৈ নিৰ্দেশনা দিয়াৰ পাছত জিলা আয়ুক্তই অবৈধ প্ৰব্ৰজনকাৰীজনক তেওঁৰ বায়’মেট্রিক আৰু জনগাঁথনিগত তথ্য বিদেশী চিনাক্তকৰণ প’ৰ্টেলত নথিভুক্ত কৰাৰ বাবে সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিব
- বহিষ্কৰণ প্ৰক্ৰিয়া
– যদিহে অবৈধ প্রব্রজনকাৰীয়ে বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ পাছতো নিজে আঁতৰি নাযায়, তেন্তে ১৯৫০ চনৰ আইনখনৰ ৪ নম্বৰ ধাৰা অনুসৰি সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহায়ত জিলা আয়ুক্তই হয়তো এনে অনুপ্ৰৱেশকাৰীক হোল্ডিং চেণ্টাৰত ৰাখিব নতুবা বহিষ্কৰণৰ বাবে তেওঁৰ সমীপৱৰ্তী সীমান্তৰক্ষী বাহিনীক গতাই দিব
– অনুপ্রবেশকাৰী যদি আন্তঃৰাষ্ট্ৰীয় সীমাৰ শূন্য ৰেখাৰ ওচৰত ধৰা পৰে বা ৰাজ্যত প্ৰৱেশৰ ১২ ঘণ্টাৰ ভিতৰত ধৰা পৰে, তেন্তে পৰৱৰ্তী কোনো প্রক্রিয়া অবিহনে তাৎক্ষণিকভাবে ওভতাই পঠিওৱা হ’ব
- কেবিনেটে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে ‘অসম কৃষিজাত উৎপাদন আৰু পশুধন বিপণন (প্ৰচাৰ আৰু সৰলীকৰণ) আইন, ২০২০’ৰ সংশোধনত অনুমোদন জনাইছে
- কেবিনেটে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৫ ত ৮০% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ ১১,২৫০ শিক্ষার্থী লাভান্বিত হ’ব
- কেবিনেটে দুর্যোগ পীড়িত হিমাচল প্রদেশক সাহায্য প্রদান কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী সাহায্য পুঁজিৰ বাবে ৫ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাত অনুমোদন জনাইছে










