গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
৪ জুন ২০২৫
- কেবিনেটে গহপুৰস্থিত শ্বহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকা প্রদানত প্রশাসনিক অনুমোদন জনাইছে। বিশ্ববিদ্যালয়ে ইণ্ডাষ্ট্রী ৫.০ৰ প্রয়োজনীয়তাৰ প্ৰতি সামঞ্জস্য ৰাখি এ আই, কোৱান্টাম কম্পিউটিং আদি অত্যাধুনিক পাঠ্যক্ৰমৰ সুবিধা প্রদান কৰিব
- কেবিনেটে মুখ্যমন্ত্ৰী উৎকর্ষ যোজনাৰ ৰূপায়ণেৰে কৃষক উৎপাদক সংস্থাৰ পৰিস্থিতিতন্ত্রক শক্তিশালী আৰু উন্নত কৰাৰ বাবে কাৰ্যকৰী নির্দেশনাৱলীসমূহৰ অনুমোদন প্রদান কৰিছে
– ৫০০ এফ পি অ’/এফ পি চিক দুটা পর্যায় আৰু দুই কিস্তিত বিভিন্ন উন্নয়নমূলক কাম সম্পাদনৰ বাবে মুঠ ১৫ লাখ টকাকৈ অনুদান আগবঢ়োৱা হ’ব
- কেবিনেটে গৱেষণাৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অনুমোদন প্রদান কৰিছে। এই আঁচনিয়ে অসমৰ চৰকাৰী প্ৰতিষ্ঠানত নামভৰ্তি কৰা সম্পূৰ্ণ সময়ৰ দিব্যাংগ (বিশেষভাবে সক্ষম) গৱেষণা অধ্যয়নকাৰী অন্তর্ভুক্তিৰে যোগ্যবিবেচিত পূর্ণকালীন গৱেষক শিক্ষার্থীসকলক এককালীন আর্থিক সহায়তা প্রদান কৰিব
– দিব্যাংগ গৱেষকসকলৰ বাবে ৪০ হাজাৰ টকাকৈ আৰু কেন্দ্রীয়/ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ বাবে ২৫ হাজাৰ টকাকৈ এককালীন আর্থিক সহায় আগবঢ়োৱা হ’ব
- কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, ধান ক্রয়, অমৃত সৰোবৰ, দুগ্ধ সংসাধন প্রকল্প আদি আঁচনিৰ উন্নত ৰূপায়ণৰ বাবে ১,৪৫০ কোটি টকাৰ মেগা মিছন ছ’চাইটী-মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ বিত্তীয় অনুমোদনত সন্মতি প্রকাশ কৰিছে
- ডিমা হাছাওৰ সংযোগ ব্যৱস্থা উন্নয়নৰ হেতু কেবিনেটে ‘অসম দুর্যোগ স্থিতিস্থাপক পার্বত্য এলেকা পথ উন্নয়ন প্রকল্প’ত অনুমোদন দিছে। ইয়াৰ লক্ষ্য পার্বত্য জিলাত দুর্যোগ স্থিতিস্থাপক পথ পৰিবহণ নেটৱৰ্ক উন্নীতকৰণ
— ৩৪৮ কিল মিটাৰ দুৰ্যোগ স্থিতিস্থাপক পথ আৰু ভূমিস্খলন, বান দুৰ্যোগৰ বাবে আগতীয়া সতর্কতা আৰু দ্রুত সঁহাৰি প্রণালী বিকশিত কৰাৰ বাবে মুঠ ৩,৮৭৫ টকা অনুমোদন জনোৱা হৈছে
- কেবিনেটে বিটিচিক ২০২৫-২৬ বৰ্ষৰ বাবে ৮৪৩ কোটি টকাৰ বিত্তীয় আবণ্টনত অনুমোদন জনাইছে
- কেবিনেটত জিলাসমূহৰ আৰক্ষী অধীক্ষকৰ ৩৫টা পদ পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পুনৰ পদবীকৰণত অনুমোদন জনোৱা হৈছে। এই সিদ্ধান্তই প্রশাসনিক দক্ষতা আৰু নেতৃত্বক শক্তিশালী কৰিব আৰু লগতে সম-জিলা সৃষ্টিৰ পটভূমিত আৰক্ষী পৰিচালনাৰ গাঁথনিত স্পষ্টতা আনিব
১০ জুন ২০২৫
- কেবিনেটে আশা কর্মী আৰু আশা ছুপাৰভাইজৰসকলৰ উদগনি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে
– আশা কর্মীসকলে এতিয়া ১ অক্টোবৰ ২০২৫ৰ পৰা ৩,০০০ টকাৰ সলনি ৪,০০০ টকাৰ স্থিৰ মাহেকীয়া মাননী লাভ কৰিব
– আশা ছুপাৰভাইজৰসকলে এতিয়া ১ অক্টোবৰ ২০২৫ৰ পৰা ৯,০০০ টকাৰ সলনি ১০,২০০ টকাৰ স্থিৰ মাহেকীয়া মাননী লাভ কৰিব
- কেবিনেটে ১,০১১ অব্যক্তিগত ন্যায়িক অনুষ্ঠান (শিক্ষামূলক, ধর্মীয় আৰু সামাজিক-সাংস্কৃতিক প্রতিষ্ঠানসমূহ)-ৰ সপক্ষে হোৱা নিষ্পত্তিৰে ভূমি আবণ্টনৰ অনুমোদন প্রদান কৰিছে
– এই আবণ্টনসমূহ এনেধৰণৰ –
শোণিতপুৰঃ ৪৬৪, গোলাঘাট: ৩০৬, মাজুলী: ২০৫, কামৰূপঃ ৩৬
– কেবিনেটে ১৪৬ চৰকাৰী শিক্ষাৰ প্ৰতিষ্ঠান, কার্যালয়, স্বাস্থ্য প্রতিষ্ঠান, অংগনবাড়ী কেন্দ্ৰ আৰু অন্যান্য চৰকাৰী আন্তঃগাঁথনি প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আবণ্টনৰ অনুমোদন দিছে
– এই আবণ্টনসমূহ এনেধৰণৰ
– শোণিতপুৰঃ ১০৮, গোলাঘাট: ৩৮
- কেবিনেটে ‘প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসম’ক ‘অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ’ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে
২২ জুন ২০২৫
- কেবিনেটে অসমৰ নাগৰিকসকলৰ মৃতদেহ অন্য ৰাজ্যৰ পৰা সহজ, আইনী আৰু সমন্বিত পদক্ষেপৰ মাজেৰে লৈ অহাৰ কাম কৰিবলৈ শ্ৰদ্ধাঞ্জলি আঁচনিৰ অনুমোদন প্রদান কৰিছে
- ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ বাহিৰত বাস কৰা ৰাভা জনগোষ্ঠীৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে কেবিনেটত অনুমোদন
- অসমত তৃতীয় লিংগ সম্প্রদায়ক ‘সামাজিক আৰু শৈক্ষিকভাবে পিছপৰা শ্রেণী’ হিচাপে ঘোষণা কৰাত কেবিনেটে অনুমোদন জনাইছে
- কেবিনেটে অতি কমেও ১০ বছৰ অভিজ্ঞতাপুষ্ট আৰু কলা, বিজ্ঞান, বাণিজ্য অথবা অন্য সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্রীধাৰী কৰ্মৰত অংগনবাড়ী কর্মীৰ মাজৰ পৰা ৫০% পর্যন্ত অংগনৱাড়ী ছুপাৰভাইজৰ পদ পূৰণৰ অনুমোদন জনাইছে। বাকী থকা পদসমূহ পোনপটীয়াকৈ এছ এল আৰ চি গ্রেড ৩ৰ দ্বাৰা পূৰণ কৰা হ’ব
- কেবিনেটে আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধাসমূহ নিম্নলিখিত ক্ষেত্ৰৰ ৬০ বছৰ পৰ্যন্ত নিয়মীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে মুকলি কৰি সম্প্ৰসাৰণত অনুমোদন জনাইছে
– ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম, সমগ্র শিক্ষা অসম, অসম শক্তি উৎপাদন নিগম লিমিটেড, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, আছাম ইলেক্ট্রিচিটা গ্রীড কর্প’ৰেশ্যন লিমিটেড
- জীৱ-জন্তুৰ আক্ৰমণত প্রাণ হেৰুওৱা প্রতিজন ব্যক্তিৰ বাবে ক্ষতিপূৰণ ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাত কেবিনেটে অনুমোদন জনাইছে
– লগতে শস্যকেন্দ্রিক ক্ষতিপূৰণ প্ৰতি বিঘাত ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধিৰ ক্ষেত্রতো কেবিনেটে অনুমোদন জনাইছে
- ১,২৫৬ হেক্টৰ এলেকাত বিস্তৃত গোৱালপাৰাৰ উৰপদ বিলক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পি আৰ এফ) হিচাপে অধিসূচনাত কেবিনেটে অনুমোদন জনাইছে
– গোৱালপাৰাৰ ২৪৫ হেক্টৰ ভূমিত বিস্তৃত হাছিলা বিলক প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচনা কৰাত কেবিনেটে অনুমোদন জনাইছে
- কেবিনেটে চন্দ্ৰপুৰত জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে
- কেবিনেটে পি এম পোষণৰ অধীনত নিয়োজিত ৰান্ধনী-সহায়িকাসকলৰ বাবে অক্টোবৰ ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ বছৰি ১০ মাহৰ বাবে মাহিলি ৫০০ৰ পৰা ১০০০ টকালৈ মাননী বৃদ্ধি কৰাত অনুমোদন জনাইছে
- নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলক প্রথম বার্ষিক বেতন বৃদ্ধি সুবিধাত কেবিনেটে অনুমোদন জনাইছে। ইয়াক ২০২৫ চনৰ জুলাই মাহত প্ৰদান কৰা হ’ব
- কেবিনেটে অসমত বিভিন্ন স্থানত থকা এই জি চি এল উপকেন্দ্ৰৰ ৪০টা বিদ্যমান বিদ্যুৎ ট্রেন্সফৰ্মাৰ উচ্চ ক্ষমতাযুক্ত কৰি সংবর্ধনৰ বাবে ৪৯৮ কোটি টকাৰ অনুমোদন প্রদান কৰিছে
- কেবিনেটে ৩,০০০ কোটি টকাৰ ছেবিৰ দ্বাৰা পঞ্জীয়নভুক্ত অসম ঔদ্যোগিক আৰু সেউজ বিকাশ পুঁজি গঠনত অনুমোদন জনাইছে। ই নৱীকৰণযোগ্য শক্তি, সেউজ আন্তঃগাঁথনি, অগ্রাধিকাৰযুক্ত স্টার্টআপ, কৃষি প্রযুক্তি, পর্যটন, এম এছ এম ই আৰু অন্যান্য অগ্রাধিকাৰ খণ্ডৰ বাবে দীর্ঘম্যাদী মূলধন সংগঠিত কৰাৰ ক্ষেত্রত বিকল্প বিনিয়োগ পুঁজি হিচাপে বিবেচিত হ’ব
২৭ জুন ২০২৫
- কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে
- কেবিনেটে মিছন বসুন্ধৰা ৩.০ৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে অনুমোদন জনাইছে-
– ১১খন জিলাৰ নগৰাঞ্চলত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৯৪২ আন্তঃগাঁথনি প্রকল্প
– ১২খন জিলাৰ ১.৯৭৭টা বেচৰকাৰী শৈক্ষিক, ধর্মীয় আৰু সামাজিক-সাংস্কৃতিক প্রতিষ্ঠান
- মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ বিধিসমূহ সংশোধন কৰিবলৈ মৰাণ স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) অধ্যাদেশ, ২০২৫ আৰু মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ বিধিসমূহ সংশোধন কৰিবলৈ মটক স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) অধ্যাদেশ, ২০২৫ত কেবিনেটে অনুমোদন জনাইছে










