গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
৪ ছেপ্টেম্বৰ ২০২৪
- দুৰ্ঘটনাজনিত মৃত্যু বা অক্ষমতাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ হেতু কেবিনেটে নিম্নলিখিত ধৰণে শূন্য-প্ৰিমিয়াম আধাৰিত বীমা কভাৰেজ প্ৰদান কৰাৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা একাউণ্ট থকা ভাৰতীয় ষ্টেট বেংক বা আন যিকোনো অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে-
–দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰতঃ ১ কোটি টকা
–স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰতঃ ১ কোটি টকা
–আংশিক বিকলাংগতাৰ ক্ষেত্ৰতঃ ৮০ লাখ টকা
–সেৱা কালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত: ১০ লাখ টকা
–এই বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰীসকলে বিদ্যমান নিয়মীয়া লাভালাভৰ ওপৰঞ্চি হিচাপে লাভ কৰিব
- অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাৰ কৰ্মচাৰী আৰু কৰ্মীসকলক দুৰ্গাপূজাৰ পূৰ্বে বোনাচ প্ৰদান কৰাৰ পৰম্পৰা অব্যাহত ৰাখি কেবিনেটে যোগ্য কৰ্মচাৰী আৰু কৰ্মীসকলক ২০% বোনাচ পৰিশোধৰ বাবে অনুমোদন জনাইছে
- জীৱন ধাৰা আৰু ঘৰুৱা-ক শ্ৰেণীৰ অধীনত বিদ্যুৎ গ্ৰাহকসকলক সকাহ দিবলৈ কেবিনেটে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক মুঠ ২০০ কোটি টকাৰ নিৰ্ধাৰিত ৰাজসাহায্যত অনুমোদন জনাইছে
- মৰাণ জনগোষ্ঠীৰ বীৰ ৰাঘৱ মৰাণৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে কেবিনেটে ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ৰ বাবে ১৯ নৱেম্বৰ ২০২৪ তাৰিখে সীমিত বন্ধ ঘোষণা সন্দৰ্ভত কাৰ্যকৰীকৰণৰ অনুমোদন প্ৰদান কৰিছে
- ৰাজ্যখনত ঔদ্যোগীকৰণ আৰু উদ্যমিতাক উৎসাহিত কৰাৰ অৰ্থে কেবিনেটে অসম ঔদ্যোগীক আৰু বিনিয়োগ নীতি (সংশোধনী) ২০২৪ আৰু অসম ষ্টাৰ্ট-আপ নীতি (সংশোধনী), ২০১৮ৰ সংশোধনত অনুমোদন জনাইছে
- তৃণমূল পৰ্যায়ত কাৰ্যকৰী আৰু দক্ষ নাগৰিককেন্দ্ৰিক প্ৰশাসন প্ৰদানৰ লক্ষ্যৰে কেবিনেটে ২-ৰ পৰা ৮ অক্টোবৰ, ২০২৪ লৈ প্ৰথম পৰ্যায়ত ৩৯খন সমজিলা (মুঠ ৭৮খন অধিসূচিত সমজিলাৰ ভিতৰত) কাৰ্যকৰীকৰণত অনুমোদন জনাইছে
- পৰ্যটন, ভ্ৰমণকাৰী বিষয়া আৰু উদ্যোগপতিসকলক আতিথ্য-বাসস্থানৰ ক্ষেত্ৰত আগন্তুক টাটা অৰ্ধপৰিবাহী প্ৰকল্পৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে কেবিনেটে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে থকা পূৰ্বৰ এইচ পি চি এল, নগাঁও কাগজ কলৰ সম্পত্তিৰ ৬ একৰ ভূমি এখন হোটেল স্থাপনৰ বাবে ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডক ৬০ বছৰৰ বাবে লীজত দিয়াত অনুমোদন জনাইছে
১৩ ছেপ্টেম্বৰ ২০২৪
- কেবিনেটে প্ৰৱঞ্চনামূলক লেনদেন আৰু অনিয়ন্ত্ৰিত ধৰণে বৃহৎ পৰিমাণৰ ধনৰ ব্যৱসায় সম্পৰ্কীয় অসমৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত গোচৰসমূহ চি বি আইক হস্তান্তৰৰ সিদ্ধান্ত লৈছে
- অসমৰ অভিযান্ত্ৰিক আৰু বিজ্ঞানৰ শিক্ষাৰ্থীসকলক ‘ডমেইন’ নিৰ্দিষ্ট দক্ষতা আৰু কৰ্মচাৰীসকলক দক্ষতা প্ৰদানৰ হেতু কেবিনেটে এৰ’স্পেচ আৰু ডিফেন্স, অট’মোটিভ আৰু বৈদ্যুতিক বাহন উদ্যোগ আদিত উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে
- আদালতক গুৰুতৰ অপৰাধৰ বাবে সময় দিয়া আৰু সৰু-সুৰা গোচৰত অভিযুক্ত বিচাৰাধীন বন্দীসকলক মুকলি কৰি কাৰাগাৰৰ ভিৰ কমোৱাৰ লক্ষ্যৰে কেবিনেটে সমগ্ৰ ৰাজ্যৰ নিম্ন আদালতত ক্ষুদ্ৰ/সৰু অপৰাধমূলক গোচৰ প্ৰত্যাহাৰৰ বাবে জাৰি কৰা এছ অ’ পি (Notification No. E-217405 dated 21.10.2022)ৰ ৩ নম্বৰ দফা সংশোধনৰ বাবে অনুমোদন জনাইছে
- বি টি আৰত ক্ৰীড়া আন্তঃগাঁথনি বৃদ্ধি কৰাৰ বাবে কেবিনেটে কোকৰাঝাৰত ১০৭.৮৯ কোটি টকা ব্যয়েৰে এখন অত্যাধুনিক ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণত প্ৰশাসনিক অনুমোদন প্ৰদান কৰিছে
- ৰাজ্যত বিদ্যুতৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ কেবিনেটে এ পি ডি চি এলৰ দ্বাৰা এন টি পি চিৰ পৰা ১০০ মেগাৱাট বায়ু সৌৰ হাইব্ৰিড শক্তি ক্ৰয়ৰ বাবে অনুমোদন জনাইছে
- অতি ব্যস্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ (জি এছ ৰোড)ত মসৃণ যান-বাহন ব্যৱস্থাপনাৰ সুবিধাৰ বাবে কেবিনেটে এছ অ’ পি ডি ২০২৪-২৫১ অধীনত ১১১.৬৫৪ কোটি টকা ব্যয়েৰে ডাউন টাউন হাস্পতালৰ সমীপৰ বিদ্যমান ট্ৰেফিক ছিগনেলত উৰণ সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে
- গুৱাহাটী চিৰিয়াখানাৰ সুবিধাসমূহ আন্তৰ্জাতিক মানৰ পৰ্যায়লৈ উন্নীত কৰাৰ হেতু কেবিনেটে ৩৬২,০৪,১২,৯৩৩ টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ বাবে প্ৰশাসনিক অনুমোদন জনাইছে
- গুণগত শিক্ষাৰ জৰিয়তে ৰাজ্যখনত শিক্ষাৰ মান বৃদ্ধি কৰাৰ উদ্দেশ্যৰে কেবিনেটে অসম মাধ্যমিক শিক্ষা (চৰকাৰী বিদ্যালয়) (চতুৰ্থ সংশোধনী) সেৱা বিধি, ২০২৪ আৰু অসম মাধ্যমিক শিক্ষা (প্ৰাদেশীকৃত বিদ্যালয়) (চতুৰ্থ সংশোধনী) সেৱা বিধি, ২০২৪ সংশোধনত অনুমোদন জনাইছে
- মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পৰিচালনা সমিতিয়ে ইয়াৰ প্ৰথম বৈঠকত এই অভিযানৰ অধীনত ১৭৪গৰাকী পেছাদাৰী প্ৰাৰ্থী আৰু ২৫,০৬৪গৰাকী সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসহ মুঠ ২৫,২৩৮গৰাকী হিতাধিকাৰীক অনুমোদন জনাইছে
২৪ ছেপ্টেম্বৰ ২০২৪
- বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবলৈ আৰু মাধ্যমিক পৰ্যায়ত বিদ্যালয় এৰা কাৰ্যৰ প্ৰতিৰোধক হিচাপে কাম কৰিবলৈ কেবিনেটে ২০২৪-২৫ বৰ্ষৰ বাবে চৰকাৰী/প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনাইছে
- শিক্ষাৰ্থীসকলৰ মাজত কাৰিকৰী দক্ষতা বিকাশৰ লক্ষ্য বান্ধি হাজো, মাজুলী আৰু টিংখঙত তিনিখন নতুন পলিটেকনিক স্থাপন কৰা হ’ব
- কাৰ্বি আংলঙত শিক্ষাৰ্থীসকলৰ শিক্ষা প্ৰদানৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ হেতু কেবিনেটে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত ১৩১গৰাকী শিক্ষকক দৰমহা পৰিশোধত অনুমোদন জনাইছে
- কেবিনেটে অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত ৩F বিধিৰ অধীনত বিদ্যমান খালী পদসমূহৰ বিপৰীতে ৪৫১ অংশকালীন ফেকাল্টীৰ পুনৰ নিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে
- ৰে’লৱে নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে কেবিনেটে আজাৰা-কামাখ্যা অংশত দুই লাইনযুক্ত ৰে’লপথ নিৰ্মাণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পক্ষত ৮ বিঘা চৰকাৰী ভূমি হস্তান্তৰ কৰাত অনুমোদন জনাইছে
- কেবিনেটে অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনত কম্পিউটৰ গ্ৰেড-২, গ্ৰেড-১ আৰু মুখ্য কম্পিউটৰ পদৰ পৰা বেতন স্কেলৰ বিসংগতি আঁতৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে