গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
৯ আগষ্ট ২০২৪
▶ ইলেক্ট্র’নিক্স আৰু তথ্য-প্রযুক্তিৰ নিৰ্মাণ কেন্দ্ৰ স্থাপনৰ বাবে পছন্দৰ গন্তব্য স্থান হিচাপে অসমৰ সম্ভাৱনা বৃদ্ধিৰ বাবে কেবিনেটে অসমত আই টি পার্ক/ইলেক্ট্র’নিক্স মেনুফেকচাৰিং ক্লাষ্টাৰৰ বাবে লেণ্ড এণ্ড স্পেচ লীজ মেনেজমেন্ট পলিচী, ২০২৪ত অনুমোদন জনাইছে
▶ জি এছ টি সম্পর্কীয় বিষয়ত কৰ আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা জাননীৰ ফলত সন্মুখীন হোৱা প্রত্যাহ্বানৰ পৰা ক্ষুদ্র ব্যৱসায়ীসকলক সহায় আগবঢ়োৱাৰ হেতু কেবিনেটে এই বিষয়ত পর্যালোচনা কৰিবলৈ গঠিত কেবিনেট উপ-সমিতিৰ প্ৰতিবেদন গ্রহণ কৰিছে
▶ এই বিষয়ত কেবিনেটৰ মুখ্য নির্দেশনাবোৰ নিম্নলিখিত ধৰণৰ-
▶সন্দেহৰ অৱকাশ থকা এলগৰথিম আৰু অন্যান্য স্থিতিমাপক বিষয়ত প্রাপ্ত ফলাফলৰ পৰা জি এছ টি আইনৰ আওতাত ৩ মাহৰ ভিতৰত কেছ-টু-কেছ আধাৰত অসম জি এছ টি আইন ২০১৭ৰ ১৬১ ধাৰাৰ অধীনত ২০১৭-১৮ বৰ্ষৰ ১০,৪৮৪টা কেছ আৰু ২০১৮-১৯ বৰ্ষৰ ১৫,৫২৯টা কেছ ছ’ মোটো সংশোধনৰ বাবে গ্ৰহণ কৰিব পৰা যাব
▶ ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ সম্পৰ্কীয় গোচৰৰ বাবে, বিগ ডাটা এনালিটিক্স ছফ্টৱেৰ (বি ডি এ এছ)ৰ ওপৰত আধাৰিত কৰি সৃষ্টি কৰা জাননীসমূহ নতুন এছ অ’ পিৰ নিৰ্দেশনা অনুসৰি সম্পন্ন কৰা হ’ব। বি ডি এ এছৰ সহায়ত জাননী জাৰি কৰাৰ সীমা হ’ব ৫ লাখ
▶কৰদাতা/ব্যৱসায়ীসকলৰ কোনো হাৰাশাস্তি নোহোৱাকৈ আৰু জি এছ টি ফ্রেমৱৰ্ক অনুসৰণ সুনিশ্চিত কৰাৰ বাবে সমস্যাসমূহ ৩ মাহৰ ভিতৰত ন্যায়সংগতভাৱে সমাধান কৰা হ’ব বুলি আশা কৰা হৈছে
▶ মৰাণ আৰু মটক সম্প্ৰদায়ৰ আশা-আকাংক্ষাক পূৰণ আৰু তেওঁলোকে পর্যাপ্ত প্রতিনিধিত্ব লাভ কৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে অসম বিধান সভাৰ দুয়োখন পৰিষদৰ প্ৰতিখনতে সমষ্টিৰ সংখ্যা ২২ৰ পৰা ২৭লৈ বৃদ্ধি কৰাৰ বাবে মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ (সংশোধন অনুসৰি) আৰু মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ (সংশোধন অনুসৰি)ৰ সংশোধনীত অনুমোদন জনাইছে
▶ সংশোধনৰ পাছত দুয়োখন সাধাৰণ পৰিষদত ৩০জন সদস্য থাকিব, যাৰ ভিতৰত ২৭জন পোনপটীয়াকৈ নির্বাচিত হ’ব আৰু ৩জনক পৰিষদ এলেকাত বাস কৰা সাধাৰণ পৰিষদত নথকা আন সম্প্ৰদায়ৰ গোটৰ মাজৰ পৰা স্বায়ত্তশাসিত পৰিষদৰ সন্মতিত চৰকাৰে মনোনীত কৰিব
▶ নির্বাচিত ২৭খন আসনৰ ভিতৰত –
■ প্রতিখনে ২২খনকৈ আসন মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে সংৰক্ষিত কৰা হ’ব
■ দুয়োখন পৰিষদত ৪খনকৈ মহিলাৰ বাবে সংৰক্ষিত আসন থাকিব
■ দুয়োখন পৰিষদত সাধাৰণ সম্প্ৰদায়ৰ বাবে ১খনকৈ আসন সংৰক্ষিত কৰা হ’ব
▶ শিক্ষার্থীসকলৰ শৈক্ষিক স্বাৰ্থৰ বাবে কেবিনেটে অসম মাধ্যমিক শিক্ষা (প্রাদেশীক বিদ্যালয়) সেৱা (তৃতীয় সংশোধনী) বিধি, ২০২৪ আৰু অসম মাধ্যমিক শিক্ষা (চৰকাৰী বিদ্যালয়) সেৱা (তৃতীয় সংশোধনী) বিধি, ২০২৪ক অনুমোদন জনাইছে
► ২০২০ চনৰ বড়ো চুক্তিক সন্মান জনোৱাৰ বাবে আৰু চুক্তিৰ অধীনত ধাৰাসমূহ কাৰ্যকৰী কৰাৰ বাবে কেবিনেটে ১৯খন গাঁৱক বি টি আৰত অন্তর্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে
▶ ৰাজ্যৰ ২খন অভিযান্ত্রিক মহাবিদ্যালয় আৰু ১১খন পলিটেকনিকৰ মসৃণ কাম-কাজ নিশ্চিত কৰাৰ বাবে কেবিনেটে ২২১টা চতুৰ্থ বৰ্গৰ পদ নিযুক্তি (ঠিকাভিত্তিক)ত অনুমোদন জনাইছে
১৩ আগষ্ট ২০২৪
▶ মাষ্টাৰ প্লেন এলেকাৰ ভিতৰত ৰাজ্যখনৰ সকলো নগৰ আৰু চহৰৰ জলাশয়সমূহৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাৰ বাবে কেবিনেটে অসম নগৰ জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) বিধেয়ক, ২০২৪ অসম বিধান সভাত উত্থাপন কৰাত অনুমোদন জনাইছে
▶ পেঞ্চন প্ৰক্ৰিয়াকৰণৰ ডিজিটেল স্থিতি উন্নত কৰিবলৈ কেবিনেটে ১ ছেপ্টেম্বৰ, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ৩৩টা পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব বিদ্যালয় শিক্ষা বিভাগক প্রদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে
২১ আগষ্ট ২০২৪
► মুছলমান বিবাহৰ পৱিত্ৰতাক শক্তিশালী কৰিবলৈ আৰু বিবাহ তথা বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কর্তৃত্ব হিচাপে চৰকাৰী ব্যৱস্থাক কর্তৃত্ব প্রদান কৰিবলৈ কেবিনেটে অসম বিধান সভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্যে ‘অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪’ অনুমোদন জনাইছে
▶ চহৰ আৰু গ্রামাঞ্চল উভয়তে স্থানীয় কর্তৃপক্ষৰ অনুমোদিত ভূমি ব্যৱহাৰৰ পৰিকল্পনা অনুসৰি ভূমিৰ পুনঃ শ্রেণী বিভাজন নিশ্চিত কৰিবলৈ The Assam Agricultural Land (Regulation of Reclassification and Transfer of Non-Agricultural Purpose) Act, ২০১৫ৰ সংশোধনৰ বাবে কেবিনেটৰ অনুমোদন
▶ ৰাজ্যিক কেবিনেটে ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে থকা হেৰিটেজ বেল্ট এণ্ড ব্লকসমূহক অধিসূচিত কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে
▶ সকলো স্তৰৰ ৰাইজৰ বাবে সহায়ক হোৱাকৈ গুৱাহাটীত ভূমিৰ প্রিমিয়ামক যুক্তিসংগত কৰাৰ উদ্দেশ্যে মাননীয় মন্ত্রী শ্রীঅশোক সিংহল আৰু শ্রীযোগেন মোহনক সদস্য হিচাপে লৈ কেবিনেট উপ-সমিতি গঠনত অনুমোদন
► অসম চৰকাৰে বিশিষ্ট শাস্ত্রীয় নৃত্যশিল্পী শ্রীমতী সোণাল মানসিঙক শ্রীমন্ত শংকৰদেৱ বঁটা, ২০২৩ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে
► মুখ্যতঃ অনুসূচিত শ্রেণী/ অনুসূচিত জনজাতিৰ জনবসতি স্থাপন কৰা গাঁওসমূহৰ সাংস্কৃতিক পৰিচয় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেবিনেটে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬-ৰ সংশোধন কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ (সংশোধনী) বিধেয়ক, ২০২৪ৰ খচৰাক অসম বিধান সভাৰ সন্মুখত ৰাখিবলৈ অনুমোদন জনাইছে
▶ আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক অধিক গতিশীলতাৰ সুবিধাৰ বাবে কেবিনেটে অসম ৰাজ্যিক গ্রামীণ জীৱিকা মিছনৰ ৫,২৪২ সামূহিক কেডাৰক ‘জীৱিকা সখী এক্সপ্রেছ’ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে
▶ অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটে অতিৰিক্ত ১২ লাখতকৈও অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় ৩.০ মুকলি কৰিবলৈ অনুমোদন জনাইছে। অৰুণোদয় ৩.০-ৰ মুঠ লক্ষ্য হৈছে ৩৭ লাখ হিতাধিকাৰী
▶ কেবিনেটে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে শৈক্ষিক সহযোগিতাৰ বাবে বেংগালুৰুৰ বাধৱানী চেণ্টাৰ ফৰ গভর্নমেণ্ট ডিজিটেল ট্রেন্সফর্মেশ্যনৰ সৈতে ব্যয়-শূন্য এক বছৰৰ বুজাবুজি চুক্তিত অনুমোদন জনাইছে
► মটৰ বাহনৰ বাবে এক বৈজ্ঞানিক আৰু যুক্তিসংগত কৰ ব্যৱস্থা আনিবলৈ কেবিনেটে অসম মটৰ বাহন কৰ আইন, ১৯৩৬ৰ সংশোধনৰ বাবে অসম মটৰ বাহন কৰ (সংশোধনী) বিধেয়ক, ২০২৪ অসম বিধান সভাত উত্থাপনৰ বাবে অনুমোদন জনাইছে