গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
১ জানুৱাৰী ২০২৪
- এপিডিচি এলক ২০০ কোটি টকাৰ শুল্ক ৰাজসাহায্য প্রদান কৰা হ’ব
- সুযোগ্য প্রার্থীৰ বাছনি নিশ্চিত কৰিবলৈ সাধাৰণ এলেকা জিলাসমূহৰ অধীনত সেৱাত থকা অংগনৱাড়ী কৰ্মীসকলৰ (AWW) মাজৰ পৰা মুঠ তত্ত্বাৱধায়ক পদৰ ২৫%ৰ বিপৰীতে তত্ত্বাৱধায়ক নিযুক্তিৰ বাবে নির্দেশনাৱলীত অনুমোদন
- অসমত এছ টি তালিকাৰ ক্ৰমিক নং ৫৩ মদাহি সম্প্রদায়ক (বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নক অন্তর্ভুক্ত কৰি আৰু স্বায়ত্তশাসিত জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওক বাদ দি) কছাৰী জনজাতিৰ অন্তৰ্ভূক্ত কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ দাখিল কৰিব
- মিছন বসুন্ধৰা ২.০ৰ অধীনত তিনিচুকীয়া, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, ডিব্রুগড়, গোলাঘাট, যোৰহাট, কামৰূপ (মেট্র’), কামৰূপ, মৰিগাঁও, ধুবুৰী, কৰিমগঞ্জ, বৰপেটা আৰু বজালী জিলাৰ গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলত ১,১৯৪টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ পক্ষত ভূমি নিষ্পত্তি কৰা হ’ব
- মিছন বসুন্ধৰা ২.০ৰ আবেদন নিষ্পত্তিৰ সময়সীমা ১৫ জানুৱাৰী ২০২৪লৈ বৃদ্ধি। সকলো সফল আবেদনকাৰীয়ে ৩১ জানুৱাৰী ২০২৪ লৈকে প্রিমিয়াম পৰিশোধ কৰা উচিত। অন্যথা, প্রিমিয়াম পৰিশোধ নকৰাৰ বাবে আগবঢ়োৱা নিষ্পত্তি বাতিল হৈ থাকিব
- গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল/পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি মুক্তকৰণ কৰা হ’ব আৰু সমতুল্য পৰিমাণৰ ভূমি গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল/পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষণ কৰা হ’ব
৭ জানুৱাৰী ২০২৪
- ২২ জানুৱাৰী ২০২৪ত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ হেতু ড্রাই ডে’ ঘোষণা কৰা হয়
- অসম ৰাজ্যিক অসামৰিক বঁটা ২০২৪ৰ বঁটাপ্ৰাপকসকলৰ নাম মাঘ বিহুত ঘোষণা কৰা হ’ব
- ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মর্যাদা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ক পৰামৰ্শ প্রদান কৰা হ’ব
- চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ অধীনত স্থাপন হ’বলগীয়া কাৰ্যসূচী ব্যৱস্থাপনা ইউনিট (পিএমইউ)ত ঠিকাভিত্তিক কর্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত এককালীন বিবেচনা হিচাপে মেধাৰ ভিত্তিত চাহ জনজাতি আৰু আদিবাসী সম্প্রদায়ৰ প্ৰাৰ্থীৰ বাবে ৩০% আসন সংৰক্ষণ কৰা হ’ব
- গ্রাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযান ছ’চাইটীয়ে ৰূপায়ণ কৰিবলগীয়া আত্মসহায়ক গোটৰ সদস্যসকলক গ্রাম্য মহিলা উদ্যোগী হিচাপে পদোন্নতিৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ নির্দেশনাত অনুমোদন
- অমৃত সৰোবৰৰ বহনক্ষম আৰু দক্ষ ব্যৱস্থাপনাৰ বাবে মিছন অমৃত সৰোবৰৰ (অসম আর্হি) অধীনত নির্মাণ কৰা সৰোবৰৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব তলত দিয়া ধৰণেৰে অৰ্পণ কৰা হ’ব –
- শিক্ষানুষ্ঠান, ধর্মীয় প্রতিষ্ঠান, চাহ বাগিচা আৰু চৰকাৰী পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহলৈ তেওঁলোকৰ নিজা ভূমিত অৱস্থিত সৰোবৰৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব
- বন বিভাগে বনাঞ্চলত নিৰ্মাণ কৰা সৰোবৰৰ মালিকীস্বত্ব স্বয়ংক্রিয়ভাৱে গ্রহণ কৰিব। অৱশ্যে বন বিভাগে বন অধিকাৰ আইন অনুসৰি বনাঞ্চলৰ বাসিন্দাৰ সামূহিক অধিকাৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়ে
- প্রাতিষ্ঠানিক ভূমি বাদ দি চৰকাৰী ভূমিত থকা সৰোবৰবোৰৰ সম্পত্তি ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত গাঁও পঞ্চায়ত বা স্বায়ত্তশাসিত পৰিষদৰ সমতুল্য স্থানীয় পৰ্যায়ৰ সংস্থাসমূহৰ মালিকনাধীন হ’ব
- পঞ্চায়ত নিৰ্বাচনৰ সময়ত কর্তব্য পালন কৰি থকা অৱস্থাত মৃত্যু হোৱা বা আঘাতপ্রাপ্ত ভোটগ্রহণ কৰ্মীৰ নিকট আত্মীয়ক ক্ষতিপূৰণ হিচাপে আর্থিক অনুদান প্রদান কৰা হ’ব
- আর্থিকভাৱে দুৰ্বল পৰিয়ালক বিনামূলীয়া চাউল প্ৰদানৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম খাদ্য সুৰক্ষা বিধি, ২০২২ৰ ৪ নং বিধিটোৰ সংশোধনীত অনুমোদন
- গুৱাহাটীত পৰিকল্পিত জাবৰ সংগ্ৰহ আৰু চিকিৎসা সুবিধা প্ৰৱৰ্তনৰ উদ্দেশ্যে জাইকা-সহায়ক গুৱাহাটী জাবৰ নিষ্কাশন প্রকল্প (১৮৭ এম এল ডি)ৰ বাবে প্রশাসনিক অনুমোদন
- আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰিবলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত অনুমোদন
- গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষ (জি এম ডি এ) আৰু ছিংগাপুৰ চৰকাৰৰ সংস্থা ছিংগাপুৰ কৰ্প’ৰেশ্যন এণ্টাৰপ্ৰাইজ (এছ চি ই)ৰ মাজত স্বাক্ষৰিত হ’ব এক নতুন বুজাবুজিৰ চুক্তি
২২ জানুৱাৰী ২০২৪
- কেবিনেটৰ সমূহ সদস্যই ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যালৈ ভ্ৰমণ কৰিব
- গহপুৰত নতুন ৰাজ্যিক বিশ্ববিদ্যালয় ‘শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়’ স্থাপন কৰা হ’ব। পৰৱৰ্তী বিধান সভাৰ অধিৱেশনত এখন খচৰা বিধেয়ক ‘শ্বহীদ কনকলতা বিশ্ববিদ্যালয় বিধেয়ক’ দাখিল কৰা হ’ব
- গোলাঘাট জিলাত গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল/ পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি মুক্তকৰণ কৰা হ’ব আৰু সমতুল্য পৰিমাণৰ ভূমি গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল/ পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষণ কৰা হ’ব
- মিছন বসুন্ধৰা ২.০ৰ অধীনত শোণিতপুৰ, তিনিচুকীয়া, ধেমাজি, নগাঁও, বিশ্বনাথ, কামৰূপ (ম), কামৰূপ, বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী জিলাত ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বসতি স্থাপন কৰা হ’ব
- বড়োলেও ক্ষেত্ৰীয় অঞ্চলৰ সর্বাংগীণ উন্নয়নৰ বাবে গ্রান্ট নং ৭৮ৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)ক দ্বিতীয় কিস্তি হিচাপে ৪০০ কোটি টকাৰ ৰাজ্যিক স্ব- অগ্রাধিকাৰ উন্নয়ন-গ্রাম্য পুঁজি (স্বাভাৱিক কাম) মুকলি কৰা হ’ব
- পৰীক্ষাৰ সময়ত প্ৰশ্নকাকত ফাদিল হোৱা আৰু নীতিবহির্ভূত কার্যকলাপ ৰোধ কৰিবলৈ আছাম পাব্লিক এগজেমিনেশ্যন (নিযুক্তিৰ ক্ষেত্ৰত নীতিবহির্ভূত কার্যকলাপ প্রতিৰোধৰ ব্যৱস্থা) বিল, ২০২৪৩ অনুমোদন
- প্রাদেশীক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকসকলৰ নিৰৱচ্ছিন্ন পদোন্নতিৰ বাবে চৰকাৰী বিধান অনুসৰি প্ৰাৰ্থীসকলক পদোন্নতিৰ পৰামৰ্শ দিয়া হৈছে। এই ক্ষেত্রত ২০২৩ চনৰ ৮ নৱেম্বৰ যোগ্যতা নিৰ্ধাৰণৰ শেষ তাৰিখ হিচাপে ধার্য কৰা হৈছে
৩১ জানুৱাৰী ২০২৪
- গুৱাহাটী ভিৰমুক্ত কৰিবলৈ চাইকেল ফেক্টৰী সংযোগ স্থলত উৰণ সেতু নির্মাণ আৰু গুৱাহাটী-গড়ভঙা পথৰ লালগণেশ বজাৰলৈকে ইয়াৰ সম্প্ৰসাৰণৰ বাবে ৩৭৬ কোটি টকাৰ প্রশাসনিক অনুমোদন
- পর্যটন উদ্যোগ পুনৰুজ্জীৱিত আৰু প্ৰসাৰৰ বাবে অসম পর্যটন (উন্নয়ন আৰু পঞ্জীয়ন) বিধেয়ক, ২০২৪ৰ অনুমোদন
- গাঁও পৰিষদৰ বিধান আঁতৰাবলৈ, নিম্নলিখিত বিধেয়কসমূহলৈ অনুমোদন
ক) ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, ২০২৪
খ) সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, ২০২৪
গ) দেউৰী স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, ২০২৪
ঘ) ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, ২০২৪
ঙ) তিৱা স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, ২০২৪
চ) গাঁও পৰিষদ ব্যৱস্থা আঁতৰাই সাধাৰণ পৰিষদৰ শক্তি বৃদ্ধি কৰি বৰ্তমানৰ আইন অনুসৰি অনুসূচিত জনজাতিৰ প্রতিনিধিত্বৰ অনুপাত বৰ্তাই ৰাখিবলৈ মিছিং স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক, ২০২৪লৈ অনুমোদন
- নগৰীয়া ৰাজহুৱা পানী যোগান আঁচনিৰ সঠিক তত্ত্বাৱধান আৰু পৰিচালনা নিশ্চিত কৰাৰ বাবে পৌৰ এলেকাসমূহত অৱস্থিত এনে আঁচনিসমূহ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা নগৰীয়া স্থানীয় সংস্থাসমূহলৈ স্থানান্তৰ কৰা হ’ব। এতিয়াৰ পৰা এই সংস্থাসমূহ এনে আঁচনিসমূহৰ পৰিচালনাৰ লগতে ৰক্ষণাবেক্ষণৰ দায়িত্বত থাকিব