২ অক্টোবৰ ২০২৩
- পৰৱৰ্তী পাঁচটা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ কোটাত অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ জুনিয়ৰ গ্ৰেডৰ নিযুক্তিৰ ক্ষেত্ৰত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে এটাকৈ পদৰ সংৰক্ষণ
- পেৰি নগৰীয়া গ্ৰীনফিল্ড ছাইটসমূহৰ পৰিকল্পিত বিকাশৰ সুবিধাৰ বাবে গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত অঞ্চল ঘোষণা কৰা নগৰ পৰিকল্পনা আঁচনি (টিপিএছ) প্ৰস্তুতকৰণৰ অভিপ্ৰায়েৰে খচৰা অধিসূচনা প্ৰকাশ
- চৰকাৰী চিকিৎসা আৰু দন্ত মহাবিদ্যালয়ত এম বি বি এছ/বি ডি এছ পাঠ্যক্ৰমত প্তক্ম আসন সংৰক্ষণৰ বাবে নীতি প্ৰস্তুত কৰা হ’ব৷ এই সংৰক্ষণ ছেবাৰ অধীনৰ চৰকাৰী বিদ্যালয়ত সপ্তম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈ অধ্যয়ন কৰা আৰু এ এইচ এছ ই চিৰ অধীনত ৰাজ্যিক চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত একাদশ-দ্বাদশ শ্ৰেণী অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব
- চৰকাৰী চাকৰি নিযুক্তিৰ ৰাজহুৱা পৰীক্ষাত অসৎ উপায় অৱলম্বন প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ লক্ষ্যৰে ‘অসম ৰাজহুৱা পৰীক্ষা (নিযুক্তিত অসৎ উপায় প্ৰতিৰোধৰ ব্যৱস্থা) অধ্যাদেশ, ২০২৩’ৰ অনুমোদন
- নগৰ উন্নয়নত সংস্কাৰ সূচনাৰ হেতু গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত অঞ্চল ঘোষণা কৰা আৰু স্থানীয় এলেকা পৰিকল্পনা (এলএপি) প্ৰস্তুতকৰণৰ অভিপ্ৰায়েৰে খচৰা অধিসূচনা প্ৰকাশ
- মসৃণ কাৰ্যকলাপ আৰু প্ৰশাসন নিশ্চিত কৰিবলৈ কিছুসংখ্যক মহাবিদ্যালয়ক তেওঁলোকৰ ভৌগোলিক নৈকট্য বিবেচনা কৰি স্বতন্ত্ৰ বিশ্ববিদ্যালয় যেনে- ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্তকৰণ
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা অধিক নম্বৰ লাভ কৰা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড॰ বাণীকান্ত কাকতি উৎকৰ্ষ বঁটা হিচাপে স্কুটাৰ বিতৰণ
- ৰাজ্যত ২৫০ মি:লি: আয়তনলৈকে বটলযুক্ত খোৱাপানীৰ পলিথিলিন টেৰিফথেলেট (পি ই টি) বটলৰ উৎপাদন আৰু ব্যৱহাৰ নিষিদ্ধকৰণ
প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনৰ লাভালাভসমূহ নগৰীয়া স্থানীয় নিকায়ত কৰ্মৰত সমূহ চাফাই কৰ্মচাৰীলৈ সম্প্ৰসাৰণ
- বজালী বিধান সভা সমষ্টিৰ সৈতে কো-টাৰ্মিনাছ হিচাপে এখন পৃথক বজালী জিলা সৃষ্টি৷ বজালী জিলাত সংযোজন হ’ব পৰাকৈ অধিক ভৌগোলিক এলেকা চিনাক্ত কৰাৰ সন্দৰ্ভত কেবিনেট উপ-সমিতি গঠন
- চাহ শ্ৰমিকৰ নূ্যনতম মজুৰি বৃদ্ধি
- অসম লোকসেৱা আয়োগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাত সামগ্ৰিক অ’ বি চি/এম অ’ বি চি শ্ৰেণীৰ ভিতৰত চাহ জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৩% সংৰক্ষণ
৯ অক্টোবৰ ২০২৩
- ছিপাঝাৰত সামগ্ৰিক নগৰ বিকাশ নিশ্চিত কৰিবলৈ আৰু উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ বাবে ষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগৰ অধীনত প্ৰকল্প আৰম্ভণিৰ হেতু ছিপাঝাৰ পৌৰসভাক পুঁজিৰ ব্যৱস্থা
- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা হিচাপে বন্যপ্ৰাণী অভয়াৰণ্যৰ চাৰিওফালে ৰ কিল’মিটাৰ দূৰত্বৰ বাবে তিনিচুকীয়াৰ ভেৰজান-বৰাজান-পদুমনি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণাৰ বাবে সংশোধিত খচৰা অধিসূচনাৰ অনুমোদন
- অসম চৰকাৰে আৰ আই ডি এফ-XXIXৰ অধীনত অনুমোদিত প্ৰকল্পৰ বাবে নাবাৰ্ডৰপৰা ৯৫০.৪৩ কোটিলৈকে ঋণ সংগ্ৰহ কৰিব
কৰ আয়ুক্তৰ অধীনত এটা নতুন কাৰ্যালয় ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কামৰ বাবে ১১.৯১ কোটি টকাৰ অতিৰিক্ত আকলনত অনুমোদন
- কাজিৰঙাত ন্যায়িক অতিথিশালা নিৰ্মাণৰ বাবে বোকাখাত ৰাজহ চক্ৰৰ কাজিৰঙা মৌজাৰ অন্তৰ্গত হালোৱাগাঁও ৰাজহ গাঁৱত জ্জ বিঘা ২ কঠা ১০ লেচা জোখৰ ভূমি আবণ্টন
- আনুমানিক ৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে অসম মালাৰ অধীনত নতুন ১,০০০ কিল’মিটাৰ পথ প্ৰকল্প ‘হাই স্পীড ইক’নমিক কৰিড’ৰ’ৰ বাবে নীতিগত অনুমোদন
- নৱেম্বৰ আৰু ডিচেম্বৰ ২০২৩ আৰু জানুৱাৰী ২০২৪ত নিম্নলিখিত জিলা সদৰত কেবিনেট বৈঠকৰ আহ্বান
নৱেম্বৰ – তিনিচুকীয়া
ডিচেম্বৰ- উত্তৰ লখিমপুৰ
জানুৱাৰী – নগাঁও
১৭ অক্টোবৰ ২০২৩
- ৬,৯৫৩খন পূজা কমিটীক অনুদান হিচাপে ১০,০০০ টকাকৈ প্ৰদান কৰা হ’ব
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০০ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ এই ৪০০ বিদ্যালয়ৰ ১০০খন বিদ্যালয় চাহ বাগিচা অধ্যুষিত অঞ্চলত সম্পূৰ্ণ নতুন বিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ’ব
- মিছন বসুন্ধৰা ২.০১ অধীনত আৱাস নিৰ্মাণৰ উদ্দেশ্যে ১২৩টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ (চৰাইদেউৰ ১০৫টা আৰু দৰঙৰ ১৮টা পৰিয়াল) পক্ষে ভূমি নিষ্পত্তি
- ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ বাবে ২০২৪ বৰ্ষৰ বন্ধৰ তালিকাত অনুমোদন
বন্ধসমূহ
- ৰাজপত্ৰিত : ৩৬ দিন
- সীমিত : ৩০ দিন
- অৰ্ধ : ২ দিন
- কামৰূপ (ম) জিলাৰ বাহিৰে সমূহ জিলা আয়ুক্তই স্থানীয় বন্ধৰ দিন হিচাপে স্থানীয় গুৰুত্বপূৰ্ণ যিকোনো এটা দিন ঘোষণা কৰিব পৰাকৈ অধিকাৰ প্ৰদান
- সাধাৰণ প্ৰশাসন বিভাগকো কামৰূপ [ম] জিলাত ২ দিন স্থানীয় বন্ধ ঘোষণা কৰিব পৰাকৈ অনুমতি প্ৰদান
- অসম বিত্তীয় নিগমৰ ৩১ মাৰ্চ ২০২৩লৈ ৫৪ কোটি টকাৰ বকেয়া ঋণ আৰু ১০.৯২ কোটি টকা বকেয়া সুত নিগমৰ ইকুইটি মূলধনলৈ ৰূপান্তৰ কৰা হ’ব
- ১ জানুৱাৰী ২০২৪১ পৰা কাৰ্যকৰী হোৱাকৈ স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসকসকলক প্ৰতি ৫ বছৰৰ সেৱাম্যাদত এবাৰকৈ ‘নন প্ৰেক্টিচিং এলাউঞ্চ’ৰ অপ্ট-ইন আৰু অপ্ট-আউটৰ সুবিধা প্ৰদান কৰা হ’ব
- ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বিধান সভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন বিভাগ (ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাহিৰে)ৰ প্ৰশাসনিক গোটসমূহ (চক্ৰ, সংমণ্ডল আৰু উপ-সংমণ্ডল) পুনৰ সংগঠিত কৰা হ’ব
- মিনি অংগনৱাড়ী কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু অংগনৱাড়ী সহায়িকাসকলৰ বাবে অভিন্ন অৱসৰৰ তাৰিখ
- ৪১৭.৩২ কোটি টকাৰ সংশোধিত প্ৰকল্প ব্যয়েৰে ২৪ মেগাৱাটযুক্ত কাৰ্বি লাংপি মধ্য-২ জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণ কৰা হ’ব
- এইচ পি চি এলৰ সম্পদ কাৰ্যকৰীসংগতভাৱে ব্যৱহাৰৰ উদ্দেশ্যৰে সম্পত্তি অধিগ্ৰহণ আৰু সাহায্য পেকেজ পৰিশোধৰ বাবে অসম চৰকাৰৰ প্ৰদত্ত সাহায্য অনুদানৰ অধীনত ৭৫৮.৭৫ কোটি টকাৰ বিনিয়োগ এ আই ডি চিত অসম চৰকাৰৰ দ্বাৰা ইকুইটি বিনিয়োগ হিচাপে ৰূপান্তৰ কৰা হ’ব
- ৰাজ্যত গোচৰৰ প্ৰণালী সুশৃংখলিত কৰিবলৈ অসম ৰাজ্যিক অভিযোজন সেৱা বিধি, ২০২৩ প্ৰস্তুত কৰি প্ৰচিকিউশান সেৱাৰ এক নতুন কেডাৰ সৃষ্টি কৰা হ’ব