২ অক্টোবৰ ২০২৩ পৰৱৰ্তী পাঁচটা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ কোটাত অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ জুনিয়ৰ গ্ৰেডৰ নিযুক্তিৰ ক্ষেত্ৰত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে এটাকৈ পদৰ সংৰক্ষণ পেৰি নগৰীয়া গ্ৰীনফিল্ড ছাইটসমূহৰ পৰিকল্পিত বিকাশৰ সুবিধাৰ বাবে গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত অঞ্চল ঘোষণা কৰা নগৰ পৰিকল্পনা আঁচনি (টিপিএছ) প্ৰস্তুতকৰণৰ অভিপ্ৰায়েৰে খচৰা অধিসূচনা প্ৰকাশ চৰকাৰী চিকিৎসা আৰু দন্ত মহাবিদ্যালয়ত এম বি বি এছ/বি ডি এছ পাঠ্যক্ৰমত প্তক্ম আসন সংৰক্ষণৰ বাবে নীতি প্ৰস্তুত কৰা হ’ব৷ এই সংৰক্ষণ ছেবাৰ অধীনৰ চৰকাৰী বিদ্যালয়ত সপ্তম শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈ অধ্যয়ন কৰা আৰু এ এইচ এছ ই চিৰ অধীনত ৰাজ্যিক চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত একাদশ-দ্বাদশ শ্ৰেণী অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী চাকৰি নিযুক্তিৰ ৰাজহুৱা পৰীক্ষাত অসৎ উপায় অৱলম্বন প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ লক্ষ্যৰে ‘অসম ৰাজহুৱা পৰীক্ষা (নিযুক্তিত অসৎ উপায় প্ৰতিৰোধৰ ব্যৱস্থা) অধ্যাদেশ, ২০২৩’ৰ অনুমোদন নগৰ উন্নয়নত সংস্কাৰ সূচনাৰ হেতু গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত অঞ্চল ঘোষণা কৰা আৰু স্থানীয় এলেকা পৰিকল্পনা (এলএপি) প্ৰস্তুতকৰণৰ অভিপ্ৰায়েৰে খচৰা অধিসূচনা প্ৰকাশ মসৃণ কাৰ্যকলাপ আৰু প্ৰশাসন নিশ্চিত কৰিবলৈ কিছুসংখ্যক মহাবিদ্যালয়ক তেওঁলোকৰ ভৌগোলিক নৈকট্য বিবেচনা কৰি স্বতন্ত্ৰ বিশ্ববিদ্যালয় যেনে- ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্তকৰণ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা অধিক নম্বৰ লাভ কৰা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড॰ বাণীকান্ত কাকতি উৎকৰ্ষ বঁটা হিচাপে স্কুটাৰ বিতৰণ ৰাজ্যত ২৫০ মি:লি: আয়তনলৈকে বটলযুক্ত খোৱাপানীৰ পলিথিলিন টেৰিফথেলেট (পি ই টি) বটলৰ উৎপাদন আৰু ব্যৱহাৰ নিষিদ্ধকৰণ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনৰ লাভালাভসমূহ নগৰীয়া স্থানীয় নিকায়ত কৰ্মৰত সমূহ চাফাই কৰ্মচাৰীলৈ সম্প্ৰসাৰণ বজালী বিধান সভা সমষ্টিৰ সৈতে কো-টাৰ্মিনাছ হিচাপে এখন পৃথক বজালী জিলা সৃষ্টি৷ বজালী জিলাত সংযোজন হ’ব পৰাকৈ অধিক ভৌগোলিক এলেকা চিনাক্ত কৰাৰ সন্দৰ্ভত কেবিনেট উপ-সমিতি গঠন চাহ শ্ৰমিকৰ নূ্যনতম মজুৰি বৃদ্ধি অসম লোকসেৱা আয়োগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাত সামগ্ৰিক অ’ বি চি/এম অ’ বি চি শ্ৰেণীৰ ভিতৰত চাহ জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৩% সংৰক্ষণ ৯ অক্টোবৰ ২০২৩ ছিপাঝাৰত সামগ্ৰিক নগৰ বিকাশ নিশ্চিত কৰিবলৈ আৰু উন্নয়নমূলক আঁচনিৰ ৰূপায়ণৰ বাবে ষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগৰ অধীনত প্ৰকল্প আৰম্ভণিৰ হেতু ছিপাঝাৰ পৌৰসভাক পুঁজিৰ ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা হিচাপে বন্যপ্ৰাণী অভয়াৰণ্যৰ চাৰিওফালে ৰ কিল’মিটাৰ দূৰত্বৰ বাবে তিনিচুকীয়াৰ ভেৰজান-বৰাজান-পদুমনি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণাৰ বাবে সংশোধিত খচৰা অধিসূচনাৰ অনুমোদন অসম চৰকাৰে আৰ আই ডি এফ-XXIXৰ অধীনত অনুমোদিত প্ৰকল্পৰ বাবে নাবাৰ্ডৰপৰা ৯৫০.৪৩ কোটিলৈকে ঋণ সংগ্ৰহ কৰিব কৰ আয়ুক্তৰ অধীনত এটা নতুন কাৰ্যালয় ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কামৰ বাবে ১১.৯১ কোটি টকাৰ অতিৰিক্ত আকলনত অনুমোদন কাজিৰঙাত ন্যায়িক অতিথিশালা নিৰ্মাণৰ বাবে বোকাখাত ৰাজহ চক্ৰৰ কাজিৰঙা মৌজাৰ অন্তৰ্গত হালোৱাগাঁও ৰাজহ গাঁৱত জ্জ বিঘা ২ কঠা ১০ লেচা জোখৰ ভূমি আবণ্টন আনুমানিক ৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে অসম মালাৰ অধীনত নতুন ১,০০০ কিল’মিটাৰ পথ প্ৰকল্প ‘হাই স্পীড ইক’নমিক কৰিড’ৰ’ৰ বাবে নীতিগত অনুমোদন নৱেম্বৰ আৰু ডিচেম্বৰ ২০২৩ আৰু জানুৱাৰী ২০২৪ত নিম্নলিখিত জিলা সদৰত কেবিনেট বৈঠকৰ আহ্বান নৱেম্বৰ - তিনিচুকীয়া ডিচেম্বৰ- উত্তৰ লখিমপুৰ জানুৱাৰী – নগাঁও ১৭ অক্টোবৰ ২০২৩ ৬,৯৫৩খন পূজা কমিটীক অনুদান হিচাপে ১০,০০০ টকাকৈ প্ৰদান কৰা হ’ব উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০০ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ এই ৪০০ বিদ্যালয়ৰ ১০০খন বিদ্যালয় চাহ বাগিচা অধ্যুষিত অঞ্চলত সম্পূৰ্ণ নতুন বিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ’ব মিছন বসুন্ধৰা ২.০১ অধীনত আৱাস নিৰ্মাণৰ উদ্দেশ্যে ১২৩টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ (চৰাইদেউৰ ১০৫টা আৰু দৰঙৰ ১৮টা পৰিয়াল) পক্ষে ভূমি নিষ্পত্তি ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ বাবে ২০২৪ বৰ্ষৰ বন্ধৰ তালিকাত অনুমোদন বন্ধসমূহ ৰাজপত্ৰিত : ৩৬ দিন সীমিত : ৩০ দিন অৰ্ধ : ২ দিন কামৰূপ (ম) জিলাৰ বাহিৰে সমূহ জিলা আয়ুক্তই স্থানীয় বন্ধৰ দিন হিচাপে স্থানীয় গুৰুত্বপূৰ্ণ যিকোনো এটা দিন ঘোষণা কৰিব পৰাকৈ অধিকাৰ প্ৰদান সাধাৰণ প্ৰশাসন বিভাগকো কামৰূপ [ম] জিলাত ২ দিন স্থানীয় বন্ধ ঘোষণা কৰিব পৰাকৈ অনুমতি প্ৰদান অসম বিত্তীয় নিগমৰ ৩১ মাৰ্চ ২০২৩লৈ ৫৪ কোটি টকাৰ বকেয়া ঋণ আৰু ১০.৯২ কোটি টকা বকেয়া সুত নিগমৰ ইকুইটি মূলধনলৈ ৰূপান্তৰ কৰা হ’ব ১ জানুৱাৰী ২০২৪১ পৰা কাৰ্যকৰী হোৱাকৈ স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসকসকলক প্ৰতি ৫ বছৰৰ সেৱাম্যাদত এবাৰকৈ ‘নন প্ৰেক্টিচিং এলাউঞ্চ’ৰ অপ্ট-ইন আৰু অপ্ট-আউটৰ সুবিধা প্ৰদান কৰা হ’ব ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বিধান সভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন বিভাগ (ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাহিৰে)ৰ প্ৰশাসনিক গোটসমূহ (চক্ৰ, সংমণ্ডল আৰু উপ-সংমণ্ডল) পুনৰ সংগঠিত কৰা হ’ব মিনি অংগনৱাড়ী কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু অংগনৱাড়ী সহায়িকাসকলৰ বাবে অভিন্ন অৱসৰৰ তাৰিখ ৪১৭.৩২ কোটি টকাৰ সংশোধিত প্ৰকল্প ব্যয়েৰে ২৪ মেগাৱাটযুক্ত কাৰ্বি লাংপি মধ্য-২ জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণ কৰা হ’ব এইচ পি চি এলৰ সম্পদ কাৰ্যকৰীসংগতভাৱে ব্যৱহাৰৰ উদ্দেশ্যৰে সম্পত্তি অধিগ্ৰহণ আৰু সাহায্য পেকেজ পৰিশোধৰ বাবে অসম চৰকাৰৰ প্ৰদত্ত সাহায্য অনুদানৰ অধীনত ৭৫৮.৭৫ কোটি টকাৰ বিনিয়োগ এ আই ডি চিত অসম চৰকাৰৰ দ্বাৰা ইকুইটি বিনিয়োগ হিচাপে ৰূপান্তৰ কৰা হ’ব ৰাজ্যত গোচৰৰ প্ৰণালী সুশৃংখলিত কৰিবলৈ অসম ৰাজ্যিক অভিযোজন সেৱা বিধি, ২০২৩ প্ৰস্তুত কৰি প্ৰচিকিউশান সেৱাৰ এক নতুন কেডাৰ সৃষ্টি কৰা হ’ব