৫ ফেব্ৰুৱাৰী ২০২৫
■ পথ, ৰে’ল, নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্রী আমদানিৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰীৰ চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসম মূল্য সংযোজিত কৰ (সংশোধনী) বিধি, ২০২৫ৰ খচৰাত অনুমোদন
■ বিধি অনুমোদন
- ৰাজহুৱা জলাশয়সমূহৰ জিলা পৰ্যায়ৰ সূচী প্ৰস্তুত কৰাৰ বাবে অসম নগৰীয়া জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) বিধি, ২০২৫ খচৰা
- ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১,০৪৪গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্রাদেশিকীকৰণ) বিধেয়ক ২০২৫
- অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়) সেৱা (পঞ্চম সংশোধনী) বিধি, ২০২৪
■ সমগ্ৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰিবলৈ অসমীয়া মাধ্যম আৰু অন্যান্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষক সেৱা ব্যৱহাৰত অনুমোদন
■ বড়োলেও বিশ্ববিদ্যালয়ৰ মসৃণ কার্যকলাপ নিশ্চিতকৰণ বাবে নিয়মীয়া বিধিত অনুমোদন প্রদান
■ যোগ্য বিবেচিত ব্যক্তিগত বিদ্যালয়ত আর্থিকভাবে দুর্বল শ্ৰেণীৰ শিশুসকলৰ বাবে ২৫% আসন সংৰক্ষণ সুনিশ্চিত কৰি শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণৰ সুবিধার্থে এটা প’র্টেল মুকলিত অনুমোদন
■ সুলভ মূল্য দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণৰ ম্যাদ ৩ ৰ পৰা ৫ বছৰলৈ বৃদ্ধি কৰি অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ (সংশোধনী) আদেশ, ২০২৫ত অনুমোদন
■ ক্ষুদ্র উদ্যোগসমূহত ক্লাষ্টাৰ উন্নয়নৰ কাম কৰিবলৈ ৪২.৭২ কোটি টকাৰ বিনিয়োগত অনুমোদন
১৬ ফেব্ৰুৱাৰী ২০২৫
■ ৰাজ্যখনত ঔদ্যোগিকৰণৰ প্রচেষ্টাক উৎসাহিত কৰিবলৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগক মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে মৰিগাঁও ৰাজহ চক্রত ৫৬৯ বিঘা ভূমি আবণ্টনৰ অনুমোদন
■ এ পি ডি চি এলৰ দ্বাৰা ২৫০ মেগাৱাট সৌৰ প্ৰকল্পৰ বাবে সফল নিবিদা দাতাসকললৈ আৰু “মুখ্যমন্ত্রী সৌৰ শক্তি প্রকল্প”ৰ অধীনত সৌৰ উদ্যানৰ উমৈহতীয়া আন্তঃগাঁথনিৰ বাবে Letter of Acceptance জাৰি কৰাত অনুমোদন
■ নৱীকৰণযোগ্য শক্তি খণ্ডত অসমক এক পছন্দৰ বিনিয়োগ গন্তব্য স্থান হিচাপে প্রতিষ্ঠা কৰিবলৈ কেবিনেটে সৌৰ, বায়ু, মিনি আৰু ক্ষুদ্র জলবিদ্যুৎ প্রকল্প, পাম্পযুক্ত সঞ্চয় প্রকল্প, বেটাৰী শক্তি সঞ্চয় প্রণালী, সেউজ হাইড্রজেন, জৈৱ ইন্ধন, ই ভি প্রণালী আদিৰ প্ৰসাৰৰ বাবে অসম সংহত স্বচ্ছ শক্তি নীতি, ২০২৫ ৰ খচৰাত অনুমোদন জনাইছে, যিয়ে অসমত আধাৰ স্থাপন কৰা উদ্যোগসমূহক বিভিন্ন উদগনি প্রদান কৰিব
■ কোকৰাঝাৰ আৰু চিৰাং জিলাত অবস্থিত ৩১৬.২৯ বর্গ কিল ‘মিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ-বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন
■ বি টি আৰৰ চিৰাং জিলাত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় নামেৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন
■ ‘নেশ্যনেল কমিছন ফৰ ইণ্ডিয়ান ছীষ্টেম অৱ মেডিচিন’ৰ দ্বাৰা স্বীকৃত প্রতিষ্ঠানসমূহত ৩ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম সফলতাৰে সম্পূৰ্ণ কৰা আয়ুর্বেদিক চিকিৎসকসকলক ৩টা পিজি বৃদ্ধি প্রদান কৰিবলৈ অনুমোদন
■ কেবিনেটে মিচিং, ৰাভা হাছং, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, দেউৰী, বড়ো কছাৰী কল্যাণ আৰু তিৱাকে ধৰি সাতখন স্বায়ত্তশাসিত পৰিষদৰ আইনৰ সংশোধনীত অনুমোদন জনাইছে-
– যদি নির্বাচন কার্যকৰী নহয়, পৰিষদৰ কাৰ্যকালৰ বাহিৰত এক সময়ৰ বাবে সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ ক্ষমতা আৰু কাৰ্যকলাপৰ সৈতে অভ্যন্তৰীণ সমিতি বা কর্তৃপক্ষত ব্যক্তি নিযুক্তি
– তদুপৰি নিৰ্বাচিত সদস্যৰ সংখ্যা ৩৬ৰ পৰা ৩৮ লৈ বৃদ্ধি কৰিবলৈ তিৱা স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) আইন, ২০২৫ক অনুমোদন জনোৱা হৈছে
২৩ ফেব্ৰুৱাৰী ২০২৫
- এডভাণ্টেজ আছামৰ সময়ত স্বাক্ষৰিত হ’ব লগা ১,২২,০০০ কোটি টকাৰ বুজাবুজি চুক্তিত অনুমোদন
- বস্ত্ৰ উদ্যোগৰ খণ্ডত নতুন বিনিয়োগক সমর্থন যোগাবলৈ কেঁচামাল আৰু জনশক্তিৰ সহজলভ্যতাৰে বিনিয়োগকাৰী অনুকূল পৰিবেশ সৃষ্টিৰ বাবে বস্ত্র আৰু পোছাক নীতি, অসম, ২০২৫ত অনুমোদন
- টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত নগৰীয়া আন্তঃগাঁথনি উন্নয়ন প্রকল্প গ্ৰহণৰ বাবে কেবিনেটত ৫৫.৪৫ কোটি টকাৰ অনুমোদন
- ডিব্ৰুগড় চহৰত যান-জট হ্রাস কৰিবলৈ পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ স্থিত আমোলাপট্টিত এক নতুন উৰণ সেতু নিৰ্মাণৰ বাবে অনুমোদন
- জৈৱ-প্রযুক্তি গবেষণা, উদ্যোগ আৰু উদ্যমিতাৰ বাবে বায়’ই-৩ পলিচীৰ সৈতে সংগতি ৰাখি অধিক অনুকূল পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে কেবিনেটৰ দ্বাৰা অসম ৰাজ্যৰ জৈৱ-প্ৰযুক্তি নীতি (২০২২-২০২৭)ৰ সংশোধনত অনুমোদন
- কেবিনেটৰ দ্বাৰা চিকিৎসা মহাবিদ্যালয়সমূহত ফেকাল্টী হিচাপে সেৱা আগবঢ়োৱা চিকিৎসকসকলৰ বিকাশ নিশ্চিত কৰিবলৈ তথা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকৰ সেৱা বজাই ৰখাৰ বাবে ডাইনেমিক এছিউৰড কেৰিয়াৰ প্ৰগ্ৰেশ্যন (ডি এ চি পি) আঁচনি, ২০২৫ আৰম্ভ কৰিবলৈ অনুমোদন