১ জানুৱাৰী ২০২৫
- তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰাজ্যিক কৰ্মচাৰীৰ সুশৃংখলিত পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়াৰ বাবে ‘স্বাগত সতীর্থ’ প’ৰ্টেলৰ জৰিয়তে সম্পাদন কৰাত অনুমোদন
- গ্রাম্য যাতায়াত আৰু আন্তঃগাঁথনিৰ বিকাশৰ লক্ষ্যৰে ২১০.৮ কোটি টকা ব্যয়সাপেক্ষে ১২খন জিলাৰ লোকক লাভান্বিত কৰি ১০৪টা প্রকল্পত অনুমোদন
- বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰাৰ হেতু নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ, উত্তৰ লখিমপুৰক সামৰি চাৰিখন চহৰত পানী যোগান প্রকল্প সম্পাদনৰ বাবে ২০৭.৯২ কোটি টকাত অনুমোদন
- জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন প্রক্রিয়া সুশৃংখল আৰু নাগৰিক অনুকূল কৰি তুলিবলৈ ‘অসম জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) বিধি, ২০২৪’ত অনুমোদন
১০ জানুৱাৰী ২০২৫
- কেবিনেটে বৰ্তমানৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নগৰীয়া বান আদি নগৰীয়া সমস্যা সমাধান কৰিবলৈ অসমত নগৰ আৰু দেশ পৰিকল্পনা সঞ্চালকালয়ৰ পুনর্গঠনত অনুমোদন জনাইছে। যুটীয়া সঞ্চালকৰ ২টা অতিৰিক্ত পদ আৰু জি আই এছ বিশেষজ্ঞ, বিশেষজ্ঞ আর্কিটেক্ট আদিৰ দৰে ৪৬টা নতুন পদৰো অনুমোদন
- যোৰহাট আৰু ডিব্ৰুগড়ত ১০০ টি এল পি ডিৰ ক্ষমতাসম্পন্ন ২টা ‘দুগ্ধ সংসাধন উদ্যোগ’ স্থাপনত অনুমোদন। আগন্তুক দিনত ধেমাজি আৰু কাছাৰত পুনৰ দুটা এনে উদ্যোগৰ পৰিকল্পনা কৰা হ’ব
- দুগ্ধ উৎপাদকসকলৰ আয় বৃদ্ধিত অৰিহণা যোগাবলৈ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে উৎপাদিত সামগ্রী বিক্ৰী কৰা দুগ্ধ উৎপাদকসকলক ডিবিটিৰ জৰিয়তে প্রতি লিটাৰত ৫ টকাকৈ ৰাজসাহায্য প্রদানৰ আঁচনিত অনুমোদন
- প্রকৃতি আধাৰিত উদ্যোগসমূহক উৎসাহিত কৰিবলৈ আৰু উপার্জন তথা জীৱিকাৰ মান বৃদ্ধি কৰিবলৈ অসমত নগদ শস্য হিচাপে তৈল খেজুৰ শস্যৰ অধিসূচনাত অনুমোদন
- কাঠ আধাৰিত উদ্যোগৰ প্ৰচাৰ আৰু বিকাশৰ হেতু ‘ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট’ ঘোষণাৰ বাবে নির্দেশনাৱলীত অনুমোদন
- দুটা চাহ পৰ্যটন প্রকল্পত অনুমোদন
– লেপেটকটা চাহ বাগিচা, ডিব্ৰুগড়
– দুৰুং চাহ বাগিচা, শোণিতপুৰ
- মন্দিৰ, নামঘৰ আদিৰ দৰে ৰাজহুৱা অনুষ্ঠান বা কোনো খিলঞ্জীয়া পৰিয়াল ভূমি অধিকাৰৰ পৰা বঞ্চিত নোহোৱাটো নিশ্চিত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে-
- ডিব্ৰুগড়ৰ দেউচালী প্রস্তাৱিত সংৰক্ষিত বনভূমিক সংৰক্ষিত বনভূমিলৈ ৰূপান্তৰ অগ্রাহ্য
- ৰাজহুৱা অনুষ্ঠানসমূহৰ বাবে ৩১ জানুৱাৰীলৈকে মিছন বসুন্ধৰাৰ অধীনত মেনুৱেল আবেদন গ্রহণৰ সিদ্ধান্ত
- ক্ষুদ্র ব্যৱসায়ীসকলক সকাহ প্রদান কৰাৰ উদ্দেশ্যৰে শাক-পাচলি, পাণ-তামোল বিক্রেতাসকলে মহলদাৰক দিব লগা যিকোনো মাচুল পৰিশোধৰ পৰা ৰেহাই প্রদান
- প্রাদেশীক বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা ২০০৬ চনৰ পূৰ্বে স্থাপিত প্রকৃত শিক্ষানুষ্ঠানসমূহ অন্তর্ভুক্ত কৰিবলৈ কেবিনেটে বাদ পৰাৰ সকলো দিশ অধ্যয়ন কৰিবলৈ আৰু এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপ-সমিতি গঠন কৰিছে
১৬ জানুৱাৰী ২০২৫
- ২০২৪-২৫ বৰ্ষৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে ২,০০০ কোটি টকাৰ অনুমোদন
– মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ নির্দেশনাত অনুমোদন জনোৱা হৈছে। প্ৰাৰম্ভিক মূলধনৰ আনুষ্ঠানিক বিতৰণ এপ্রিল ২০২৫-ৰ পৰা আৰম্ভ হ’ব
- বি টি আৰৰ অবিৰত বিকাশ নিশ্চিত কৰিবলৈ বিটিচিৰ দ্বাৰা ৰূপায়ণ কৰিবলগা প্রকল্পৰ বাবে ৪০১.৫০ কোটি টকাৰ ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন-গ্রামীণ পুঁজিৰ মুকলিত অনুমোদন
- অংগনৱাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনৱাড়ী কেন্দ্র ব্যৱস্থাপনা সমিতি গঠনৰ নির্দেশনাত অনুমোদন
- এপিজিচিএলত ৰাজ্যৰ মূলধনী অংশ ৩ হাজাৰ কোটি টকাৰ পৰা ৬ হাজাৰ কোটি টকালৈ বৃদ্ধিত অনুমোদন
- মৰিগাঁৱৰ উন্নয়নৰ বাবে ২৯২ কোটি টকাৰ প্ৰকল্প অনুমোদন
উমৰাংছ’ কয়লা খনিৰ দুর্ঘটনা সন্দৰ্ভত
- মৃত চাৰিজনৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ অনুদান আগবঢ়োৱা হ’ব
- এতিয়ালৈ সম্ভেদ নোপোৱা আন পাঁচজন ব্যক্তিৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ ক্ষতিপূৰণ অনুদান প্রদান কৰা হ’ব
- বিষয়টো পৰীক্ষা কৰি দায়বদ্ধ বিষয়া, ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে দায়বদ্ধতা নিৰ্ণয় কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মহামান্য ন্যায়াধীশ শ্রীমতী অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰা হ’ব
- ৰাজ্যত ৰেট হোল খননৰ সন্দৰ্ভত সম্পূর্ণ নিষেধাজ্ঞা আৰোপৰ সন্দৰ্ভত এটা এছ অ’ পি প্ৰস্তুত কৰা হ’ব
- বিষয়টোত ইতিমধ্যে পঞ্জীয়ন কৰা এজাহাৰৰ আধাৰত সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে মহামান্য ন্যায়াধীশ শ্রীমতী অনিমা হাজৰিকাৰ অধীনত এখন এছ আই টি গঠন কৰা হ’ব
- খনি আৰু খনিজ বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি সকলো বিদ্যমান ৰেট হোল খনি য’তেই পোৱা যায় বন্ধ কৰাৰ পদক্ষেপ ল’ব
৩১ জানুৱাৰী, ২০২৫
- ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সর্বাংগীণ বিকাশ নিশ্চিত কৰাৰ বাবে নিম্নলিখিত নীতিসমূহত অনুমোদন-
- আছাম ষ্টাৰ্টআপ্ এণ্ড ইন’ভেশ্যন পলিচী ২০২৫
- আছাম এৰ’স্পেচ এণ্ড ডিফেন্স মেনুফেচাৰিং পলিচী ২০২৫
- আছাম এক্সন প্লেন অন বায়’ই৩ পলিচী
- মিছন বসুন্ধৰা ৩.০ৰ অধীনত সেৱা প্ৰাপ্ত কৰি যোগ্য লোকসকলক সক্ষম কৰাৰ বাবে আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰী, ২০২৫লৈ সম্প্ৰসাৰণত অনুমোদন
- খিলঞ্জীয়া ঐতিহ্যক সন্মান জনোৱাৰ হেতু মিছন বসুন্ধৰা ৩.০ৰ অধীনত সেৱা সম্প্ৰসাৰণেৰে কোঁচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম জনগোষ্ঠীৰ আবেদনক ৩ প্রজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাইত অনুমোদন
- ১% সুত ৰেহাইৰ সৈতে বিদ্যমান ৩৭,২৭৭ হিতাধিকাৰীলৈ ৩০ লাখ টকাৰ বৰ্ধিত ঋণসীমাৰ লাভালাভ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন
- ১৯খন জিলাৰ চাহ বাগিচা অঞ্চলৰ ২১৯টা গ্রাম্য পথ উন্নত কৰাৰ বাবে ২৩৪ কোটি টকাত অনুমোদন
- অসমত ষ্টার্টআপৰ বিকাশত তদাৰক আৰু নীতি প্রদান, পুঁজি আৰু পৰামৰ্শমূলক সমর্থন প্রদানৰ হেতু ‘Department of Innovation, Incubation and Startup’ নামৰ নতুন প্রশাসনিক বিভাগ সৃষ্টিত অনুমোদন
- ক্ষুদ্র উদ্যোগীক উৎসাহ যোগোৱাৰ বাবে নগৰাঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যাসকলক সমর্থন কৰিবলৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান-নগৰীয়া ৰূপায়ণৰ নির্দেশনাত অনুমোদন
– আঁচনিখনে যোগ্য সদস্যাসকলক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজি প্রদান কৰিব।