১১ ডিচেম্বৰ ২০২৪
▶ অসমত আধাৰ আবেদনকাৰীসকলৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসমত আধাৰ কাৰ্ডৰ নামভৰ্তিৰ বাবে ‘ৰাজ্য চৰকাৰৰ প’ৰ্টেল’ৰ অধীনত নতুন এছ অ’ পি ৰূপায়ণৰ প্রস্তাৱত অনুমোদন জনাইছে
▶ অনলাইনত খাজনা পৰিশোধৰ ক্ষেত্ৰত সাধাৰণ ভূমি মালিকসকলে সম্মুখীন হোৱা সমস্যাৰ প্রতি গুৰুত্ব দি কেবিনেটে পূর্বে প্রচলিত প্রণালী অনুসৰি মেনুৱেল ৰচিদৰ সৈতে খাজনা পৰিশোধতো অনুমোদন জনাইছে
- কেবিনেটে অৱশ্যে ভূমি প্রশাসনৰ সংস্কাৰৰ স্বাৰ্থত পট্টাদাৰসকলক ই-খাজনা প’র্টেলত পৰিশোধৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰো অনুমতি দিছে
▶ নামঘৰ, ধৰ্মীয় অনুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে অব্যক্তিগত ন্যায়িক প্রতিষ্ঠানে মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আবণ্টনৰ বাবে আবেদনৰ হেতু কেবিনেটে সমবায় পঞ্জীয়ন আইনৰ অধীনত নৱীকৰণ মাচুল ৰেহাইত অনুমোদন জনাইছে
১৯ ডিচেম্বৰ ২০২৪
▶ ডিব্ৰুগড়ৰ নামৰূপত এক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্রহ্মপুত্র উপত্যকা সাৰ নিগম লিমিটেড গেছ-আধাৰিত ইউৰিয়া উৎপাদনত নিয়োজিত হৈ আছে। পৰিৱৰ্তনশীল সময়ৰ সৈতে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াৰ কার্যকলাপ আৰু উৎপাদন বৃদ্ধি কৰা প্ৰয়োজন
- ইয়াৰ কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰিবলৈ কেবিনেটে নামৰূপ-৪ গোট নিৰ্মাণৰ বাবে যৌথ পদক্ষেপত ১,২৭২ কোটি মূল্যৰ ৪০% ইকুইটী বিনিয়োগত অনুমোদন জনাইছে
► কেবিনেটে ইণ্ডিয়ান গভর্নমেণ্ট একাউণ্টিং ষ্টেণ্ডার্ড-৪ৰ ব্যৱস্থা অনুসৰি এ পি ডি চি এল, এই জি চি এল আৰু এ পি জি চি এললৈ অসম চৰকাৰৰ ঋণ আৰু অনুদান ইকুইটীলৈ ৰূপান্তৰ কৰিবলৈ অনুমোদন জনাইছে
► কেবিনেটে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকাৰ কিছু অধিসূচিত গাঁৱত ‘সোণোৱাল অংশ’ অন্তর্ভুক্ত কৰাৰ বাবে সংশোধনত অনুমোদন জনাইছে
▶ কেবিনেটে শৈক্ষিক, ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা পঞ্জীয়নৰ প্রমাণপত্র, চুক্তিপত্র আদিৰ দৰে প্ৰমাণ বাধ্যতামূলকভাৱে জমা নকৰাকৈ মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আবণ্টন বা নিষ্পত্তিৰ আবেদন দাখিল কৰিবলৈ অনুমোদন জনাইছে
▶ উত্তৰ গুৱাহাটীৰ ৰংমহলত এখন অত্যাধুনিক ন্যায়িক টাউনশ্বিপ নিৰ্মাণৰ সুবিধাৰ হেতু কেবিনেটে পট্টা ভূমি অধিগ্রহণৰ বাবে অনা-প্রশাসনিক অনুমোদন হিচাপে বিত্তীয় অনুমোদন জনাইছে
গ্রাম্য যাতায়াত ব্যৱস্থা উন্নীতকৰণ
▶ ৰাজ্যৰ ৬খন জিলাত গ্রাম্য যাতায়াত ব্যৱস্থা উন্নীতকৰণৰ বাবে কেবিনেটে নাবাৰ্ডৰ RIDF-XXX ৰ অধীনত ১৪টা গ্রাম্য পথ প্রকল্প নির্মাণত অনুমোদন জনাইছে। প্ৰকল্পৰ মুঠ ব্যয় হৈছে ৮১ কোটি টকা
শক্তি আগবঢ়োৱা কোম্পানীত বর্ধিত অংশীদাৰিত্ব
২৩ ডিচেম্বৰ ২০২৪
▶ অভ্যন্তৰীণ পর্যালোচনাত ৬৮৩গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ অবৈধ সুবিধা গ্রহণ কৰা দৃষ্টিগোচৰ হৈছে
- অবৈধভাৱে অৰুণোদয়ৰ সুবিধা লোৱাৰ বাবে ৬৮৩গৰাকী কৰ্মচাৰীক বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত কেবিনেটে অনুমোদন জনাইছে
▶ জনসাধাৰণৰ মাজত, বিশেষকৈ যুৱ সমাজৰ মাজত গ্রন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে ২০২৫ বর্ষটিক ‘কিতাপৰ বৰ্ষ’ হিচাপে উদযাপন কৰাত অনুমোদন জনাইছে
- গ্রন্থপ্রেমীসকলৰ সুবিধাৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা’
- বছৰটোৰ ভিতৰত সকলো জিলাতে গ্রন্থমেলা অনুষ্ঠিত হ’ব আৰু গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিক প্ৰচাৰ কৰা হ’ব
- নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব
- বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ন সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ পুথিভঁৰাল নির্মাণ বা সৃষ্টি কৰিব
▶ বিদেশত দক্ষ/অর্ধ-দক্ষ প্রার্থী নিযুক্তিৰ সুবিধাৰ বাবে এক আনুষ্ঠানিক প্ৰণালী প্রয়োগ কৰিবলৈ কেবিনেটে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ স্থাপনত অনুমোদন জনাইছে
▶ গাঁওপ্রধানসকল প্রশাসনৰ গুৰুত্বপূৰ্ণ কর্মকর্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱাচিতা কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
- তেওঁলোকক তেওঁলোকৰ কামৰ বাবে প্রতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বন গাঁও আৰু বন অধিকাৰ আইন ২০০৬ৰ অধীনৰ গাঁওসমূহৰ বৰ্তমানৰ সকলো গাঁওপ্রধানক মাহিলি পাৰিশ্রমিক প্ৰদানত অনুমোদন জনাইছে
- ১ জানুৱাৰী ২০২৫ৰ পৰা প্ৰতিজন গাঁওপ্রধানৰ বাবে প্রতি মাহে ৯ হাজাৰ পাৰিশ্ৰশ্রমিক আগবঢ়োৱা হ’ব। এই পাৰিশ্ৰমিক বনগাঁৱৰ ২৭৮জন গাঁওপ্রধান আৰু ৬৬৮গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ গাঁওপ্রধানক পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্রযোজ্য হ’ব।