১৯ নৱেম্বৰ ২০২৪
► বৰ্তমানৰ কৰিমগঞ্জ জিলাক ইয়াৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক ন্যায়সংগত ৰূপত প্রকাশ কৰাৰ বাবে কেবিনেটে শ্রীভূমি জিলা হিচাপে নামকৰণ কৰিবলৈ অনুমোদন জনাইছে
▶ ৰাজ্যৰ বিকাশৰ গতি বৃদ্ধি কৰা আৰু অসমত বিনিয়োগ আকর্ষণ তথা আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যে কেবিনেটে ২৪-২৫ ফেব্ৰুৱাৰী ২০২৫ত অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সিন্মিলন, ২০২৫ অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে
▶ জনপ্রতিনিধিত্ব আইন, ১৯৫১ৰ অধীনত প্ৰস্তুত কৰা অসম বিধান সভাৰ নিৰ্বাচনী তালিকাৰ আধাৰত পঞ্চায়ত নিৰ্বাচনৰ বাবে নির্বাচনী তালিকা প্ৰস্তুতকৰণত সহায় কৰিবলৈ কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫ৰ বিধি ১২ সংশোধনীত অনুমোদন জনাইছে
▶ ৰাজ্য চৰকাৰৰ বনাঞ্চল বৃদ্ধি কৰাৰ পৰিকল্পনাক কাৰ্যৰূপ দিবলৈ তথা কৃষি পৰিৱেশতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কৃষি বনানীকৰণ ব্যৱস্থাক ত্বৰান্বিত কৰিবলৈ কেবিনেটে অসম কৃষি বনানীকৰণ নীতি, ২০২৪ক অনুমোদন জনাইছে
▶ ৰাজহ বৃদ্ধি, কৰদাতাসকলক সুবিধা প্রদান কৰা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ বাবে, কেবিনেটে অসম সামগ্ৰী আৰু সেৱা কৰ (সংশোধনী) অধ্যাদেশ, ২০২৪ত অনুমোদন জনাইছে
▶ গ্রাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ কেবিনেটে ভূমি সংৰক্ষণ আৰু কৃষি খণ্ডত ৭০.৩৩৩২ কোটি টকা ব্যয়ৰ ৯৪টা প্রকল্প ৰূপায়ণত অনুমোদন জনাইছে
▶ ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পত স্থানৰ ইনপুট কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ কেবিনেটে ৰাজ্যখনত ৰিম’ট চেঞ্চিং, জি আই এছ, জি পি এছ, ইউ এ ভি/ড্র’ন জৰীপ সম্পৰ্কীয় কাম আৰু সেৱাৰ বাবে অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰ (আছাক)ক ৰাজ্যিক সমন্বয় সংস্থা হিচাপে মনোনীত কৰিবলৈ অনুমোদন জনাইছে
▶ ৰাজ্যৰ নগৰ সংস্কাৰৰ পদক্ষেপসমূহ অব্যাহত ৰাখিবলৈ আৰু নিয়ম অনুসৰি নিৰ্মাণ কাৰ্যকলাপৰ জৰিয়তে পৰিকল্পিত নগৰ উন্নয়ন প্ৰাপ্ত কৰিবলৈ কেবিনেটে অসম একত্রিত ভৱন নির্মাণ (নিয়ন্ত্রণ) উপ-আইন, ২০২২ সংশোধনত অনুমোদন জনাইছে
২৬ নৱেম্বৰ ২০২৪
- বর্তমান শংকৰদেৱ নগৰ নামেৰে জনাজাত হোজাইৰ জিলা সদৰক গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জাতীয় জীৱনলৈ অমূল্য অৱদানৰ প্ৰতি সন্মান জনাই ‘শ্রীমন্ত শংকৰদেৱ নগৰ’ নামেৰে কেবিনেটে সলনি কৰিবলৈ অনুমোদন জনাইছে
- অসম চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নির্বাচনী প্রতিশ্রুতি অনুসৰি অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ জৰিয়তে লাখ লাখ হিতাধিকাৰীক সহায় প্রদান কৰা হৈছে। যাৰ জৰিয়তে হিতাধিকাৰীসকলক পুনৰ ঋণ পোৱাৰ যোগ্য বিবেচিত কৰাত সহায় কৰিছে
▶ এই আঁচনিৰ অধীনত এতিয়ালৈকে তিনিটা শ্রেণীত সাহায্য প্রদান কৰা হৈছে। প্রায় ১২ লাখ ঋণধাৰকলৈ ২,০৮১ কোটিতকৈ অধিক টকা প্রদান কৰা হৈছে
► ৩১ মার্চ ২০২১ লৈকে ২৫,০০১ টকাৰ পৰা ৫০,০০০ টকালৈ ঋণ লওঁতাসকলক সামৰি ল’বলৈ, কেবিনেটে ২২৩.২৬ কোটি টকাতকৈ অধিক সমর্থনৰ সৈতে ৭৮,০০০ ৰো অধিক ঋণধাৰকক অসম মাইক্র’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ দ্বিতীয় সকাহমূলক ৰাশি (এককালীন সমর্থন) প্রদান আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে
- কেবিনেটে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰৰ লাভালাভ/এককালীন নিষ্পত্তি আৰু উপনিমিত্ত কৰ্মচাৰী তথা স্থিৰ বেতন কৰ্মচাৰীসকলক অৱসৰকালীন ভাট্টাৰ প্ৰথম কিস্তি হিচাপে পৰিশোধৰ বাবে ১১০ কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে
- কেবিনেটে গুৱাহাটী আৰু অসমৰ নগৰাঞ্চলত ভূমিৰ প্রিমিয়াম যুক্তিসংগতকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে
- কেবিনেটে ২০২৫ বৰ্ষৰ বাবে বন্ধৰ তালিকাত অনুমোদন জনাইছে
▶ বন্ধৰ দিনবোৰ নিম্নলিখিত ধৰণে পৃথক কৰা হ’ব
■ ৰাজপত্ৰিত বন্ধৰ দিন: ৩৬
■ সীমিত বন্ধৰ দিন: ৩৭
■ অর্ধ বন্ধৰ দিন: ১
■ হস্তান্তৰযোগ্য দলিল আইনৰ অধীনত বন্ধৰ দিন: ১৮
▶ কেবিনেটৰ দ্বাৰা ৭ দিনক সীমিত বন্ধ হিচাপে অনুমোদন
■ ৰংকেৰ কাৰ্কলি (ৰংকেৰ পূজা): ৫ জানুৱাৰী ২০২৫
■ গুৰুদেৱ কালিচৰণ ব্রহ্ম জয়ন্তী: ১৮ এপ্রিল ২০২৫
■ মটক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস: ২৪ মে’ ২০২৫
■ সতী ৰাধিকা উৎসৱ: বুদ্ধ পূর্ণিমাত
■ নোৱাখাই উৎস: ২৮ আগষ্ট ২০২৫
■ ৱাংগালা: ৭ নৱেম্বৰ ২০২৫
■ বীৰ ৰাঘৱ মৰাণ দিৱস: ১৯ নৱেম্বৰ ২০২৫
► ২০ আৰু ২১ নৱেম্বৰত পালন কৰিবলগা মাতৃ-পিতৃ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটী
- ১০৮ এম্বুলেন্স সেৱা হৈছে সময়মতে চিকিৎসা সহায় প্রদান কৰাৰ বাবে প্ৰস্তুত কৰা এক জৰুৰীকালীন সেৱা আৰু ই টোল-ফ্রী নম্বৰ ১০৮ৰ জৰিয়তে উপলব্ধ। বিদ্যমান ৮০০ এম্বুলেন্সৰ জৰিয়তে মৃত্যঞ্জয়ে প্রতি মাহে গড়ে ৩৫ হাজাৰ লোকক সেৱা আগবঢ়ায়
▶ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (PPP mode) মাধ্যমেৰে চলা এই সেৱা ২০০৭ চনৰ পৰা কাৰ্যকৰী হৈ আছে আৰু এতিয়ালৈকে ৬৫ লাখৰো অধিক লোকক সেৱা আগবঢ়োৱা হৈছে
▶ আগন্তুক দিনবোৰত ইয়াৰ নিৰৱচ্ছিন্ন কার্যকলাপক সক্ষম কৰি ৰাখিবলৈ কেবিনেটে সেৱা প্রদানকাৰীক পৰিশোধ হিচাপে ১১৫.০৪ কোটি টকা মুকলি কৰাৰ অনুমোদন জনাইছে