৩ জুলাই ২০২৪
* প্রতিযোগিতামূলক পৰীক্ষাত অনুসূচিত জাতি/অনুসূচিত জনজাতি সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক অধিক অংশগ্রহণত উদগনি দিয়াৰ লক্ষ্যৰে, কেবিনেটে অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰৰ অধীনত সেৱা বা পদৰ বাবে পৰীক্ষা মাচুল ৰেহাইৰ প্ৰস্তাৱত অনুমোদন জনাইছে
* বৃক্কৰ ৰোগত আক্রান্ত ৰোগীসকলক সুলভ আৰু উচ্চমানৰ ডায়েলাইছিছ সেৱা প্ৰদান কৰাৰ বাবে ৰাজ্যিক কেবিনেটে চি এছ আৰ অংশীদাৰৰ সহায়ত পাব্লিক-প্রাইভেট পার্টনাৰশ্বিপত ১৫০টা অতিৰিক্ত কিডনী ডায়েলাইছিছ মেচিনৰ সৈতে ৰাজ্যখনৰ ৩৭টা স্থানত নতুন কিডনী ডায়েলাইছিছ কেন্দ্ৰ কার্যকৰী কৰাৰ বাবে অনুমোদন জনাইছে
* অসম আৰু উত্তৰ-পূবৰ ৰোগীসকলক উচ্চমানৰ তথা সুলভ নিৰিখত কৰ্কট ৰোগৰ চিকিৎসা প্রদান কৰিবলৈ অসম চৰকাৰ, টাটা এডুকেশ্যন এণ্ড ডেভেলপমেন্ট ট্রাষ্ট আৰু আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত ত্রিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন
১০ জুলাই ২০২৪
* ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এটা ঘৰ নিৰ্মাণ/ক্ৰয় কৰাৰ সপোন পূৰণ কৰিবলৈ কেবিনেটৰ দ্বাৰা ৩১ মার্চ, ২০২৬লৈকে আপোন ঘৰ আঁচনি সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন
⏺ ঋণৰ সীমা ১% সুত ৰেহাইৰ সৈতে বৰ্তমানৰ ১৫ লাখৰ পৰা ৩০ লাখ টকালৈ বৃদ্ধি
* ১ বছৰৰ তলৰ তুলি লোৱা শিশুৰ উপযুক্ত যত্ন আৰু প্ৰতিপালন সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে কেবিনেটত অসম চৰকাৰৰ তেনে মহিলা কৰ্মচাৰীসকলৰ ১৮০ দিনৰ শিশু দত্তক ছুটীৰ ব্যৱস্থা (Provision of Child Adoption Leave) ত অনুমোদন
⏺ এই সিদ্ধান্ত কেন্দ্রীয় অসামৰিক সেৱা (ছুটী) বিধি, ১৯৭২ৰ ৪৩-খৰ সৈতে সামঞ্জস্যপূর্ণ
* বিপণনযোগ্য সামগ্ৰীয়ে ই-কমার্চ ব্যৱসায়ৰ এক বৃহৎ অংশক আৱৰি আছে আৰু ৰাজ্যৰ ভিতৰত সেইবিলাকৰ মসৃণ সৰবৰাহৰ হেতু, আজিৰ কেবিনেটৰ দ্বাৰা Assam Transportation of Merchandise Goods in Stage Carriage and Contract Carriage Buses Scheme, 2024 আৰু অসম মটৰ বাহন বিধি, ২০০৩ৰ বিধি ৬৭ৰ সংশোধনীত অনুমোদন
* চৰকাৰী সেৱা খণ্ডত জনশক্তিৰ ব্যৱহাৰ যুক্তিসংগত কৰাৰ বাবে কেবিনেটৰ দ্বাৰা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলৰ বাবে এক বিত্তীয় নিষ্পত্তি আঁচনিত অনুমোদন
১৮ জুলাই ২০২৪
* বায়ু প্ৰদূষণ হ্রাস কৰিবলৈ ৰাজ্যিক কেবিনেটে সংপীড়িত প্রাকৃতিক গেছৰ (চি এন জি) ওপৰত ভেট (VAT) বৰ্তমানৰ ১৪.৫% ৰ পৰা ৩১ মার্চ, ২০২৭ লৈ ৫% লৈ হ্রাস কৰাত অনুমোদন
* কৰ্কট ৰোগীসকলক উত্তম চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যিক কেবিনেটৰ দ্বাৰা ২০২৪-২৫ বৰ্ষৰ বাবে আছাম কেঞ্চাৰ কেয়াৰ প্ৰজেক্ট ৰূপায়ণৰ বাবে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বাবে ২০০ কোটি টকাৰ বিত্তীয় অনুমোদন
* চৰকাৰৰ সুশাসনৰ পদক্ষেপসমূহ যাতে সঠিকভাৱে ৰূপায়ণ কৰা হয় আৰু বৰাক উপত্যকাৰ তিনিখন জিলাৰ সামগ্রিক বিকাশ আৰু উন্নয়ন সুনিশ্চিত কৰাৰ বাবে ৰাজ্যিক কেবিনেটৰ দ্বাৰা প্রতিমাহে ৩ দিনৰ বাবে বৰাক উপত্যকা ভ্রমণ কৰিবলৈ কেবিনেট মন্ত্রীসকলক দায়িত্ব প্রদান
* ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে বিনামূলীয়া চিকিৎসা নিশ্চিত কৰাৰ হেতু ৰাজ্যিক কেবিনেটৰ দ্বাৰা ২০২৪-২৫ বৰ্ষৰ বাবে মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা (এম এম এ রাহ) লৈ ৩৭৫ কোটি টকাৰ বিত্তীয় অনুমোদন
* বি টি আৰত বিভিন্ন উন্নয়নমূলক কাম সময়মতে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যিক কেবিনেটত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদলৈ ৪০১.৫০ কোটি টকা মুকলি কৰাত অনুমোদন
৩১ জুলাই ২০২৪
* বড়ো সমাজৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ অসামান্য অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কেবিনেটত ৰূপসী বিমানবন্দৰক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বিমানবন্দৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন
* ই-শ্রম প’র্টেলত অসমৰ পৰা প্ৰায় ১২ লাখ প্ৰব্ৰজনকাৰী তথা অসংগঠিত খণ্ডৰ শ্ৰমিকৰ নাম পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত ৬ লাখ লোকে ৰেচন কার্ড লাভ কৰিছে
⏺ বাকী ৬ লাখ যোগ্য বিবেচিত লোকে খাদ্য সুৰক্ষাৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে ৰেচন কাৰ্ডৰ অনুমোদন প্রদান কৰিছে
⏺ এই সুবিধা পাবলৈ শ্রমিকসকল এপ্রিল ২০২৩-ৰ আগতে ই-শ্রম প’ৰ্টেলত পঞ্জীয়ন কৰা হ’ব লাগিব আৰু ৰেচন কার্ড প্রাপ্ত কৰাৰ বাবে অন্যান্য যোগ্যতাৰ চৰ্তাৱলী পূৰণ কৰিব লাগিব
* প্রশিক্ষণ আৰু গৱেষণাৰ সুযোগ প্রদানেৰে চৰকাৰী বিষয়াসকলৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কেবিনেটে মিছন কৰ্মযোগী ৰূপায়ণৰ বাবে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় আৰু চেণ্টাৰ ফৰ ইফেক্টিভ গভর্নেন্স অৱ ইণ্ডিয়ান স্টেটছ (চিই জি আই এছ)ৰ মাজত এক অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনাইছে
* ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত তৃণমূল স্তৰৰ উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰাটো সংশ্লিষ্ট ভি চি ডি চি/ভি ডি চিৰ অধীনস্থ দায়িত্ব
▶️ ভি চি ডি চি/ভি ডি চিসমূহক উন্নয়নমূলক আঁচনিসমূহৰ পৰিকল্পনা, আয়োজন, বাছনি আৰু নিৰীক্ষণ আৰু ৰূপায়ণৰ হেতু কেবিনেটে অসমৰ ষষ্ঠ অনুসূচী ক্ষেত্ৰৰ অধীনৰ ভি চি ডি চি/ভি ডি চি কার্যালয়ত ৪৭৪টা সচিবৰ পদ সৃষ্টিত অনুমোদন জনাইছে
* পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তর্ভুক্ত ৰাজ্যিক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবলৈ কেবিনেটে সাধাৰণ ভৱিষ্য নিধি (অসম সেৱা) বিধি ১৯৩৭-ৰ বিধি ১০(ৰ) (খ)ৰ মুখ্য নিয়মাৱলীৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনাইছে
* লোক সেৱাৰ প্ৰদান আৰু আবেদন প্রণালী শক্তিশালী কৰাৰ হেতু কেবিনেটে অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত উত্থাপন কৰিবলৈ ‘অসম লোক সেৱাৰ অধিকাৰ (সংশোধনী) বিধেয়ক, ২০২৪’ ত অনুমোদন জনাইছে
* চলিত উন্নয়নমূলক কামসমূহৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিবলৈ কেবিনেটে লোক নির্মাণ (পথ) বিভাগত আৰ ই জি ৩ (এফ)ৰ অধীনত ১১৫গৰাকী কনিষ্ঠ অভিযন্তা (চি)ক পুনৰ নিযুক্তিৰ অনুমোদন জনাইছে