৬ জুন ২০২৪
■ মহান সমাজসেৱিকা প্রয়াত বীৰুবালা ৰাভাৰ প্ৰতি ৰাজ্য চৰকাৰৰ শ্রদ্ধাঞ্জলি হিচাপে প্ৰতি বছৰে তেখেতৰ প্রয়াণ দিৱস ‘কুসংস্কাৰ-বিৰোধী দিৱস’ হিচাপে উদযাপন কৰিব
■ অসমৰ জনসাধাৰণৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখি অতিৰিক্ত ১৫ লাখ নতুন হিতাধিকাৰীক ৰেচন কার্ড প্ৰদানৰ সিদ্ধান্ত
■ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি প্ৰদানৰ যাত্ৰাৰ অংশ হিচাপে অসম চৰকাৰে ইউনেস্ক’ৰ সদস্য দেশসমূহৰ পৰা সমর্থন লাভ কৰিবলৈ ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ জৰিয়তে সকলো ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ কৰিব
■ ৱার্ড/গাঁও পঞ্চায়ত/আঞ্চলিক পঞ্চায়ত/জিলা পৰিষদৰ সীমা নির্ধাৰণকে ধৰি ৰাজ্যৰ সকলো উন্নয়ন খণ্ডৰ বাবে এক সীমা নির্ধাৰণ কৰা হ’ব। এই সীমা নির্ধাৰণ আগষ্ট ২০২৪-ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। তাৰ পাছত এই বছৰৰ নৱেম্বৰৰ শেষত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব
■ নির্বাচনী প্রতিশ্রুতি পূৰণৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীৰ সংপৃক্ততা তদাৰক কৰিবলৈ কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। সমিতিয়ে এমাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব
■ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত এই বছৰৰ ছেপ্টেম্বৰত ৩০ হাজাৰ যুৱ উদ্যোগীক ১ লাখ টকাকৈ প্ৰাৰম্ভিক কিস্তি বিতৰণ কৰা হ’ব
■ লাচিত বৰফুকনৰ জীৱন-কৃতি, বীৰত্বৰ গাথা ৰাষ্ট্ৰজুৰি প্ৰচাৰ-প্ৰসাৰৰ অৰ্থে লাচিত বৰফুকনবিষয়ক ৫২টি খণ্ডৰ এখন তথ্যচিত্র নির্মাণত অনুমোদন। অসম চৰকাৰ আৰু প্ৰচাৰ ভাৰতীৰ যৌথ উদ্যোগত নির্মাণ হ’বলগীয়া তথ্যচিত্রখন আকাশবাণী আৰু দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ লগতে ডিজিটেল মঞ্চত সম্প্ৰচাৰ হ’ব
■ চলিত বহুকেইটা পানী যোগান প্রকল্পৰ শৃংখলাবদ্ধ কাৰ্যকৰীকৰণৰ হেতু অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচী (এ ইউ আই আই পি)ক গুৱাহাটী জল ব’র্ড/গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয় প্ৰণালী পৰিষদৰ সৈতে একত্ৰীকৰণত অনুমোদন
■ ৰাজ্যত আন্তঃগাঁথনি বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ অধীনত প্রকল্প সম্পাদন কৰাৰ বাবে নাবাৰ্ডৰ পৰা ৬৩৪.৩৫ কোটি টকা ঋণ সংগ্রহত অনুমোদন। নাবার্ড আন্তঃগাঁথনি উন্নয়ন সাহায্যৰ অধীনত প্ৰকল্পৰ বাবে ঋণৰ পৰিমাণ ৭০৪.৮৪ কোটি টকা আবণ্টন
১২ জুন ২০২৪
►উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষার্থীক ‘নামভর্তি সাহায্য’ হিচাপে আর্থিক সহায় আগবঢ়োৱাত অনুমোদন
– উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল (পৰিয়ালৰ যিকোনো অর্থনৈতিক স্থিতি নির্বিশেষে) বর্তমানে এই আঁচনিৰ বাবে যোগ্য হ’ব
► এই শিক্ষাবৰ্ষৰ পৰা ৭৫% তকৈ অধিক নম্বৰ লাভ কৰা ল’ৰা আৰু ছোৱালী উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বিত্তীয় অনুদান হিচাপে ১০ হাজাৰ টকা লাভ কৰিব
– পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৭৫% লাভ কৰা ছাত্র-ছাত্রীক স্কুটাৰ বিতৰণ কৰা হ’ব
► ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ নদী অৱবাহিকাসমূহত কাৰ্যকৰী জল সম্পদ পৰিকল্পনা আৰু বানপানীৰ পূর্বানুমানৰ বাবে সময়-সঠিক জল বিজ্ঞান তথ্য সংগ্ৰহৰ সুবিধাৰ বাবে ‘ৰিয়েল-টাইম ডাটা একুইজিশ্যন ছীষ্টেম ২০২৪’ স্থাপন আৰু তত্ত্বাৱধানৰ বাবে নিৰ্দেশনাৱলীত অনুমোদন
▶ চাহ বাগিচাত উন্নত যাতায়াত ব্যৱস্থাৰ হেতু ৮০০খন চাহ বাগিচাত ১ কোটি টকাকৈ লাইন ৰোড নিৰ্মাণৰ বাবে অনুমোদন
▶ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ মান উন্নত কৰাৰ বাবে ১২৬খন বিদ্যালয় উন্নীতকৰণত অনুমোদন। প্রতিখন বিদ্যালয়ৰ বাবে ৮ কোটি টকাকৈ আবণ্টন
১৯ জুন ২০২৪
▶ সম্পদৰ ব্যৱহাৰ যুক্তিসংগত কৰা আৰু তৃণমূল পর্যায়ত গণতান্ত্রিক প্রতিনিধিত্ব শক্তিশালী কৰাৰ হেতু কেবিনেটে অসমত উন্নয়ন খণ্ডৰ পুনর্গঠন আৰু গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নির্ধাৰণৰ প্ৰস্তাৱত অনুমোদন জনায়
► জি এছ টিৰ অধীনত প্ৰদান কৰা জাননী সন্দৰ্ভত ব্যৱসায়ীসকলৰ আশংকা দূৰ কৰিবলৈ কেবিনেটে মাননীয় মন্ত্রীদ্বয় শ্রীমতী অজন্তা নেওগ আৰু শ্রীঅশোক সিংহলক ৬ আঞ্চলিক পৰামৰ্শমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে
– তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ আৰু শিলচৰত এই আলোচনা অনুষ্ঠিত হ’ব আৰু সংশ্লিষ্টসকলৰ দ্বাৰা এমাহৰ ভিতৰত এক প্রতিবেদন দাখিল কৰা হ’ব
▶ ভৱিষ্যতৰ ক্ৰীড়া প্রতিভাক উৎসাহিত কৰিবলৈ আৰু খেল মহাৰণৰ সফলতাক কঢ়িয়াই নিয়াৰ উদ্দেশ্যে ১২৬টা বিধান সভা সমষ্টিৰ প্ৰতিটোতে এটাকৈ যুৱ সংঘ/ক্রীড়া সন্থাক সহায় আগবঢ়োৱাৰ বাবে এছ অ’ পিত অনুমোদন
২৭ জুন ২০২৪
► চৰকাৰী বিদ্যালয়ত অভিজ্ঞ শিক্ষকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে সমগ্র শিক্ষা অসম আৰু ৰাজ্যিক পুল শিক্ষকসকলৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া শিক্ষক হিচাপে এক বিশেষ নিযুক্তি অভিযানত অনুমোদন জনাইছে
► নাগৰিকসকলৰ ওপৰত অযথা বোজা হ্রাস কৰাৰ লক্ষ্যৰে, কেবিনেটে পৰিবহণ বিভাগক অনুজ্ঞাপত্র, প্রদূষণ নিয়ন্ত্রণ, পঞ্জীয়ন আদি নথিৰ বাবে দুচকীয়া বাহনৰ ওপৰত জৰিমনা আৰোপ নকৰিবলৈ পৰামৰ্শ প্রদান কৰিছে। হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনাৰ ব্যৱস্থা অব্যাহত থাকিব
– এনে সকলো ক্ষেত্ৰত, জৰিমনা দিশটোক আঁতৰ কৰি স্বাভাৱিক কাৰ্যপন্থা হিচাপে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব
– অটো-ৰিক্সা, ই-ৰিক্সা আদিৰ দৰে তিনিচকীয়া বাহনৰ ক্ষেত্ৰত, নিয়ম উলংঘনৰ বাবে ৪ বাৰ সতর্কবাণী প্ৰদান কৰা হ’ব, ৪ বাৰ নিয়ম উলংঘনৰ পাছত জৰিমনা আৰোপ কৰা হ’ব
▶ বজাৰ/হাট/ঘাট আদিৰ নিষ্পত্তিৰ বাবে নিবিদাৰ উচ্চ মূল্য সম্পৰ্কে বিভিন্ন মহলৰ পৰা প্ৰাপ্ত খবৰৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ ফলত ব্যৱসায়ী আৰু ৰাইজৰ পৰা সংগ্ৰহৰ হাৰ অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক কেবিনেটে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ দ্বাৰা প্ৰস্তুত কৰা সকলো বজাৰ/হাট/ঘাট আদিৰ বাবে নিবিদা বাতিল কৰাৰ সিদ্ধান্ত লৈছে
▶ ব্যক্তিগত নিয়োগ সংস্থাৰ অধীনত কাম কৰা শ্ৰমিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ হেতু ‘শ্রমিক নিযুক্তিৰ বাবে অসম ব্যক্তিগত নিয়োগ সংস্থা (নিয়ন্ত্রণ) বিধি, ২০২৪’ ত অনুমোদন
▶ কৰিমগঞ্জ আৰু হাইলাকান্দি নগৰাঞ্চলত বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰিবলৈ-
– হাইলাকান্দি চহৰত পানী যোগান আঁচনিৰ বাবে ৭২.৭৪ কোটি টকা অনুমোদন। এই আঁচনিয়ে ২০৫৫ চনৰ ভিতৰত আনুমানিক ৬০,৪২৫গৰাকীক উপকৃত কৰি গ্ৰাহকৰ নল সংযোগ ব্যৱস্থাৰ জৰিয়তে প্রতিদিনে ১৩৫ লিটাৰ পানী যোগান ধৰিব
– কৰিমগঞ্জ নগৰ পানী যোগান আঁচনিৰ বাবে ৮১.১৮ কোটি টকা নিৰ্ধাৰণ। ২০৫৫ চনৰ ভিতৰত আনুমানিক ১,০১,৪৩০গৰাকীক উপকৃত কৰি গ্ৰাহকৰ নল সংযোগ ব্যৱস্থাৰ জৰিয়তে প্রতিদিনে ১৩৫ লিটাৰকৈ পানী যোগান ধৰা হ’ব
▶ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ৩৯৮ ধাৰা মানি চলাটো সুনিশ্চিত কৰিবলৈ অসম কেবিনেটে অসম সাক্ষী সুৰক্ষা আঁচনি, ২০২৪ত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে যিকোনো গোচৰৰ তদন্ত আৰু বিচাৰৰ সময়ছোৱাত সাক্ষ্য দিয়া ব্যক্তিসকলক ভাবুকিৰ পৰা সুৰক্ষা প্ৰদান কৰা হ’ব