১০ ফেব্ৰুৱাৰী ২০২৪
- গ্রাম্য প্ৰতিৰক্ষা সংস্থাৰ উন্নয়নৰ বাবে অসম গ্রাম্য প্ৰতিৰক্ষা সংস্থা (সংশোধনী) বিধেয়ক ২০২৪ত অনুমোদন
- দক্ষ নগৰ প্ৰশাসনৰ বাবে অসম পৌৰ আইন ১৯৫৬ সংশোধনৰ বাবে বিধেয়কত অনুমোদন
- বহনক্ষম নগৰ উন্নয়ন সুনিশ্চিতকৰণৰ অৰ্থে দহখন চহৰ উন্নয়নৰ ধাৰণা (দহ চহৰ এক ৰূপায়ণ) প্ৰৱৰ্তন কৰা হ’ব
- চিকিৎসাৰ নামত তন্ত্র-মন্ত্ৰৰে ৰোগ নিৰাময়ৰ বলি হোৱা লোকসকলক সকাহ প্রদান কৰিবলৈ অসম নিৰাময় (অশুভ ৰোগ প্ৰতিৰোধ) প্রথা বিধেয়ক ২০২৪ৰ অনুমোদন জনোৱা হৈছে
- প্রশাসনিক দক্ষতাৰ বাবে অসম সচিবালয় সেৱা আৰু অসম সচিবালয়ৰ অধীনস্থ সেৱাত অতিৰিক্ত পদ আৰু অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ আৰু ছিনিয়ৰ গ্রেড কম্পিউটাৰ অপাৰেটৰ কেডাৰ বাতিল কৰা হ’ব
- ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় বন সংমণ্ডলৰ অন্তৰ্গত নামদাং সংৰক্ষিত বনাঞ্চলত অঞ্চলটোৰ প্ৰাণীক উদ্ধাৰ আৰু পুনর্বাসন সেৱা প্ৰদানৰ বাবে আনুমানিক ২৫৯ কোটি টকাৰ প্রকল্প ব্যয়েৰে এটা বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব
১২ ফেব্ৰুৱাৰী ২০২৪
- ১৬ ফেব্ৰুৱাৰী ২০২৪৩ মিছন বসুন্ধৰা ২.০ অন্ত পৰিব আৰু নিম্নলিখিত সেৱাৰ সৈতে মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰা হ’ব। ২৩ – ২৯ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে পট্টা বিতৰণ কৰা হ’ব
- ১-১০ মার্চলৈ ৰাজ্যজুৰি আৰম্ভ হ’ব ‘বিকাশ যাত্রা’
- অসমৰ গ্রাম্য পথ নেটৱৰ্ক ৰূপান্তৰিত কৰিবলৈ অসম মালা ২.০ৰ অধীনত ১২টা প্ৰকল্পৰ বাবে মুঠ ১,৫১০.৯৮ কোটি টকাৰ প্রশাসনিক অনুমোদন
- আপোন ঘৰ- ৰাজসাহায্যযুক্ত গৃহ নির্মাণ ঋণ আঁচনিৰ অধীনত গৃহ নির্মাণ ঋণৰ সুবিধা লাভ কৰা ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলক সুলভ গৃহ ঋণ লাভ কৰাত সহায় কৰিবলৈ ২০২৩-২৪ বিত্তীয় বৰ্ষত সুতৰ ৰেহাই পূৰণ কৰিবলৈ ১০৭.৩০ কোটি টকা অনুমোদন আৰু মুকলি কৰাৰ বাবে সন্মতি প্রদান
২৩ ফেব্ৰুৱাৰী ২০২৪
- জনজাতীয় সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ সৈতে সংগতি ৰাখি বিদ্যালয় শিক্ষাৰ আৰম্ভণি পর্যায়ত মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক শিক্ষা প্রদানৰ মাধ্যম হিচাপে ঘোষণা কৰা হ’ব আৰু পৰৱৰ্তী সময়ত শিক্ষা প্ৰদানৰ মাধ্যম হিচাপে আঞ্চলিক ভাষা ব্যৱহাৰ কৰা হ’ব
- ৰাজ্যখনৰ চাৰিখন জিলা ক্রমে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত মণিপুৰী ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক ২০২৪ত অনুমোদন
- নতুন পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়
- মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক নগৰীয়া মহিলা উদ্যমী হিচাপে গঢ়ি তুলিবলৈ অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান ছ’চাইটীয়ে পর্যায়ক্রমে ৰূপায়ণ কৰিবলগীয়া মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান নগৰীয়াৰ বাবে অনুমোদন প্রদান
- গ্রামাঞ্চলৰ মহিলা উদ্যোগীসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ আৰু গ্ৰাম্য অর্থনীতি উন্নয়নৰ উদ্দেশ্যে মেগা মিছন ছ’চাইটী- মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে আবণ্টিত মুঠ বাজেটৰ পৰা ১,০০০ কোটি টকাৰ অনুমোদন
- নিৰৱচ্ছিন্ন আন্তঃগাঁথনি উন্নয়ন নিশ্চিত কৰিবলৈ ২০২৩-২৪ বিত্তীয় বর্ষৰ বাবে আবণ্টিত মুঠ বাজেটৰ পৰা অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ অধীনত আন্তঃগাঁথনিমূলক প্রকল্পৰ বাবে ২৭৪ কোটি টকাৰ অনুমোদন
- অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিল কৰাৰ বাবে অসম বাতিল অধ্যাদেশ ২০২৪ত অনুমোদন
- খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰ সুৰক্ষাৰ বাবে আহোম, কোচ ৰাজবংশী আৰু গোর্খা জনগোষ্ঠীক ২০১১ চনৰ পূৰ্বৰপৰা ভূমি দখল কৰি থকা বালিপাৰা জনজাতি বেল্টৰ সংৰক্ষিত শ্রেণীৰ ব্যক্তিৰ তালিকাত অন্তর্ভুক্তকৰণ
- ৰাজহুৱা কাম-কাজ (বিল্ডিং আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বৰ্তমানৰ সংমণ্ডল আৰু উপসংমণ্ডলসমূহ (ষষ্ঠ অনুসূচীৰ জিলাসমূহ বাদ দি) অসমত বিধান সভাসমূহৰ সীমা নির্ধাৰণৰ বাবে ভাৰতীয় নির্বাচন আয়োগৰ অধিসূচনাৰ অনুযায়ী পুনর্গঠন/পুনৰ সংগঠিত আৰু নাম সলনিকৰণ
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (চি এম এ এ এ)ৰ দক্ষ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটী গঠন কৰা হ’ব
- গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি ট্রেঞ্চ-১-ৰ অধীনত অনুমোদিত প্রকল্পৰ বাবে ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ বেংকৰ পৰা অসম চৰকাৰে ৫৯.২৭ কোটি টকাৰ ঋণ গ্রহণৰ ক্ষেত্ৰত অনুমোদন