১ নৱেম্বৰ ২০২৩
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০% লাভ কৰা ছাত্ৰী আৰু ৭৫% লাভ কৰা ছাত্ৰক ৩০ নৱেম্বৰ ২০২৩ত স্কুটাৰ প্ৰদান
- ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা তাতকৈ অধিক নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক ২৯ নৱেম্বৰ ২০২৩ত ১৫,০০০ টকাকৈ প্ৰদান
- জল জীৱন মিছনৰ অধীনত ৰাজহুৱা পানী যোগান আঁচনিত ক্ষুদ্র খনিজ পদার্থ ব্যৱহাৰ কৰোঁতে মুঠ প্রকল্প ব্যয়ৰ ০.৬% হাৰত ফৰেষ্ট ৰয়েল্টী কৰ্তন নিৰ্ধাৰণ কৰা হ’ব
- চিকিৎসা মহাবিদ্যালয়সমূহত ন্যায়সংগত সুযোগ নিশ্চিত কৰাৰ বাবে অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয়সমূহৰ (প্ৰথম বৰ্ষৰ এম বি বি এছ/ বি ডি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ নিয়ন্ত্রণ) বিধি, ২০১৭ ৰ সংশোধন (২০২৩ চনত সংশোধন কৰা অনুসৰি)ত অনুমোদন
- অসম ব্যক্তিগত সুৰক্ষা সংস্থাৰ বিধি, ২০০৮ অধিক্রমণেৰে অসম ব্যক্তিগত সুৰক্ষা সংস্থাৰ বিধি, ২০২৩ত অনুমোদন
৭ নৱেম্বৰ ২০২৩
- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১ ডিচেম্বৰ ২০২৩ৰ পৰা ৪% অতিৰিক্ত ডিয়াৰনেছ ভাট্টা লাভ কৰিব
- ১ ডিচেম্বৰ ২০২৩ৰ পৰা প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত চৰ অঞ্চলৰ বিদ্যালয়ৰ প্রতিটি যোগ্য শিশুৰ বাবে মধ্যাহ্ন ভোজনত সপ্তাহত তিনিটাকৈ কণী প্ৰদানৰ ব্যৱস্থা
- সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে ইংৰাজী ভাষা শিক্ষণ সংস্থা ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ, অসমৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত কাৰ্যকৰী হ’ব
- মিছন বসুন্ধৰা ২.০-ৰ অধীনত মৰিগাঁও, বঙাইগাঁও, গোৱালপাৰা, ডিব্ৰুগড় আৰু শোণিতপুৰ জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ সপক্ষে ভূমি নিষ্পত্তিৰ ব্যৱস্থা। মিছন বসুন্ধৰা ২.০-ৰ অংশ হিচাপে পাঁচখন জিলাৰ মুঠ ২,৫৩৮টা পৰিয়ালক ভূমি প্ৰদান কৰা হ’ব
- কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতত্ত্ব অধ্যয়ন বিশ্ববিদ্যালয়ৰ দক্ষ আৰু স্বচ্ছ ব্যৱস্থাপনাৰ সুবিধাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতত্ত্ব অধ্যয়ন বিশ্ববিদ্যালয় বিধি, ২০২৩ৰ প্ৰথম আইন অনুমোদন
- জি এছ চি এলৰ ইকুইটি শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা গুৱাহাটী স্মার্ট চিটি লিমিটেডলৈ মুকলি কৰা অনুদান ইকুইটি ইনভেষ্টমেন্টলৈ ৰূপান্তৰিত কৰা হ’ব
- পার্বত্য এলেকা বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা অসম পার্বত্য ক্ষুদ্র উদ্যোগ লিমিটেডৰ ৬০.২২ কোটি টকাৰ ৰাজ্য চৰকাৰৰ ঋণ/অপৰিশোধিত সূত ইকুইটিলৈ ৰূপান্তৰিত কৰা হ’ব
- অসম কেঞ্চাৰ কেয়াৰ প্ৰকল্পৰ প্ৰথম পর্যায়ৰ অধীনত বাকী ৩খন কেঞ্চাৰ কেয়াৰ হাস্পতাল আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত ৭খন হাস্পতাল নিৰ্মাণৰ বাবে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনলৈ ১৩৫ কোটি টকা মুকলি কৰা হ’ব
- অসম সমবায় মৰাপাট মিলছ লিমিটেডক ৩৩.৩৬ কোটি টকা আৰু অসম ৰাজ্যিক ৱেৰহাউচিং কৰ্প’ৰেশ্যনক ৪.২৫ কোটি টকাৰ অসম চৰকাৰ ঋণ সম্পদ আহৰণৰ দিশত বিনিয়োগৰ বাবে চৰকাৰৰ দ্বাৰা ইকুইটি বিনিয়োগ হিচাপে ৰূপান্তৰিত কৰা হ’ব
- অভাৱগ্রস্তসকলক উপযুক্ত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে চাহ বাগিচা চিকিৎসালয়কে ধৰি ‘চৰকাৰী চিকিৎসালয়ৰ বাবে বিনামূলীয়া ঔষধ আৰু ব্যৱহাৰযোগ্য সামগ্ৰী’ আঁচনিৰ অধীনত ১৩৫ কোটি টকা মুকলি কৰা হ’ব
- এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এললৈ অসম চৰকাৰে আগবঢ়োৱা অনুদান ঋণলৈ ৰূপান্তৰ কৰা হ’ব আৰু তাৰ পাছত ৩১ মার্চ ২০২৩ তাৰিখে ইকুইটিলৈ ৰূপান্তৰ কৰা হ’ব
- উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত চৰকাৰী ঋণ/অপৰিশোধিত সুতৰ পৰিমাণ আৰু এ আই ডি চি, এ এছ আই ডি চি, এ টি চি এল আৰু এ পি এম লিমিটেডৰ অনুদান ইকুইটিলৈ ৰূপান্তৰিত কৰা হ’ব
১৬ নৱেম্বৰ ২০২৩
- হিতাধিকাৰীসকলক এন এফ এছ এ ২০১৩ৰ অধীনত আবণ্টন কৰা খাদ্য নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে সামগ্ৰীৰ আবণ্টন, পৰিবহণ আৰু বিতৰণ আৰু এফ পি এছ/জি পি এছ এছ /ডব্লিউ চি চি এছ/ লেম্পছ আদিৰ পৰিদৰ্শনৰ বাবে মানক সঞ্চালন প্রক্রিয়া সংশোধন কৰা হ’ব
- খাচি-জয়ন্তীয়া উন্নয়ন পৰিষদ গঠনৰ বাবে কাৰ্যোত্তৰ অনুমোদন
- বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ লগতে নিয়ন্ত্ৰণ আৰু তত্ত্বাৱধানৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ, অসম আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, অসমক একত্রিত কৰি ‘অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ’ গঠন কৰা হ’ব
- ৰাজ্য চৰকাৰে বিয়াটেসকলক এক স্বতন্ত্র জনগোষ্ঠী হিচাপে অন্তর্ভুক্তিৰ বাবে ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্রণালয়লৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিব। ‘৭, যিকোনো কুকী জনজাতি অন্তর্ভুক্তি’ (দ্বিতীয় খণ্ড- অসম-১-কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰৰ স্বায়ত্ত শাসিত জিলাৰ প্ৰৱেশ ৭ ত উল্লেখ থকা অনুসৰি) ১৯৫০ চনৰ সংশোধিত সংবিধানৰ (অনুসূচিত জনজাতি) আদেশ সূচী অনুসৰি বিয়াটেক অন্তর্ভুক্তিকৰণ কৰিব বিচৰা হৈছে
- বৈদ্যুতিক বাহন ক্ৰয়ৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ উদ্দেশ্যে অধিসূচনা প্রকাশ পোৱাৰ তাৰিখৰ পৰা ৩১ মাৰ্চ ২০২৫ লৈকে বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকলক মটৰ বাহন কৰ (অনা-পৰিবহণ)ৰ বিদ্যমান কৰৰ হাৰৰ ওপৰত ২ শতাংশ পইণ্ট ৰেহাই দিয়া হ’ব
- বৃত্তিমূলক বিষয়সমূহৰ বিষয় শিক্ষকসহ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি প্রক্রিয়া সুশৃংখলিত কৰাৰ বাবে অসম মাধ্যমিক শিক্ষা (চৰকাৰী বিদ্যালয়) সেৱা (দ্বিতীয় সংশোধনী) বিধি ২০২৩ আৰু অসম মাধ্যমিক শিক্ষা (প্রাদেশীক বিদ্যালয়) সেৱা (দ্বিতীয় সংশোধনী) বিধি ২০২৩ত অনুমোদন
- পৌৰ সভাসমূহৰ ৱাৰ্ড আয়ুক্তসকলৰ বাবে নিৰ্ধাৰিত পাৰিশ্রমিকৰ সম পৰিমাণত পৌৰ সভাৰ মনোনীত সদস্যসকলক পাৰিতোষিক প্ৰদান কৰা হ’ব
- মিছন বসুন্ধৰা ২.০ৰ অধীনত মৰিগাঁও, কামৰূপ (মেট্র’), কামৰূপ, গোৱালপাৰা, লখিমপুৰ, শোণিতপুৰ, দৰং, তিনিচুকীয়া আৰু ধেমাজি জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ পক্ষত ভূমি নিষ্পত্তি কৰা হ’ব
- অসম বিধান সভাৰ ২০২৪-২৫ বৰ্ষৰ বাজেট অধিৱেশন ৫ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে আৰম্ভ হ’ব
- ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আৰু মাজুলী জিলাত আলি আয়ে নৃগাং উদযাপনৰ বাবে স্থানীয় বন্ধ পালন কৰা হ’ব
- প্রাদেশীক/চৰকাৰী বিদ্যালয়সমূহত প্রাথমিক পর্যায়ত শিক্ষাৰ মান উন্নত কৰাৰ বাবে বিধি ৩ অনুসূচী-১ অসম প্রাথমিক শিক্ষা (প্রাদেশিকীকৰণ) বিধি ২০২৩ সংশোধন কৰা হ’ব