৮ ছেপ্টেম্বৰ ২০২৩
- অসম পঞ্চায়ত আইন, ১৯৯৪১ কিছু বিধান সংশোধনৰ ক্ষেত্ৰত অনুমোদন
- ভূমি অধিগ্ৰহণ, পুনৰ্সংস্থাপন আৰু পুনৰ্নিষ্পত্তিত ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ (অসম সংশোধনী) বিধেয়ক, ২০২৩ত অনুমোদন
- অসম দুৰ্যোগ ব্যৱস্থাপনা নিয়মাৱলী, ২০১৫১ সংশোধন
- অসমৰ মাইক্ৰ’ফাইনেন্স খণ্ডক কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ অসম মাইক্ৰফাইনেন্স প্ৰতিষ্ঠান (Regulation of Money Lending) আইন, ২০২০১ সংশোধনী প্ৰস্তাৱত অনুমোদন
- অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ অতিৰিক্ত ৪১.৭৭ কোটি টকাৰ প্ৰশাসনিক অনুমোদন
- ৭খন মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে অনুমোদন
- অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ অধিসূচনাৰ সৈতে সংগতি ৰাখি লোক নিৰ্মাণ পথ বিভাগৰ বিদ্যমান বিভাগ আৰু মহকুমাসমূহৰ (ষষ্ঠ অনুসূচী জিলাৰ বাহিৰে) পুনৰ্গঠন আৰু পুনৰ নামকৰণত অনুমোদন
- অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰপৰা হিমাচল প্ৰদেশ চৰকাৰলৈ ১০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ
- উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ টী-জংচনত ট্ৰাম্পেট ইণ্টাৰচেঞ্জ নিৰ্মাণৰ বাবে ৪০৭.৫০ কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন
- অসম প্ৰাচীন স্মৃতিস্তম্ভ আৰু ৰেকৰ্ড আইন, ১৯৫৯-ৰ অধীনত প্ৰাচীন স্মাৰক আৰু স্থানসমূহৰ সুৰক্ষা আৰু ঘোষণা আৰু গেজেট অধিসূচনাত অনুমোদন
- ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ উন্নয়ন ত্বৰান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত সশস্ত্ৰ বাহিনী [বিশেষ ক্ষমতা] আইন, ১৯৫৮ৰ অধীনত অসমৰ বাকী ৮খন জিলাক ‘অশান্ত এলেকা’ হিচাপে কৰা ঘোষণা প্ৰত্যাহাৰ কৰা হৈছে (চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰিব)
- ৭৯টা মহকুমাক উপ-জিলা হিচাপে চিহ্নিত কৰাৰ বাবে অনুমোদন
১২ ছেপ্টেম্বৰ ২০২৩
- অসম আৰক্ষীৰ মনোবল বৃদ্ধিৰ প্ৰচেষ্টাৰে কনিষ্টবল পদবীৰপৰা কমেও ৩টাকৈ পদোন্নতিৰ সৈতে সুনিশ্চিত কেৰিয়াৰ প্ৰগতি আঁচনিত অনুমোদন
- কাৰিকৰী শিক্ষা ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে অসম লোকসেৱা আয়োগ (কাৰ্যসীমাৰ সীমাবদ্ধতা) নিয়মাৱলী, ১৯৫১-ৰ নিয়মাৱলী ৩ (এফ)ৰ অধীনত নিযুক্ত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু ৫খনকৈ পলিটেকনিক ক্ৰমে চিৰাং, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া আৰু ওদালগুৰিৰ প্ৰবক্তাসকলৰ সেৱা সম্প্ৰসাৰণ কৰা হ’ব
- নিম্ন পদবীৰ অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলৰ পুষ্টি সাধন তথা উন্নত স্বাস্থ্যৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰিক কাৰ্যকলাপ আৰু দক্ষতা উন্নত কৰাৰ বাবে ৰেচন ভাট্টা বৃদ্ধি
- ২০২২ চনৰ ২৭ জানুৱাৰীত বিভিন্ন বড়ো সংগঠনৰ সৈতে স্বাক্ষৰিত মীমাংসা চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ অনুসৰি ৰাজ্যিক কেবিনেটে বিশ্বনাথ জিলাৰপৰা বি টি আৰত ৪১খন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবে আয়োগৰ প্ৰস্তাৱত অনুমোদন
- বেতকুছিৰ অসম বাণিজ্য প্ৰসাৰ সংস্থা চৌহদত ২২৬ কোটি টকা ব্যয়েৰে ইউনিটী মল (একতা মল) নিৰ্মাণ কৰা হ’ব
- নতুন উদ্যোগ স্থাপনৰ জৰিয়তে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম’ৰ খচৰা নিৰ্দেশনাৰ আলোচনা
২৩ ছেপ্টেম্বৰ ২০২৩
- চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ অনুমোদন
- ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সেনা/নৌসেনা/বায়ু সেনাৰ শ্বহীদৰ নিকটাত্মীয় বা পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ ব্যৱস্থা
- শক্তি বিতৰণ আধুনিকীকৰণৰ বাবে ডি পি আৰত অনুমোদন
- ‘পিক ছীজন’ত সৰ্বাধিক বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে আই এছ টি এছ (ট্ৰেঞ্চ-VI) আঁচনিৰ অধীনত নিশ্চিত সৰ্বাধিক বিদ্যুৎ যোগানৰ সৈতে বায়ু সৌৰ হাইব্ৰীড শক্তি ক্ৰয় কৰা হ’ব
- নগৰীয়া সংস্কাৰ আৰু উদ্ভাৱনৰ বাবে জ্ঞান কেন্দ্ৰ
- অসম ৰাজ্যিক ৰাজধানী অঞ্চলৰ আওতাৰপৰা সমগ্ৰ তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাক বাদ দিয়াত অনুমোদন