৮ ছেপ্টেম্বৰ ২০২৩ অসম পঞ্চায়ত আইন, ১৯৯৪১ কিছু বিধান সংশোধনৰ ক্ষেত্ৰত অনুমোদন ভূমি অধিগ্ৰহণ, পুনৰ্সংস্থাপন আৰু পুনৰ্নিষ্পত্তিত ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ (অসম সংশোধনী) বিধেয়ক, ২০২৩ত অনুমোদন অসম দুৰ্যোগ ব্যৱস্থাপনা নিয়মাৱলী, ২০১৫১ সংশোধন অসমৰ মাইক্ৰ’ফাইনেন্স খণ্ডক কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ অসম মাইক্ৰফাইনেন্স প্ৰতিষ্ঠান (Regulation of Money Lending) আইন, ২০২০১ সংশোধনী প্ৰস্তাৱত অনুমোদন অসম আৰক্ষীৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ অতিৰিক্ত ৪১.৭৭ কোটি টকাৰ প্ৰশাসনিক অনুমোদন ৭খন মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে অনুমোদন অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ অধিসূচনাৰ সৈতে সংগতি ৰাখি লোক নিৰ্মাণ পথ বিভাগৰ বিদ্যমান বিভাগ আৰু মহকুমাসমূহৰ (ষষ্ঠ অনুসূচী জিলাৰ বাহিৰে) পুনৰ্গঠন আৰু পুনৰ নামকৰণত অনুমোদন অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰপৰা হিমাচল প্ৰদেশ চৰকাৰলৈ ১০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ টী-জংচনত ট্ৰাম্পেট ইণ্টাৰচেঞ্জ নিৰ্মাণৰ বাবে ৪০৭.৫০ কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন অসম প্ৰাচীন স্মৃতিস্তম্ভ আৰু ৰেকৰ্ড আইন, ১৯৫৯-ৰ অধীনত প্ৰাচীন স্মাৰক আৰু স্থানসমূহৰ সুৰক্ষা আৰু ঘোষণা আৰু গেজেট অধিসূচনাত অনুমোদন ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ উন্নয়ন ত্বৰান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত সশস্ত্ৰ বাহিনী [বিশেষ ক্ষমতা] আইন, ১৯৫৮ৰ অধীনত অসমৰ বাকী ৮খন জিলাক ‘অশান্ত এলেকা’ হিচাপে কৰা ঘোষণা প্ৰত্যাহাৰ কৰা হৈছে (চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰিব) ৭৯টা মহকুমাক উপ-জিলা হিচাপে চিহ্নিত কৰাৰ বাবে অনুমোদন ১২ ছেপ্টেম্বৰ ২০২৩ অসম আৰক্ষীৰ মনোবল বৃদ্ধিৰ প্ৰচেষ্টাৰে কনিষ্টবল পদবীৰপৰা কমেও ৩টাকৈ পদোন্নতিৰ সৈতে সুনিশ্চিত কেৰিয়াৰ প্ৰগতি আঁচনিত অনুমোদন কাৰিকৰী শিক্ষা ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে অসম লোকসেৱা আয়োগ (কাৰ্যসীমাৰ সীমাবদ্ধতা) নিয়মাৱলী, ১৯৫১-ৰ নিয়মাৱলী ৩ (এফ)ৰ অধীনত নিযুক্ত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু ৫খনকৈ পলিটেকনিক ক্ৰমে চিৰাং, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া আৰু ওদালগুৰিৰ প্ৰবক্তাসকলৰ সেৱা সম্প্ৰসাৰণ কৰা হ’ব নিম্ন পদবীৰ অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলৰ পুষ্টি সাধন তথা উন্নত স্বাস্থ্যৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰিক কাৰ্যকলাপ আৰু দক্ষতা উন্নত কৰাৰ বাবে ৰেচন ভাট্টা বৃদ্ধি ২০২২ চনৰ ২৭ জানুৱাৰীত বিভিন্ন বড়ো সংগঠনৰ সৈতে স্বাক্ষৰিত মীমাংসা চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ অনুসৰি ৰাজ্যিক কেবিনেটে বিশ্বনাথ জিলাৰপৰা বি টি আৰত ৪১খন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবে আয়োগৰ প্ৰস্তাৱত অনুমোদন বেতকুছিৰ অসম বাণিজ্য প্ৰসাৰ সংস্থা চৌহদত ২২৬ কোটি টকা ব্যয়েৰে ইউনিটী মল (একতা মল) নিৰ্মাণ কৰা হ’ব নতুন উদ্যোগ স্থাপনৰ জৰিয়তে নিয়োগ সৃষ্টিৰ লক্ষ্যৰে ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম’ৰ খচৰা নিৰ্দেশনাৰ আলোচনা ২৩ ছেপ্টেম্বৰ ২০২৩ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ অনুমোদন ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সেনা/নৌসেনা/বায়ু সেনাৰ শ্বহীদৰ নিকটাত্মীয় বা পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ ব্যৱস্থা শক্তি বিতৰণ আধুনিকীকৰণৰ বাবে ডি পি আৰত অনুমোদন ‘পিক ছীজন’ত সৰ্বাধিক বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে আই এছ টি এছ (ট্ৰেঞ্চ-VI) আঁচনিৰ অধীনত নিশ্চিত সৰ্বাধিক বিদ্যুৎ যোগানৰ সৈতে বায়ু সৌৰ হাইব্ৰীড শক্তি ক্ৰয় কৰা হ’ব নগৰীয়া সংস্কাৰ আৰু উদ্ভাৱনৰ বাবে জ্ঞান কেন্দ্ৰ অসম ৰাজ্যিক ৰাজধানী অঞ্চলৰ আওতাৰপৰা সমগ্ৰ তিৱা স্বায়ত্তশাসিত পৰিষদ এলেকাক বাদ দিয়াত অনুমোদন