দুদিনীয়া কাৰ্যসূচীৰে যোৱা ৭ আৰু ৮ মাৰ্চত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এগৰাকী মাৰ্গদৰ্শকস্বৰূপে অসম কেবিনেটৰ সৈতে এক বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে মেঘালয়, ত্ৰিপুৰা আৰু নগালেণ্ডৰ নতুন চৰকাৰকেইখনৰ শপতগ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ শ্বিলঙত এনপিপিৰ নেতৃত্বাধীন মেঘালয় চৰকাৰ আৰু ক’হিমাত নেফিও ৰিঅ’ৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ শপতগ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত ত্ৰিপুৰালৈ ৰাওনা হোৱাৰ পূৰ্বে তেখেতে গুৱাহাটীত নিশা যাপন কৰে৷
গুৱাহাটীৰ কইনাধৰাৰ অতিথিশালাত তেখেতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অংশ লয়৷
দুঘণ্টীয়া এই ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ গতিশীল চিন্তাধাৰাৰ বিষয়ে উল্লেখ কৰে৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কয়, “আজি গুৱাহাটীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শন লাভ কৰাৰ সুযোগ পোৱাটো মোৰ কেবিনেট সতীৰ্থসকলৰ বাবে এক বিৰল সৌভাগ্যৰ ক্ষণ আছিল৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক অতিথিশালাত এটি গছপুলি ৰোপণ কৰে৷ তেওঁ কয়, “এই অঞ্চলটোত শান্তি আৰু প্ৰগতিৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতীকস্বৰূপে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই গছপুলিটো ৰোপণ কৰে৷”
প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে৷ ৰাজ্যখনৰ প্ৰগতিৰ হকে নিজকে উৎসৰ্গা কৰি ৰাইজৰ বাবে আন্তৰিকতাৰে কাম কৰি যাবলৈ তেখেতে মন্ত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়৷
তথ্য আৰু জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই নিজৰ টুইটত উল্লেখ কৰে, “সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকী সকলোৰে বাবে প্ৰেৰণাৰ উৎস৷”
গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ পালন কৰাৰপৰা দেশৰ প্ৰধানমন্ত্ৰী হোৱালৈকে নৰেন্দ্ৰ মোদীয়ে আহৰণ কৰা অভিজ্ঞতাৰ বিষয়ে জানিবলৈ পাই উৎসাহিত হোৱাৰ বিষয়ে পৰ্যটন আৰু জন-স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমত উল্লেখ কৰে৷
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আদৰণি জনায়৷