অসমবাসীয়ে যোৱা ১৪ এপ্ৰিলত লাভ কৰিলে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বিশেষ উপহাৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উৎসৱমুখৰ দিনটোতে অসমক উপহাৰ দিলে ১০,৯০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ বৰ্ণাঢ্য অনুষ্ঠানত এঘাৰ হাজাৰৰো অধিক বিহুৱা আৰু বিহুৱতীয়ে অংশ লোৱা এক অনন্য বিহু প্ৰদৰ্শনৰ সাক্ষী হয় প্ৰধানমন্ত্ৰীগৰাকী৷
আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত উল্লেখ্য হ’ল – ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলং, শিৱসাগৰস্থিত ৰংঘৰৰ বাকৰিৰ সৌন্দৰ্যবৰ্ধন, নামৰূপত প্ৰতিদিনে ৫০০ টন উৎপাদন ক্ষমতাসম্পন্ন এটা মিথানল প্ৰকল্প আৰু ৫টাকৈ ৰে’লৱে প্ৰকল্প৷
সমবেত জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কৰা তেখেতৰ অসম ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি কয় যে সেইসময়তে তেওঁ কৈছিল- এদিন সকলোৱে ক’ব ‘এ ফৰ আছাম’ আৰু আজি প্ৰকৃতাৰ্থত অসম এখন ‘এ ওৱান ষ্টেট’লৈ ৰূপান্তৰিত হৈছে৷
প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ লগতে আন তিনিখন চিকিৎসা মহাবিদ্যালয় প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ জনসাধাৰণৰ মনত থকা আস্থা হৈছে এই চৰকাৰখনৰ বাবে প্ৰেৰণাৰ উৎস, যিয়ে দেশৰ নাগৰিকসকলৰ কল্যাণ সাধনৰ বাটত অহা প্ৰতিটো হেঙাৰ আঁতৰ কৰিবলৈ সাহস যোগাইছে৷
এসময়ত যোগাযোগ/সংযোগ মানে এটা বিন্দুৰপৰা আন এটা বিন্দুলৈ যোৱাটোকে বুজাইছিল বুলি উল্লেখ কৰি তেখেতে কয় যে এই সংকীৰ্ণ অৰ্থৰ বিপৰীতে আজি সংযোগ ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱৰ্তন হৈছে৷ তেখেতে কয়, “আজি সংযোগ এটা চতুৰ্মুখী ব্যৱস্থা (মহাযজ্ঞ)। তেওঁ কয় যে এই চাৰিটা দিশ হৈছে- ভৌগোলিক সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ৷
তেওঁ উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত ভৌগোলিক সংযোগ ব্যৱস্থাত থকা অভাৱসমূহ চৰকাৰে পথ, ৰে’ল আৰু বিমান সংযোগত গুৰুত্ব প্ৰদান কৰি আঁতৰ কৰি আহিছে৷
২০১৪ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ে অৱতাৰণা কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবৰ সৰহসংখ্যক গাঁৱলৈ পথ সংযোগ, প্ৰথমবাৰৰ বাবে বাণিজ্যিক বিমান অৱতৰণ কৰা নতুন বিমানবন্দৰ, মণিপুৰ আৰু ত্ৰিপুৰালৈ ব্ৰডগজ ৰে’লৰ চলাচল সম্পৰ্কেও উল্লেখ কৰে৷ উত্তৰ-পূব ভাৰতত পূৰ্বতকৈ তিনিগুণ অধিক দ্ৰুতগতিত নতুন ৰে’ল লাইন স্থাপন কৰা হৈছে আৰু দ্বৈত ৰে’ল লাইনৰ কাম পূৰ্বৰ তুলনাত প্ৰায় দহ গুণ দ্ৰুতগতিত অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই ৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ৫টা ৰে’ল প্ৰকল্পই অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ উন্নয়নক ত্বৰান্বিত কৰিব৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নৰ সমান্তৰালকৈ বিশ্বাস আৰু আস্থাৰ পৰিৱেশো সমানে শক্তিশালী হোৱা প্ৰয়োজন৷ তেওঁ কয়, “আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি উত্তৰ-পূব ভাৰতত স্থায়ী শান্তি বিৰাজ কৰিছে৷ বহুতো যুৱক-যুৱতীয়ে হিংসাৰ পথ পৰিত্যাগ কৰি বিকাশৰ পথেৰে খোজ আগবঢ়াইছে৷ উত্তৰ-পূবত আজি অবিশ্বাসৰ পৰিৱেশ নাই, মনৰ মাজত কোনো দূৰত্ব নাই৷” তেওঁ শেষত কয়, “স্বাধীনতাৰ অমৃতকালত এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ আমি এই পৰিৱেশ উন্নত কৰি যাবই লাগিব৷ আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব৷”