ৰাজ্যৰ আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰাৰ লগতে আৰক্ষী বাহিনীক আধুনিকীকৰণৰ দিশত উল্লেখযোগ্য পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসম-অৰুণাচল সীমান্তৰ সমীপত বিশ্বনাথ জিলাৰ পাভৈ অঞ্চলত এক আধুনিক কমাণ্ডো বেটেলিয়ন চৌহদৰ উদ্বোধন কৰে।
নতুনকৈ উদ্বোধন হোৱা এই চৌহদটো ৰাজ্য চৰকাৰৰ আধুনিক, দক্ষ আৰু সজাগ আৰক্ষী বাহিনী গঠনৰ লক্ষ্যৰে আৰম্ভ কৰা মহৎ পৰিকল্পনাৰ অংশ হিচাপে স্থাপন কৰা পাঁচখন কমাণ্ডো বেটেলিয়ন চৌহদৰ পঞ্চমটো স্থান। কাৰ্বি আংলং, হাইলাকান্দি, চৰাইদেউ, শদিয়া আৰু বিশ্বনাথ ~ এই পাঁচখন জিলাত চৌহদ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে, যাৰ ভিতৰত বিশ্বনাথৰ চৌহদটো প্ৰথমে সম্পূৰ্ণ হোৱাৰ পাছত উদ্বোধন কৰা হৈছে।
মুঠ ২১৮ বিঘা ভূমিত স্থাপন কৰা ১৭৭ কোটি টকাৰ এই চৌহদটোত ৪০০গৰাকী কৰ্মচাৰী থাকিব পাৰিব আৰু ইয়াত অত্যাধুনিক সুবিধাৰ ব্যৱস্থা কৰা হৈছে। চৌহদটোত হেলিপেড, ক্ৰীড়া আৰু পেৰেড গ্ৰাউণ্ড, কমিউনিটি চেণ্টাৰ, নামঘৰ, আধুনিক কম্পিউটাৰ লেবৰেটৰি আৰু আৰক্ষী কৰ্মচাৰীৰ সন্তানসকলৰ বাবে বিদ্যালয়ৰ ব্যৱস্থাও আছে। লগতে ১০খন বিছনাযুক্ত এখন চিকিৎসালয়, অগ্নি নিৰাপত্তা ব্যৱস্থা আৰু অন্যান্য মৌলিক সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে। এইসমূহ হৈছে ৰাজ্য চৰকাৰৰ সুৰক্ষা বাহিনীৰ কল্যাণ আৰু সজাগতাৰ প্ৰতি অঙ্গীকাৰৰ প্ৰতিফলন।
সভাত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, “২০২১ চনত আমি কাৰ্বি আংলং, হাইলাকান্দি, চৰাইদেউ, শদিয়া আৰু বিশ্বনাথত নতুন পাঁচখন কমাণ্ডো বেটেলিয়ন গঠন কৰিছিলোঁ। আজি পাভৈত পঞ্চমটো চৌহদ উদ্বোধন কৰি অসম আৰক্ষী আৰু সমগ্ৰ ৰাজ্যৰ বাবে আন এক গুৰুত্বপূৰ্ণ প্ৰকল্প উছৰ্গা কৰিলোঁ।”
তেখেতে লগতে উল্লেখ কৰে যে এই বিশেষ কমাণ্ডো ইউনিটসমূহক বিভিন্ন ধৰণৰ সংকট-বিপদ মোকাবিলা, দুৰ্যোগ প্ৰতিক্ৰিয়া আৰু সংবেদনশীল অঞ্চলত আইন-শৃংখলা ৰক্ষা কৰা আদিৰ দৰে ক্ষেত্ৰত দক্ষ কৰাৰ বাবে প্ৰশিক্ষিত কৰা হৈছে। এই কেম্পাছ স্থাপনে অসম আৰক্ষীৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যত শান্তি আৰু স্থিতিশীলতা স্থাপনৰ ক্ষেত্ৰতো সহায় হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে।
ৰাজ্য চৰকাৰৰ এই পদক্ষেপে অসম আৰক্ষীক দেশৰ আটাইতকৈ আধুনিক আৰু পেচাদাৰী বাহিনীৰ অন্যতম হিচাপে গঢ়ি তোলাৰ দিশত এক দৃঢ় পদক্ষেপ হিচাপে আগুৱাই লৈ গৈছে, য’ত সক্ষমতা বৃদ্ধিৰ লগতে প্ৰযুক্তিগত দিশটোত গুৰুত্ব দি কৰ্মচাৰীৰ কল্যাণতো মনোনিৱেশ কৰা হৈছে।










