বকোৰ নৱতিতম বৰ্ষ গৰকা শিৰুবালা কাকতিয়ে মে’ মাহৰ সাত তাৰিখে পুৱা ৬ বজাতে গা-পা ধুই সাজু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁ ওচৰৰে ভোটকেন্দ্ৰত উপস্থিত হৈ নিজৰ বহুমুলীয়া ভোটদান কৰে৷
“ভোটৰ দিন আহি আছে বুলি শুনাৰে পৰা আইতাই এইকেইটা মাহ এই দিনটোলৈ অপেক্ষা কৰি আছিল,” তেওঁৰ এগৰাকী নাতিয়েক ৰাজেশ কাকতিয়ে কয়৷ তেওঁ লগতে কয়, “ভোটৰ আগদিনা ৰাতি উৎসাহতে আইতাৰ টোপনি অহা নাছিল৷”
ৰাজেশে কয় যে শিৰুবালাৰ বাবে ভোটদানৰ অধিকাৰ অতি পবিত্ৰ, সেয়ে তেখেতে ভোট দিয়াৰ আগলৈকে পানী এটুপিও গ্ৰহণ কৰা নাছিল৷ ৰাজেশে পুনৰ কয়, “সৰুৰে পৰা আইতাই আমাক কৈ আহিছে যে ভোটদান আমাৰ মৌলিক অধিকাৰ৷” ৰাজেশে কয়, “ৰঙালী বিহুৰ সময়ত কামৰূপ জিলা প্ৰশাসনে অঞ্চলটোত ভোটৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আইতাৰ অৰিহণাৰ বাবে তেখেতক সম্বৰ্ধনা জনায়৷”

শামন্তিক মেধি (৪০) আৰু তেওঁৰ পত্নী মীনাক্ষী মেধি কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত থাকে৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁলোক গুৱাহাটীত উপস্থিত হয়৷ “কামৰ ব্যস্ততাৰ মাজত নাহিম বুলিও মনলৈ আহিছিল যদিও ভোটদানৰ বাবে নিৰ্বাচন আয়োগৰ পৰা আহ্বান কৰা বিভিন্ন প’ষ্টাৰ, মিম আৰু আপডেটছসমূহে আমাক ভোটদান কৰিবলৈ অহাৰ বাবে উৎসাহিত কৰিলে৷”
এই লোকসভা নিৰ্বাচনত ভাৰতৰ ভিতৰতে অসমত ভোটদানৰ হাৰ আছিল সৰ্বাধিক- ৮১.৫৬%৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহে এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পাদন কৰি অন্তৰ্ভুক্তিকৰণ বৃদ্ধি কৰাৰ বাবে কাৰ্যালয়ে এটা খোজ আগুৱাই ব্যৱস্থা হাতত লৈছিল৷
যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া তথা উপ-সচিব এমিলী বৰুৱাই অসম বাৰ্তাক কয়, “এইবাৰ আমি এলানি ভোটাৰ সজাগতা কাৰ্যকলাপৰ ৰূপায়ণ কৰিছিলোঁ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ আগত আৰু পাছত আৰু লগতে নিৰ্বাচনৰ সময়ত আমি এই কাৰ্যকলাপসমূহ সম্পাদন কৰিছিলোঁ৷ প্ৰাক-নিৰ্বাচনী পৰ্যায়ৰ সময়ত আমি বিভিন্ন সমষ্টিত পূৰ্বৰ ভোটদানৰ হাৰ অধ্যয়ন কৰাৰ পাছত আৰু সেই সময়ত দেখা দিয়া প্ৰত্যাহ্বান আৰু ব্যৱধানসমূহ উপলব্ধি কৰাৰ পাছত ভোটদানৰ হাৰ ৰূপায়ণ পৰিকল্পনা (টিআইপি) আৰু প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (এছভিইইপি) পৰিকল্পনা প্ৰস্তুত কৰিছিলোঁ৷ আমাৰ লক্ষ্য আছিল ভোটাৰসকলক আকৰ্ষিত কৰা, অনুপ্ৰাণিত কৰা আৰু শিক্ষিত কৰা৷”
নতুন ভোটাৰ পঞ্জীয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি তথ্য, বাতৰি আৰু কাৰ্যকলাপসমূহৰ প্ৰচাৰ কৰাৰ দিশত সামাজিক মাধ্যমৰ ভূমিকাৰ বিষয়ে এমিলী বৰুৱাই উল্লেখ কৰে৷ গণতান্ত্ৰিক আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সকলো দিশৰ ওপৰত ভোটাৰসকলক শিক্ষিত কৰাৰ বাবে ভৱিষ্যতৰ ৰণনীতি আৰু কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবে ভোটাৰসকলৰ মাজত ‘বেচলাইন ন’লেজ এপ্টিটিউড এণ্ড প্ৰেকটিছ’ জৰীপ কৰা হৈছিল৷

“সকলো শ্ৰেণীৰ ভোটাৰক লাভান্বিত কৰিব পৰাকৈ ভোটাৰ হেল্পলাইন তথা ‘Know Your Candidate (KYC)’ আৰু ‘Saksham (for PwD)’ আদি এপ্পৰ মুকলি কৰা হৈছিল,” তেওঁ লগতে কয়৷
সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট আৰু পেৰা-চাইক্লিষ্ট ৰাকেশ বণিক আদি ব্যক্তিৰ সৈতে মুখ্য নিৰ্বাচনী কাৰ্যালয়ে ভোটাৰ সজাগতাৰ বাবে বিভিন্ন জিলা ভ্ৰমণ কৰিছিল৷ তেওঁলোকে বিশেষকৈ পূৰ্বতে নিম্ন ভোটদানৰ হাৰ থকা অঞ্চলসমূহ ভ্ৰমণ কৰিছিল৷
“আমি উত্তৰ-পূব সীমান্ত ৰে’লৱে, আইঅ’চিএল, জিএমচি, শিক্ষা বিভাগ, ডাক বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগিতাত এক সজাগতামূলক পৰিৱেশৰ সৃষ্টি কৰিছিলোঁ৷ যোৱা ১০ এপ্ৰিলত এক অনুষ্ঠানত আত্মসহায়ক গোটৰ অভিলেখসংখ্যক ৪৪ লাখ মহিলাই নিৰ্বাচনী সংকল্প গ্ৰহণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম লিপিৱদ্ধ কৰে,” তেওঁ কয়৷
সংকল্প পত্ৰ অভিযানৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱকসকলক ভোটদান কৰিবলৈ প্ৰায় ১.৫ নিযুত বৰ্ণ লিপিবদ্ধ কৰে,” তেওঁ কয়৷
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ক জিলা প্ৰশাসনসমূহেও সহযোগ কৰে৷ উল্লেখ কৰিব পাৰি যে কামৰূপ জিলা প্ৰশাসনৰ ভাৰ্চুৱেল ৰিয়েলিটী টেকন’লজীৰে ট্ৰায়েল ভোট ব্যৱস্থাই যথেষ্ট চৰ্চা লাভ কৰিছিল৷ ভোটদান কেন্দ্ৰৰ মাজত নিজকে আগতীয়াকৈ অনুভৱ কৰিব পৰা এনে ব্যৱস্থা ভাৰতত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছিল৷ কামৰূপৰ সহযোগী বিষয়া (এছভিইইপি কোষ) স’মা ৰয়ে কয়, “ইয়াৰ লগতে মহাবিদ্যালয়সমূহত বিশেষ ভোটাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল৷ এই কাৰ্যসূচীত ২০২১ চনত ভোটাধিকাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ হাতত বেণ্ড বান্ধে আৰু ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে বুজায়৷”
গুলপীয়া ৱাকাথন আৰু ভোট সখী আদিৰ জৰিয়তে আত্মসহায়ক গোটসমূহকো এই অভিযানত অন্তৰ্ভুক্ত কৰা হৈছিল৷ কালাপাৰা মাইনাং মহিলা আত্মসহায়ক গোটৰ সদস্য আইমণি বেপি বড়োৱে কয়, “ৱাকাথনত অংশ লৈ এক সুকীয়া অনুভৱ হয় আৰু ভোটদানৰ বাবে উৎসাহ লাভ কৰোঁ৷ মই এই বিষয়ে যুৱচামকো বুজাবলৈ যত্ন কৰিছিলোঁ৷”
নগাঁৱৰ জিলা নিৰ্বাচনী বিষয়া মৌচুমী প্ৰতিম নাথে কয়, “আমি পেৰা-চাইক্লিষ্ট বণিকক আমাৰ সজাগতা কাৰ্যসূচীৰ সৈতে জড়িত কৰোঁ৷ আমি বিভিন্ন মহাবিদ্যালয় আৰু সংস্থাৰ সৈতে লগ হৈ ৰংগোলী প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ আয়োজন কৰোঁ৷ ২৫ জানুৱাৰীৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত ছাত্ৰ-ছাত্ৰীসকলে নিকা আৰু সাহসী ভোটদানৰ সংকল্প গ্ৰহণ কৰিছিল৷”
“এই অভিযানসমূহৰ জৰিয়তে ৭২গৰাকী ট্ৰান্সজেণ্ডাৰ, ৪০০তকৈও অধিক যৌনকৰ্মী আৰু চাৰি সহস্ৰাধিক দিব্যাংগৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল,” তেওঁ কয়৷