কাছাৰ জিলাৰ ৰুকণী খণ্ড – ৪ৰ্থ গাঁৱৰ বাসিন্দা উত্তম পালে আপোন গাঁওখনৰ পৰিৱৰ্তনৰ কথা ভবাৰ লগে লগেই মনটো আনন্দৰে উপচি পৰিল। এটি দুৰ্গম অঞ্চলত জন্মগ্ৰহণ কৰা উত্তমে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সীমিত সুযোগৰ মাজতেই ডাঙৰ-দীঘল হৈছিল। তেখেতে নিজ অঞ্চলত বাল্য বিবাহৰ ঘটনা দেখি যথেষ্ট চিন্তিত হৈ পৰিছিল। কিন্তু উত্তমৰ সেই চিন্তা এতিয়া নাইকীয়া হ’ল। কিয়নো শেহতীয়াকৈ এই গাঁওখনক বাল্য বিবাহমুক্ত গাঁও হিচাপে ঘোষণা কৰা হৈছে। যাৰ ফলত উত্তমৰ গাঁওখন এক ইতিবাচক পৰিৱৰ্তনৰ দৃষ্টান্ত হৈ পৰিল।
“সমাজৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ ২০২২ চনৰ পৰা আমাৰ উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত আৰু জিলা প্ৰশাসনৰ সৈতে একেলগে কাম কৰি আহিছোঁ,” উত্তমে অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত এনেদৰে কয়। “আমি কেইবাখনো সজাগতা সভাৰ আয়োজন কৰিছোঁ। প্ৰতিটো ঘৰলৈ গৈ বাল্য বিবাহৰ কুফলসমূহৰ বিষয়ে স্থানীয় বাসিন্দাসকলক অৱগতও কৰিছোঁ,” উত্তমে এনেদৰে কয়।
কন্যা সন্তানসকলৰ শিক্ষা নিশ্চিত কৰাটো তেওঁলোকৰ অভিযানৰ প্ৰধান লক্ষ্য আছিল বুলি উত্তম পালে উল্লেখ কৰে। “আমি সঁচাকৈয়ে আনন্দিত যে আমাৰ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিছোঁ। সকলোৱে এই বিষয়টো গুৰুত্বসহকাৰে লৈ বুজি উঠাৰ ফলতেই আজি ৰুকণী খণ্ড – ৪ৰ্থ সম্পূৰ্ণৰূপে বাল্য বিবাহমুক্ত গাঁৱত পৰিণত হৈছে,” উত্তম পালে কয়।
তেখেতে এই সফলতাৰ কৃতিত্বৰ অংশীদাৰ স্থানীয় বাসিন্দাসকলৰ লগতে প্ৰশাসন বুলি উল্লেখ কৰে। “গাঁও পঞ্চায়ত আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সহায়-সহযোগিতা আৰু উৎসাহে আমাক আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যোগাইছিল,” তেখেতে কয়।
২,০০০ৰো অধিক জনসংখ্যা থকা পালংঘাট উন্নয়ন খণ্ডৰ অধীনৰ ৰুকণী খণ্ড – ৪ৰ্থ-এ বাল্য বিবাহমুক্ত গাঁও হিচাপে সমাজত এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। ৰুকণী খণ্ড – ৪ৰ্থ-ৰ লগতে শেহতীয়াকৈ বাল্য বিবাহমুক্ত গাঁও হিচাপে স্বীকৃতি পোৱা আন ৩খন গাঁও হৈছে – ভৈৰৱপুৰ পাৰ্ট – ১ (কালাইন উন্নয়ন খণ্ড), ৰোজকান্দি গ্ৰাণ্ট -১ আৰু ৰোজকান্দি গ্ৰাণ্ট -২ (তাপাং উন্নয়ন খণ্ড)।
এই সফলতা হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা এক ব্যাপক অভিযানৰ প্ৰভাৱ। বাল্য বিবাহ নিৰ্মূলকৰণত গুৰুত্ব দি মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা আৰু শিশুৰ কল্যাণ তথা সুৰক্ষা নিশ্চিতকৰণত বিশেষভাৱে মনোনিৱেশ কৰিছে।

২০২৩ চনত অসমৰ ৰাজ্যপালে ‘বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬’ৰ ১৬ নম্বৰ ধাৰা অনুসৰি গাঁও পঞ্চায়ত সচিবক বাল্য বিবাহ (প্ৰতিৰোধ) নিষেধাজ্ঞা বিষয়া হিচাপে নিযুক্তি দিয়ে।
পালংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত দৰ্মিখাল গাঁও পঞ্চায়তৰ সচিব ৰঞ্জিত ছানা ৰাজকুমাৰে কয়, “গাওঁ পঞ্চায়তৰ বিষয়াসকলে বাল্য বিবাহৰ ঘটনাৰ বিষয়বোৰ নিৰীক্ষণ কৰি তৎপৰতাৰে কাম কৰি আহিছে। এই সফলতাৰ বাবে গাঁওবাসীৰ ইচ্ছাশক্তি অপৰিহাৰ্য।”
তাপাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জাহিদ হুছেইন হাজৰিকাই ৰোজকান্দি গ্ৰাণ্ট -১ আৰু ৰোজকান্দি গ্ৰাণ্ট – ২ত সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। তেখেতে কয়, “আমি স্থানীয় আৰক্ষী থানাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিলোঁ আৰু বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। আত্মসহায়ক গোটসমূহেও বাসিন্দাসকলক এই বিষয়ে সজাগ কৰি জ্ঞানৰ পোহৰ বিলাইছিল আৰু পৰিস্থিতিসমূহ নিৰীক্ষণ কৰাত সক্ৰিয় ভূমিকা পালন কৰিছিল।”
হাজৰিকাই লগতে কয়, “বাল্য বিবাহৰ ঘটনা নিৰক্ষৰ লোকৰ মাজতেই হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকক শিক্ষিত কৰাটোৱেই বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজন হৈ পৰিছে। আমাৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত মই দায়িত্বত থকা উন্নয়ন খণ্ডৰ অধীনৰ গাঁও দুখনত বাল্য বিবাহৰ সংখ্যা হৈছে শূন্য।”
এই বিষয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফে’চবুকত উল্লেখ কৰে, “অসমে বাল্য বিবাহৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰি আহিছে। আমি ৰাজ্যজুৰি এই সামাজিক অশুভ শক্তিক উৎখাত কৰিবলৈ এটাৰ পাছত আনটো পদক্ষেপ লোৱাৰ সম্পৰ্কে আপোনালোক জ্ঞাত। আমাৰ পদক্ষেপৰ উৎকৃষ্ট ফলাফলৰ উদাহৰণস্বৰূপে কাছাৰৰ ৪খন গাঁৱক শেহতীয়াকৈ আমাৰ ছোৱালীবোৰৰ বাবে এক উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰি ‘বাল্য বিবাহমুক্ত গাঁও’ হিচাপে ঘোষণা কৰা হৈছে।”
এই সফলতাত বিশেষভাৱে অৰিহণা যোগোৱা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন আইন, ২০২৪ৰ দৰে পদক্ষেপৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।
কাছাৰৰ জিলা শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীয়ে কয়, “বাল্য বিবাহ এক সামাজিক ব্যাধি। এই ব্যাধিয়ে সমাজখন ধ্বংস কৰে। গাঁও পৰ্যায়ত ক্ৰমান্বয়ে বাল্য বিবাহৰ গোচৰৰ সংখ্যা হ্ৰাস পোৱাটোৱে তৃণমূল পৰ্যায়ত হোৱা উন্নয়নৰ কথাকেই সূচাইছে।”
বাল্য বিবাহ ৰোধ কৰিবলৈ অসম চৰকাৰে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষৰ পৰা বাল্য বিবাহৰ ৫,৮৪২টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু সমগ্ৰ ৰাজ্যত বাল্য বিবাহ নিৰ্মূল কৰাৰ লক্ষ্যৰে তিনিটা বিশেষ অভিযানত ৫,৩৪৮গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।