ৰাজ্যত উন্নত চিকিৎসা সেৱা প্ৰদানৰ লক্ষ্যৰে বিশ্ব বেংকৰ কাৰ্যকৰী সঞ্চালক বোৰ্ডে যোৱা ২৬ জুনত ২৫১ মিলিয়ন ডলাৰৰ বিত্তীয় অনুমোদন আগবঢ়ায়৷
বিশ্ব বেংক, ভাৰতৰ সঞ্চালক অগষ্ট টানো কোৱামে কয়, “নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা প্ৰদানে ৰাইজৰ ধন আৰু সময় ৰাহি কৰাৰ লগতে তেওঁলোকক উৎপাদনমুখী কৰি তুলিব৷ এইক্ষেত্ৰত ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱা উন্নয়নমূলক কাম-কাজত সহযোগিতা আগবঢ়াবলৈ বিশ্ব বেংক সদায় প্ৰতিশ্ৰুতিবদ্ধ৷”
এইক্ষেত্ৰত অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ পদক্ষেপ
(ASSIST) প্ৰকল্পৰ জৰিয়তে অসমত স্বাস্থ্যসেৱাৰ মান উন্নীত হোৱাৰ লগতে কমেও ১৮ লাখ লোকে প্ৰত্যক্ষভাৱে উচ্চ মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব৷
তদুপৰি, এই প্ৰকল্পই প্ৰসূতি আৰু নৱজাতকৰ যত্নৰ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ লগতে অসংক্ৰামক ৰোগৰ চিকিৎসা আৰু ব্যৱস্থাপনাৰ মানো উন্নীত কৰিব৷ ইয়াৰদ্বাৰা জিলা চিকিৎসালয়সমূত ১০টা নিম্নস্তৰৰ সুবিধাক উন্নীত কৰা হ’ব আৰু নাৰ্ছ তথা স্বাস্থ্যসেৱা ব্যৱস্থাপনাৰ সৈতে জড়িত লোকসকলৰ কৰ্মদক্ষতা বৃদ্ধি পাব৷
“অসমে প্ৰয়োজনীয় স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে৷ ২০০৫ চনত মাত্ৰ ২৪% মহিলাই প্ৰতিষ্ঠানগত তত্ত্বাৱধানত সন্তান প্ৰসৱ কৰাৰ বিপৰীতে বৰ্তমান এই সংখ্যা হৈছেগৈ ৮৭%৷ অৱশ্যে, মধুমেহ, উচ্ছ ৰক্তচাপ আদি অসংক্ৰামক ৰোগৰ বৃদ্ধিৰ ফলত ৰাজ্যখনৰ স্বাস্থ্যসেৱা ক্ষেত্ৰত সমস্যাৰ বৃদ্ধি পাইছে,” টীম লিডাৰ অমিথ নাগাৰাজ আৰু এলিনা প্ৰধানে কয়৷ “এই প্ৰকল্পই ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ মান আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ স্বাস্থ্যসেৱাত এক নতুন দিগন্তৰ সূচনা কৰাৰ ক্ষেত্ৰত আদৰ্শ হৈ পৰিব,” তেওঁলোকে কয়৷
উল্লেখযোগ্য যে আন্তৰ্জাতিক পুনৰ্গঠন আৰু উন্নয়ন বেংক (আইবিআৰডি)ৰপৰা অসমে লাভ কৰা ২৫১ মিলিয়ন ডলাৰৰ পৰিৱৰ্তনশীল সম্প্ৰসাৰণ ঋণ (ভেৰিয়েবল স্প্ৰেড লোন)ৰ ম্যাদ হৈছে অতিৰিক্ত পাঁচ বছৰ সময়সাপেক্ষে ১০.৫ বছৰ৷