এক ইতিহাসৰ সূচনা কৰি অমৃত বৃক্ষ আন্দোলনে অসমৰ সেউজ আৱৰণখনলৈ অৱদান আগবঢ়োৱাৰ লগতে লাভ কৰিলে গীনিজ বিশ্ব অভিলেখৰ নখন প্ৰমাণপত্ৰ। কেৱল এয়াই নহয়, একেখন মঞ্চতে সৰ্বাধিকসংখ্যক অভিলেখ সৃষ্টিৰ বাবে এখন অতিৰিক্ত প্ৰমাণপত্ৰও লাভ কৰিলে অমৃত বৃক্ষ আন্দোলনে। ২৯ নৱেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গীনিজ বিশ্ব অভিলেখৰ কৰ্তৃত্বশীল বিষয়া স্বপ্নিল ডাংগৰিকাৰপৰা এই সন্মান গ্ৰহণ কৰে।
অভিনৱ জন-ভাগীদাৰী বা জন-অংশগ্ৰহণৰ মাজেৰে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰাজ্যজুৰি বাণিজ্যিকভাৱে মূল্যৱান গছৰ প্ৰজাতিৰ ১,১১,১৭,৭৪৮টা পুলি ৰোপণ কৰি এক ইতিহাস সৃষ্টি কৰে। আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, শিক্ষানুষ্ঠান, গাঁওৰক্ষী বাহিনী, চাহ বাগিচাৰ কৰ্মী, চৰকাৰী বিষয়া আৰু নাগৰিকসকলৰ লগতে আৰক্ষীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে জন-ভাগীদাৰী আৰ্হিত এই গছপুলি ৰোপণ সম্পাদন কৰা হৈছিল।
অমৃত বৃক্ষ আন্দোলনৰ সময়ত নটা শাখাত অভিলেখ সৃষ্টি কৰা হয়। পূব কামৰূপ বন সংমণ্ডলে গুৱাহাটীৰ খনাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ‘গছপুলিৰ দীৰ্ঘতম কুণ্ডলী আকৃতিত একত্ৰীকৰণ’ শিতানৰ গীনিজ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। উক্ত অভিলেখৰ বাবে ৩,২২,৪৪৪টা গছপুলি ২২.২২ কিল’মিটাৰ দৈৰ্ঘ্যত আৰ্কিমিডিয়ান কুণ্ডলীত আলোকসজ্জাৰ সৈতে সজোৱা হৈছিল। এয়া আছিল গীনিজ বিশ্ব অভিলেখৰ এটা নৱতম শিতান। ইয়াত ব্যৱহৃত পুলিসমূহ আছিল অগৰ আৰু মেহগনি প্ৰজাতিৰ ।
২৪ ঘণ্টাৰ ভিতৰত একে স্থানতেই সৰ্বাধিকসংখ্যক গছপুলি বিতৰণৰ অভিলেখ সৃষ্টি কৰিবলৈ উক্ত ৩,২২,৪৪৪টা গছপুলি আত্মসহায়ক গোটৰ সদস্য, জনসাধাৰণ, অৰ্ধসামৰিক বাহিনী, শিক্ষানুষ্ঠান আদিক বিতৰণ কৰা হৈছিল। পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই প্ৰচেষ্টাৰ অধীনত অসমে উত্তৰ প্ৰদেশ বন বিভাগে প্ৰয়াগৰাজত ২০১৮ চনত কৰা ৭৬,৮২৫টা গছপুলিৰ বিতৰণৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছিল।
ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলত ২৪ ঘণ্টাত ১০০ হেক্টৰ মুকলি হৈ থকা বনভূমিত সফলতাৰে ৯,২১,৭৩০টা গছপুলি ৰোপণ কৰি এটা দলে ২৪ ঘণ্টাত ৰোপণ কৰা সৰ্বাধিক গছপুলিৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে ২০১৩ চনত পাকিস্তানে থাট্টা জিলাৰ খাৰোচানত ৮,৪৭,২৭৫টা গছপুলি ৰোপণ কৰি এই অভিলেখ সৃষ্টি কৰিছিল।
চতুৰ্থটো শিতানত এক ঘণ্টাৰ ভিতৰত এটা দলে ৰোপণ কৰা সৰ্বাধিক গছপুলিৰ অভিলেখৰ সৃষ্টি কৰা হয়। এই শিতানত অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৮,৯০০গৰাকী ব্যক্তিৰ এটা দলে এক ঘণ্টাত মুঠ ৩,৩১,৯২৯টা গছপুলি সফলতাৰে ৰোপণ কৰে। ডিগবৈ বন সংমণ্ডলৰ তিনিচুকীয়া জিলাত গছপুলিৰে সৰ্ববৃহৎ মজাইক সৃষ্টিৰ অভিলেখৰো সৃষ্টি হয়।৮,৫৬৩.০১ বৰ্গ মিটাৰৰ এলেকাত সৃষ্টি এই মজাইকত অসমৰ মানচিত্ৰৰ মাজত এটা খৰ্গৰ গঁড়ৰ আকৃতিত ৬,৩২,০০০টা গছপুলি ৰোপণ কৰা হয়৷
ষষ্ঠটো শিতানত শিৱসাগৰ জিলাৰ গেলেকীত ১,২২৯গৰাকী ছাত্ৰীয়ে মাত্ৰ ৫৮ ছেকেণ্ডত একেলগে ১,২২৯টা অগৰ পুলি ৰোপণ কৰি সৰ্বাধিক লোকৰ দ্বাৰা একেলগে একে সময়তে গছপুলি ৰোপণৰ অভিলেখ গঢ়ে। সপ্তমটো শিতানত অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বীগৰাকীয়ে যোৱা ১১ ছেপ্টেম্বৰত ‘অসমৰ সেউজ ভৱিষ্যৎ: পাৰিপাৰ্শ্বিক বহন ক্ষমতা আৰু অমৃত বৃক্ষ আন্দোলন’ শীৰ্ষক এক অনলাইন শ্ৰেণী অনুষ্ঠিত কৰে আৰু ইয়াত ৭০,৪৯০জন ব্যক্তিয়ে একেলগে লগ ইন কৰে আৰু তাৰ পাছত এই ভিডিঅ’ৰ দৰ্শকৰ সংখ্যাই ১০ লাখৰ সীমা অতিক্ৰম কৰে।
অমৃত বৃক্ষ আন্দোলনৰ প’ৰ্টেলত মুঠ ৭১,৮২,৩৫৮খন আলোকচিত্ৰ (গছপুলিৰ সৈতে অনন্য চেহেৰাৰ অনন্য আলোকচিত্ৰ) আপল’ড কৰা হৈছিল আৰু এয়াও এক বিশ্ব অভিলেখ। ‘এটা মাহত (অনলাইন) পৰিৱেশ বহনক্ষমতা অভিযানৰ বাবে লাভ কৰা সৰ্বাধিক সংকল্প’ শিতানত মুঠ ৪৭,২৮,৮৯৮টা সংকল্পৰ সৈতে এক অভিলেখ সৃষ্টি হয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই কয় যে বনাঞ্চলৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে এই আন্দোলন আৰম্ভ কৰা হৈছিল। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ হৈছে পৰিৱেশৰ সৈতে সংগতি ৰাখি অৰ্থনৈতিক প্ৰগতি।
মুখ্যমন্ত্ৰীয়ে ইয়াত দেখা পোৱা জন-ভাগীদাৰী আৰ্হিৰ শলাগ লয়। তেওঁ কয় যে এই সম্পূৰ্ণ আন্দোলনটো (সেউজ অৰ্থনীতিক অগ্ৰাধিকাৰ প্ৰদানৰ এক জন আন্দোলন গঢ়ি তোলাৰ বাবে এই অভিযানক ‘আন্দোলন’ হিচাপে অভিহিত কৰা হৈছিল) অনলাইনৰ জৰিয়তে সম্পাদন হোৱাটোৱে ‘নতুন অসম’ৰ ইংগিত প্ৰদান কৰিছে।
“নাগৰিক আৰু চৰকাৰী পক্ষৰ সামূহিক প্ৰচেষ্টাই এই অসম্ভৱক সম্ভৱলৈ ৰূপান্তৰিত কৰিছে,” মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনন্য আৰু বিশেষ অভিলেখসমূহ গঢ়াৰ ক্ষেত্ৰত অসম আৰু অসমৰ জনসাধাৰণক সম্ভাব্য সকলো দিশৰপৰা সহযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। ড০ শৰ্মাই ঘোষণা কৰে যে ২০২৪ আৰু ২০২৫ বৰ্ষত ৰাজ্য চৰকাৰে ক্ৰমান্বয়ে তিনি কোটি আৰু পাঁচ কোটি গছপুলি ৰোপণ কৰাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব।