৭ বছৰৰ বিৰতিৰ অন্তত ৰাজ্যখনে আন এক বৃহৎ বিনিয়োগকাৰী সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে। দুদিনীয়া কাৰ্যসূচীৰে ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ বিশাল পৰিসৰত আয়োজন কৰা হ’ব। ৰাজ্যখনক এক সক্ৰিয় বিনিয়োগ কেন্দ্ৰত পৰিণত কৰি এই কাৰ্যসূচীক সফল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰচেষ্টা কৰি গৈছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে বিশ্বব্যাপী বিনিয়োগকাৰীক অসমৰ বিভিন্ন সম্ভাৱনাময় ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেখেতে দেশ-বিদেশ ভ্ৰমণ কৰি সন্মিলনখনলৈ আমন্ত্ৰণ জনায়।
নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুম্বাইত উপস্থিত হৈ ভাৰতৰ ব্যৱসায়িক জগতখনৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয়।
তেখেতে টাটা গ্ৰুপৰ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিনিধিসকলৰ সৈতে বৈঠকত অংশ লয়। ইয়াৰ ভিতৰত টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপত ভাগ লৈ এডভাণ্টেজ আছাম ২.০- ৰ সৈতে জড়িত বিষয়বোৰৰ লগতে বিনিয়োগকাৰী আৰু উদ্যোগীসকলক অসমে আগবঢ়োৱা সমৃদ্ধ সম্ভাৱনীয়তাৰ বিষয়ে অৱগত কৰে।
ইয়াৰ পাছত তেখেতে টাটা ট্ৰাষ্টৰ অধ্যক্ষ নৱেল টাটাক সাক্ষাৎ কৰে আৰু সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আমি আমাৰ জনসাধাৰণৰ জীৱনৰ সৰলীকৰণ আৰু অসমত টাটা ট্ৰাষ্টৰ স্বাস্থ্যসেৱা আৰু শিক্ষা খণ্ডৰ বিশেষকৈ কেঞ্চাৰ চিকিৎসা সেৱাত চলোৱা অসাধাৰণ পদক্ষেপৰ উন্নতিৰ বাবে যৌথভাৱে কাম কৰাৰ বিষয়ে আলোচনা কৰোঁ। এই সুবাদতে তেখেতক এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণৰ শৰাই আগবঢ়াওঁ।”
ইয়াৰ পাছত তেখেতে ছান ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক (বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ স্পেচিয়েলিটী জেনেৰিক ফাৰ্মাচিউটিকেল কোম্পানী) আলোক শাংঘৱীৰ সৈতে অসমৰ ফাৰ্মাচিউটিকেল খণ্ডৰ সুযোগ আৰু ৰাজ্যখনত গোটটোৰ সম্প্ৰসাৰণ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ অংশ হিচাপে তেখেতে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাক সাক্ষাৎ কৰে। ড° হিমন্ত বিশ্ব শৰ্মাই আনন্দ মহিন্দ্ৰাৰ ঔদ্যোগীকৰণৰ প্ৰতি থকা আগ্ৰহ আৰু তেখেতৰ কৰ্মদক্ষতাক প্ৰশংসা কৰে আৰু অসমত ঔদ্যোগিকৰণৰ গতি ত্বৰান্বিত কৰিবলৈ অসম চৰকাৰে মহিন্দ্ৰা গোটৰ সৈতে অংশীদাৰিত্ব আগবঢ়োৱাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ কথাও সদৰী কৰে।
আনন্দ মহিন্দ্ৰাই এই সন্দৰ্ভত এক্স’ত প্ৰকাশ কৰে, “মই বিশ্বাস কৰোঁ যে উত্তৰ-পূবক আমাৰ অৰ্থনৈতিক বিকাশৰ মূল সুঁতিলৈ ঘূৰাই অনাটো সকলোৰে কৰ্তব্য হোৱা উচিত। ইয়াৰ জৰিয়তে আমাৰ অৰ্থনীতিৰ উন্নতি আৰু নিৰাপত্তা নিশ্চিত হ’ব। মই সাধাৰণতে কামৰ বাবে ৰবিবাৰে ব্যস্ত থকাৰ ক্ষেত্ৰত আগ্ৰহী নহয়, কিন্তু এই বৈঠকখনত অংশ লোৱাটো আমাৰ বাবে সন্মানজনক আৰু সম্পূৰ্ণ আনন্দপূৰ্ণ অভিজ্ঞতা আছিল।” তেখেতে মুখ্যমন্ত্ৰীৰ কথোপকথনশৈলীত মুগ্ধ হৈ প্ৰশংসাও কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “ভাৰতৰ ব্যৱসায়িক ক্ষেত্রখনৰ বহুকেইগৰাকী সন্মানীয় ব্যক্তিক পৃথক সাক্ষাৎ যোগে মিলিত হৈ আমাৰ ৰাজ্যত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা তথা অন্যান্য দিশসমূহত আলোচনা কৰাৰ সুযোগ লাভ কৰোঁ। ৱেলস্পুন গ্রুপৰ অধ্যক্ষ শ্ৰী বি কে গোৱেংকা ডাঙৰীয়া, লার্ছেন টাব্র’ৰ মুখ্য কার্যবাহী বিষয়া শ্ৰীসুব্ৰমনিয়াম ডাঙৰীয়া তথা মহিন্দ্রা গ্রুপৰ শ্রীআনন্দ মহিন্দ্রা ডাঙৰীয়াই সময়খিনিক সমৃদ্ধ কৰি তুলিলে। এই সময়ৰ প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি ব্যক্তিগতভাৱে তেওঁলোকক এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত তেওঁলোকৰ অংশগ্রহণ আৰু সহযোগিতাৰ বাবে আহ্বান জনাই আমাৰ অসমৰ বিস্তৃত সম্ভাৱনাক উদঘাটিত কৰাত সহায় কৰিবলৈ অনুৰোধ কৰোঁ।”
মুম্বাইত এইচ ডি এফ চি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনক সাক্ষাৎ কৰি ডিবিটিক অগ্ৰাধিকাৰ প্ৰদানেৰে অসমৰ অৰ্থনীতিক সবল কৰাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে৷ তদুপৰি ৰাজ্যখনে দক্ষ কৰ্মশক্তিৰ জৰিয়তে ভাৰতৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগৰ দিশত কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে বুলি মুখমন্ত্ৰীগৰাকীয়ে কয়।

পৰৱৰ্তী সময়ত তেখেতে হিন্দুস্তান ইউনিলিভাৰৰ প্ৰতিনিধিবৰ্গ ক্ৰমে ৰোহিত জৱা, দেৱ বাজপাই আৰু যোগেশ মিশ্ৰক সাক্ষাৎ কৰে আৰু লক্ষ্মী টীৰ পৰিচালন সঞ্চালক ৰুদ্ৰ চেটাৰ্জীকো পৰৱৰ্তী সময়ত সাক্ষাৎ কৰি চাহ বাগিচা কল্যাণ সম্পৰ্কীয় দিশবোৰত আলোচনা কৰে।
মুখ্যমন্ত্ৰীয়ে আন এক বৈঠকৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰে, “এক বৈঠক যোগে আদানী বিমানবন্দৰৰ সঞ্চালক শ্ৰীজিত আদানীৰ সৈতে আলোচনাৰ সময়ত তেওঁলোকৰ গ্রুপে অসমৰ আন্তঃগাঁথনি, শক্তি আৰু প্রতিৰক্ষা খণ্ডত সুযোগ অনুসন্ধান কৰাৰ বিষয়ে গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। আমি আনন্দিত যে আমাৰ ৰাজ্যই গ্রুপৰ সম্প্রসাৰণৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণভাৱে স্থান পাবলৈ সক্ষম হৈছে।”
মুম্বাইত এক উচ্চ পৰ্যায়ৰ ৰোড শ্ব’ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ লৈ ৰাজ্যৰ বিনিয়োগ নীতিৰ বিষয়ে আলোচনা কৰে আৰু এডভাণ্টেজ আছামলৈ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনায়। ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ জি এছ ডি পি দুগুণ বৃদ্ধি কৰি ১৪৩ বিলিয়ন ডলাৰলৈ নিয়াৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু আছিয়ান, ছাৰ্ক ৰাষ্ট্ৰৰ সৈতে আন্তঃসীমান্ত ব্যৱসায় উন্নীত কৰাৰ কথা চিন্তা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। যাৰ জৰিয়তে ৰাজ্যখনে অৰ্থনৈতিক দিশত অগ্ৰগতি লাভ কৰিব বুলি তেখেতে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “মুম্বাইত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ৰ প্রচাৰমূলক ৰোড শ্ব’ত অসমক ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে ২৫,০০০ কোটি টকাৰ পি এল আই পুঁজি আৰু প্রস্তাৱিত অনুকূলিত উদগনিৰে উদ্যোগসমূহক আদৰণি জনোৱাৰ আমাৰ চৰকাৰৰ দৃষ্টিভংগীক উপস্থাপন কৰোঁ।”
