দুটা দশকৰ অপেক্ষাৰ অন্তত ৰাজ্যবাসীয়ে লাভ কৰিলে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নামেৰে নামকৰণ কৰা এখন কলাক্ষেত্ৰ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যোগ্য উত্তৰাধিকাৰী শ্ৰীশ্ৰী মাধৱদেৱৰ নামত উৎসৰ্গা কৰা এই কলাক্ষেত্ৰৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷
উল্লেখ্য যে নাৰায়ণপুৰৰ লেটেকুপুখুৰী হৈছে অসমৰ ১২গৰাকী ধৰ্মগুৰুৰ ওপজাস্থান৷ শ্ৰীশ্ৰী মাধৱদেৱৰ কালত এই নাৰায়ণপুৰ আছিল বৈষ্ণৱ সংস্কৃতিৰ অন্যতম কেন্দ্ৰ৷
নাৰায়ণপুৰৰ বদলা পদ্ম আতা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন বৰুৱা বৰবায়নে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ‘একশৰণ নামধৰ্ম’ আৰু অসমৰ সাহিত্য-সংস্কৃতিলৈ মহাপুৰুষ মাধৱদেৱৰ অৱদান অতুলনীয় যদিও তেৰাৰ কৰ্মৰাজিৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত পূৰ্বৰ ৰাজনৈতিক ব্যৱস্থাত সবল পদক্ষেপ গ্ৰহণ কৰা নহ’ল৷ তেখেতে কয়, “নাৰায়ণপুৰৰ ৰাইজে মাধৱদেৱ কলাক্ষেত্ৰ দাবী সমিতি গঠন কৰি ২০০২ চনতে এই কলাক্ষেত্ৰ স্থাপনৰ বাবে অসম চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছিল৷ আজি যি স্থানত মাধৱদেৱ কলাক্ষেত্ৰ স্থাপন হৈছে এই ৪৪ বিঘা ভূমি ২০০৭ বৰ্ষতে আমাৰ সত্ৰাধিকাৰ বৈকুণ্ঠী শ্ৰীকান্ত গোস্বামীয়ে দান কৰিছিল৷ ২০২০ চনত তেখেতৰ বৈকুণ্ঠ-প্ৰয়াণ হয়৷”
শ্ৰীশ্ৰী মাধৱদেৱৰ শিষ্য শ্ৰীশ্ৰী বদলা পদ্ম আতাই ১৬৩৬ চনত শ্ৰীশ্ৰী বদলা পদ্ম আতা সত্ৰ স্থাপন কৰিছিল৷
নাৰায়ণপুৰৰ এগৰাকী বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন ভূঞাই(৮৭) এই পদক্ষেপৰ প্ৰশংসা কৰি কয়, “এয়া অসম চৰকাৰৰ এক সুন্দৰ পদক্ষেপ৷ মহাপুৰুষ মাধৱদেৱৰ আদৰ্শ আৰু অৱদানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত এয়া এক উল্লেখযোগ্য প্ৰচেষ্টা৷” তেখেতে লগতে কয়, “অসম চৰকাৰৰ এনে পদক্ষেপে সত্ৰ সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷”
বৰ্তমানৰ চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰণ উদযাপনৰ মুহূৰ্তত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰাৰ লগতে জিলাখনত আন বহুকেইটা প্ৰকল্পৰ ‘উদ্বোধন আৰু আধাৰশিলা’ স্থাপন কৰে৷
কলাক্ষেত্ৰখন উদ্বোধন কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে চৌহদটোৰ সৈতে সংলগ্ন সুবিধাসমূহ পৰিদৰ্শন কৰে আৰু অসমৰ জনসাধাৰণৰ কল্যাণৰ বাবে কলাক্ষেত্ৰৰ নামঘৰত সেৱা লয়৷ তেওঁ কলাক্ষেত্ৰ চৌহদত এটি বৰ্হম্থুৰিৰ পুলি ৰোপণ কৰাৰ লগতে এটা পুখুৰীত মাছৰ পোনা মেলে৷
ভাৰতত বৈষ্ণৱ ধৰ্মৰ পুৰণি ইতিহাসৰ বিষয়ে উল্লেখ কৰি ড॰ শৰ্মাই কয় যে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ ভেটি সুদৃঢ় কৰি তুলিবলৈ সহায় কৰা তেৰাৰ শিষ্যসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ হৈছে গুৰিধৰোঁতা৷ তেওঁ লগতে উল্লেখ কৰে যে গুৰু দুজনাৰ ভক্তি আন্দোলনে সেই কালৰ আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক আৰু বৌদ্ধিক জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু এয়া অসমৰ ইতিহাসৰ এক যুগান্তকাৰী পৰিঘটনা৷
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ হাজৰিকাই (৬৩) সকলোৰে অপেক্ষাৰ অন্ত পৰা বুলি উল্লেখ কৰি কয়, “মাধৱদেৱ কলাক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ আমি ইয়াৰ বাবে ২১ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল৷ নাৰায়ণপুৰক বৰনাৰায়ণপুৰ বুলিও জনা যায় কাৰণ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা ১২গৰাকীকৈ আতাৰ আৱিৰ্ভাৱ এই বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলতেই হৈছে৷ এই কলাক্ষেত্ৰখনে অনাগত দিনত আমাৰ এই অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱন আৰু দৰ্শনক প্ৰতিফলিত কৰিব পৰা এক শব্দ আৰু পোহৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব৷ তেওঁ লগতে কয় যে শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম মুকলি কৰে৷ এই বিশ্ববিদ্যালয়খন মুঠ ৬০ কোটি টকা ব্যয়সাপেক্ষে ৫৫ বিঘা ভূমিত স্থাপন কৰা হ’ব৷ ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে দুটা পৰ্যায়ত মুঠ ১৫০ কোটি টকা ব্যয় কৰিব৷
নাৰায়ণপুৰৰ সাউদকুচিৰ পূৰ্ণানন্দ ভূঞাই (৭৪) শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ মহান কৰ্মৰাজিৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ বাবে এনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাৰ শলাগ লয়৷ ভূঞাই কয়, “নতুন কলাক্ষেত্ৰভাগিয়ে অসমৰ একশৰণ নামধৰ্ম আৰু সংস্কৃতিলৈ মাধৱদেৱৰ অৱদানৰ বিষয়ে অধ্যয়ন কৰিবলৈ সহায় কৰিব৷”
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, সাংসদ পল্লৱ লোচন দাস আৰু নাৰায়ণপুৰৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাও উপস্থিত থাকে৷