সংস্কৃতি, পৰম্পৰা, বিশ্বাস আৰু মূল্যবোধৰ সংগম আৰু বৈচিত্ৰ্যৰ সমাহাৰে আমাৰ এই চিৰসুন্দৰ দেশখনিক এক হৈ থকাৰ শকতি প্ৰদান কৰিছে। শতিকাজুৰি সাৰ্বজনীন হৈ থকা “বৈচিত্ৰ্যৰ মাজত ঐক্য” বাণীৰে আমাৰ অন্যতম প্ৰধান প্ৰেৰণা হৈছে দেশবাসীৰ সহযোগিতামূলক চিন্তাধাৰা।
সহযোগিতাক সাৰথি কৰি এখন ৰাষ্ট্ৰ হিচাপে ভাৰতে সদায় কোনো গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰাৰ দিশত সফল হৈছে। ভাৰতত সহযোগিতাৰ আনুষ্ঠানিক ইতিহাস এশ বছৰৰো অধিক পুৰণি। ঊনবিংশ শতিকাৰ শেষ চতুৰ্থাংশত ভাৰতীয় কৃষকসকলৰ সমস্যা সমাধানৰ লক্ষ্যৰে সমবায় আন্দোলনৰ আৰম্ভ হৈছিল। দেশৰ অধিকাংশ লোকেই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু কঠোৰ ভূমি ৰাজহ ব্যৱস্থা আৰু বৰষুণৰ অনিশ্চয়তাৰ বাবে কৃষকসকল বিত্তীয় সহায়ৰ বাবে ধন ধাৰে দিয়াসকলৰ কাষ চাপিছিল। মহাজনৰ পৰা অপমানৰ বাবে কৃষকসকলক কৃষি ঋণৰ বাবে এক বিকল্প সংস্থাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু ফলত ১৯০৪ চনত গৃহীত হয় সমবায় সমিতি আইন। পাছলৈ ১৯১২ চনত এই আইনখনৰপৰা কিছুমান ত্ৰুটি আঁতৰ কৰি সমবায় সমিতি আইন প্ৰণয়ন কৰা হয় আৰু অ-ঋণ সমবায় সমিতিসমূহকো ইয়াৰ পৰিধিৰ অধীনত সামৰি লোৱাৰ পথ প্ৰশস্ত কৰে।
স্বাধীনতাৰ পাছত সমবায়সমূহৰ বিকাশৰ গতি দ্ৰুত হৈ পৰে। বেংকিং, কৃষি আৰু গৃহনিৰ্মাণৰ দৰে খণ্ডবোৰো এই সমবায় ব্যৱস্থাৰ অধীনত বিকশিত হৈছিল। এই ব্যৱস্থাই সদস্যসকলক পৰিচালনাৰ ক্ষেত্ৰত স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানৰ মালিকীস্বত্ব ভাগ-বাটোৱাৰা কৰাৰ সুযোগ প্ৰদান কৰে। অৱশ্যে সমবায়সমূহ ভাৰতীয় সংবিধানত ৰাজ্যিক বিষয়ৰ অধীনত থকাৰ বাবে সমবায় আইন আৰু ইয়াৰ কাৰ্যকৰীকৰণ ৰাজ্যভেদে যথেষ্ট পৃথক হয়।
২০২১ চনৰ জুলাই মাহত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে ভাৰত চৰকাৰৰ অধীনত কেন্দ্ৰীয় সমবায় মন্ত্ৰ্যালয় গঠনৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহে মোদী চৰকাৰৰ “সহকাৰ সে সমৃদ্ধি”ৰ (সহযোগিতাৰে সমৃদ্ধি)ৰ সংকল্পক বাস্তৱায়িত কৰাৰ বাবে বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰে। মন্ত্ৰ্যালয়ে দেশত সমবায় আন্দোলনক শক্তিশালী ৰূপ প্ৰদান কৰাৰ বাবে এক পৃথক প্ৰশাসনিক, আইনী আৰু নীতিগত পৰিকাঠামোৰ নিৰ্মাণ কৰে। ই তৃণমূল পৰ্যায়ত সমবায়সমূহক শক্তিশালী কৰাৰ লগতে সমবায়সমূহক ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ বাবে প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰাৰ দিশত অৰিহণা যোগাইছে আৰু বহুৰাজ্যিক সমবায় (এমএছচিএছ)ৰ বিকাশ সম্ভৱ কৰি তুলিছে।
সমবায় মন্ত্ৰ্যালয়ৰ প্ৰৱৰ্তনৰ লগে লগে গ্ৰাম্য ভাৰতৰ পৰিৱৰ্তন দ্ৰুত গতিত সম্ভৱ হৈ উঠিছে। গ্ৰাম্য অৰ্থনীতিৰ হৃদস্পন্দনস্বৰূপ প্ৰাথমিক কৃষি ঋণ সমিতিসমূহ (পিএচি) কম্পিউটাৰ সক্ষম কৰি তোলা হৈছে আৰু স্বাস্থ্য, সাৰ, ইন্ধন, ৰপ্তানি, জৈৱিক আদিৰ দৰে বিভিন্ন দিশত তেওঁলোকৰ ব্যৱসায়িক কাৰ্যকলাপবোৰ বৈচিত্ৰ্যময় কৰি তোলা হৈছে। যাৰ ফলত অপাৰেশ্যন ক্ষেত্ৰৰ সদস্য আৰু আৱাসীসকলে পিএচি-ৰ সহযোগত পছন্দৰ খণ্ডসমূহত প্ৰৱেশ কৰাৰ পৰ্যাপ্ত সুযোগ লাভ কৰিছে।
অৰ্থনীতিৰ প্ৰায় সকলো খণ্ড আৰু উপ-খণ্ড সামৰি অসমৰ ৩৩খন জিলাত ১০,০০০তকৈও অধিক সমবায় সমিতি আছে। বিভিন্ন উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ বাবে এই সমিতিসমূহত চাকৰি সৃষ্টি আৰু নিযুক্তিৰ সম্ভাৱনা আছে। দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত অসম এখন আত্মনিৰ্ভৰ ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে আৰু অসমত শেহতীয়াকৈ হোৱা শ্বেত বিপ্লৱৰ সফলতাৰ কৰ্তৃত্ব এই সমবায় সমিতিসমূহক প্ৰদান কৰিব পাৰি। পশ্চিম অসম গাখীৰ উৎপাদক সমবায় সংঘ লিমিটেড (পূৰবী) আৰু সীতাজখলা দুগ্ধ উৎপাদক সমাবায় সমিতি লিমিটেডৰ দৰে সমিতিসমূহ এইক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে।
কেন্দ্ৰীয় আৰু ৰাজ্যিক জীৱিকা অভিযানৰ নিৰ্দেশনাত আত্ম-সহায়ক গোটৰে গঠিত এলেকা পৰ্যায়ৰ ফেডাৰেশ্যনৰ অধীনত কেইবাখনো মহিলা সমবায় সমিতি অসমত কাৰ্যক্ষম হৈ আছে। এই সমিতিসমূহ হৈছে ৰাজ্যখনৰ মহিলা আত্মনিৰ্ভৰশীলতা আৰু সবলীকৰণৰ প্ৰতীক। অতিমাৰীৰ সময়ত ঘৰত নিৰ্মাণ কৰা মাস্কৰ চাহিদা পূৰণত তেওঁলোকৰ অৱদান আছিল উল্লেখনীয়। এই প্ৰতিষ্ঠানসমূহলৈ মাইক্ৰ’ক্ৰেডিট উপলব্ধ হোৱাৰ ফলত মহিলাসকলে খাদ্য সামগ্ৰী, পশুপালন, হস্ততাঁত আৰু হস্তশিল্প, মৃৎশিল্প আদিৰ দৰে বিভিন্ন কাৰ্যকলাপত সক্ৰিয় হোৱাৰ সুযোগ লাভ কৰিছে। মীন পালন, পশু পালন, শ্ৰমিক আৰু ঠিকা, পৰিবহণ, এফএমচিজি আদিৰ অন্যান্য খণ্ডসমূহতো সমবায় সমিতিসমূহৰ উপস্থিতি দেখা পোৱা গৈছে।
২০১৮ চনলৈকে দেশৰ ৭৩৯খন জিলাত ৮.৫৪ লাখ সমবায় সমিতি আছিল। কেৱল মহাৰাষ্ট্ৰতে এই সংখ্যা আছিল ২ লাখৰো অধিক অৰ্থাৎ প্ৰায় ২৫%। ইয়াৰ পাছত স্থান লাভ কৰিছিল ক্ৰমে গুজৰাট (৭৭,০০০খন সমিতি), অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটক। উল্লেখ্য যে এই ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত ইয়াৰ ঐতিহাসিক প্ৰতিফলন দেখা পোৱা যায়। সমবায়সমূহে জনসাধাৰণৰ বাবে এক সুন্দৰ আৰু সন্মানীয় জীৱিকা অৰ্জনৰ পথ প্ৰশস্ত কৰে আৰু নিজৰ প্ৰতিষ্ঠানটোৰ লগতে সমাজৰ সমৃদ্ধিত বৃহৎ অৰিহণা যোগাইছে।
ক’ভিড ১৯-ৰ পাছত ভাৰতত অৰ্থনৈতিক বৃদ্ধিৰ মন্ত্ৰ হৈছে ‘আত্মনিৰ্ভৰ’ আৰু ‘আত্মবিশ্বাস’। সমবায় খণ্ডক শক্তিশালী কৰাৰ পৰিকল্পনাৰ অসমৰ অৰ্থনৈতিক ভৱিষ্যৎ সুদৃঢ়। অৱশ্যে এই দিশত অগ্ৰসৰ হ’বলৈ বিদ্যমান আন্তঃগাঁথনিৰ উন্নীতকৰণৰ লগতে নতুন আন্তঃগাঁথনি সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে। সমবায়সমূহে সমূহীয়া সম্পদ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু উৎপাদনশীল ভূমিকা পালন কৰিব পাৰে। বৰ্তমান স্থানীয় সামগ্ৰী আৰু সেৱাৰ প্ৰচাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰ্থিকভাৱে পিছপৰা লোকসকলৰ সীমিত মূলধন আৰু পুঁজি একত্ৰিত কৰি স্থানীয়ভাৱে উপলব্ধ সম্পদ আৰু সেৱাৰ ব্যৱসায়ৰ জৰিয়তে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন কৰিবলৈ আইনী পৰিকাঠামোৰ অধীনত সমবায় সমিতিৰ বাহিৰে আন কোনো সংগঠন স্থাপন কৰিব নোৱৰাটো নিশ্চিত কৰাৰ সময় আহি পৰিছে। শক্তিশালী সমবায় হৈছে এক শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ সপোন বাস্তৱ কৰি তোলাৰ প্ৰকৃত পথ।
(লেখক অসম চৰকাৰৰ সমবায় আৰু অন্যান্য বিভাগৰ মন্ত্ৰী)